সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা।

নমস্কাৰ পটলক শুনা কৰ্ণ দিয়া।
যি মতে কৰয় নমস্কাৰ শুদ্ধ হিয়া॥
গুৰু পদে নমস্কাৰ সদায়ে কৰয়।
সেৱায়ে পটল বুলি জানিবা নিশ্চয়॥
জীৱক নিন্দয় পৰমাত্মা রূপ ধৰি।
কৃষ্ণক নভজি মৰে আত্মাঘাত কৰি॥
নিন্দা শুনি জীৱৰ যে আত্মা বোধ হয়।
আক নিন্দা বলি যেন মহন্তে কহয়॥
পাৰ্থনা পটল আবে শুনা আতপৰে।
গুৰু পাৱে পড়ি যিটো সদা সেৱা কৰে॥
যিটো মহা জ্ঞানী গুৰু চৰণতে পাৰ্থে।
পাৰ্থনা পটল জানা এহি মান অৰ্থে॥
আশ্চৰ্য্য মহিমা দেখা হৰিৰ নামৰ।
দেখিয়ো মহিমা দেৱ গুৰু ভকতৰ॥
আবে আত্মা নিন্দাৰ যে শুনিবা পটল।
মায়াবদ্ধ হুয়া জীৱে ভুঞ্জে পাপ ফল॥
বিষয়ৰ সুখে যত্ন কৰে নিৰন্তৰ।
স্বৰূপক এৰে জীৱ অনৰ্থ নকৰ॥
মায়া-মোহ-জালে পৰি মিছাতে মৰস।
কৃষ্ণৰ চৰণ সদা কিয় নিচিন্তস॥
লয়ো কথা ইটো আবে নিন্দা পটলৰ৷
এহি বুলি জীৱক নিন্দয় নিৰন্তৰ॥