সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ৰাম-মালিকা।

বধু ভৈলে হিম ৰূপে স্বামিক সেবয়।
ভকত জনৰ হৰি বধু বুলি কয়॥
গুৰু ভৈলা পাৰিজাত শিক্ষা তাৰ ফল।
ভকত ভ্ৰমৰা মধু ৰসিক সকল॥
সঞ্চৰে যাহাৰ ঘোড়া আকাশৰ পথে।
জিনিলন্ত জম্বুদ্বীপ ৰাজা একেৰথে॥
মহা ধৰ্ম্মশীল ৰাজা পৰম মহন্ত।
ৰথ খান শুনা তাৰ যি আসি ভৈলন্ত॥
দেহত ইন্দ্ৰিয়গণ যতেক আছয়।
ই সবকে ৰথ কৰি বুলিয়া কহয়॥
নাৰী সব ভৈলা সিটো ৰথৰ জুঁৱলী।
মনকে চাবুক কৰিলন্ত মহা বলী॥
আপোনাৰ মনগোট ভৈল ৰথ ধ্বজ।
প্ৰবটিলা সাতো দ্বীপ যেন মত্ত গজ॥
পৰীক্ষিত নাম তাৰ তৈলা যিবা হেতু।
বৈকুণ্ঠৰ খসাইলন্ত গৰুডৰ কেতু॥
পৰোক্ষ নাম পৰ্শেদ বৈকুণ্ঠ আছিল।
ধৰ্ম্মক ৰাখিবে মানিগ্নিয়ে পঠাই দিল॥
কলিত নিগ্ৰহি তাতে ৰাখিলন্ত ধৰ্ম্ম।
কি কহিবো তান মহা বিপৰীত কৰ্ম্ম॥
পৰিক্ষীয়া কলিত দেখিয়া মহা গুন।
প্ৰশংসে কলিক সাধ দেখি মহা পুণ্য॥