পৃষ্ঠা:ৰাম-মালিকা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ৰাম-মালিকা।

নাম কীৰ্ত্তন শুনি হোৱয় আনন্দ।
গুৰু সেউৱা ভৈলে সুখ মিলে ব্ৰহ্মানন্দ॥
মুখ্যৰ পদক আবে দেঁও তাক নিয়া।
ইসব কথাৰ অৰ্থ কৈলো বিভাগীয়া॥
শুনা সভা-সদ ভাগৱত কথা সাৰ।
শঙ্কৰে ৰচিলা ৰাম-মালিকা পয়াৰ॥
ভাগৱত পুৰান ভাৰত টিকা যত।
সাৰক আনিয়া সবে কৰিলো বেকত॥
আৰু যিটো জনে পড়ে শুনে শুনাৱয়।
মহা গুপ্য কবি আক লিখিয়া ৰাখয়॥
কি কহিবো মই আবে তাহাৰ মহিমা।
আক মনে ধৰি পায় সংসাৰৰ সীমা॥
গুরুদেৱ নাম ভক্ত শিৰগত কৰি।
ফুৰিয়ো সদাই কৃষ্ণ নাম মুখে ধৰি॥
পুত্ৰ পত্নী বিষয়ত সদা আসকতি।
কৃষ্ণৰ চৰণে মোৰ নভৈল ভকতি॥
হে প্ৰাণ বন্ধু কৃষ্ণ কৰো নমস্কাৰ।
দীন অনাথক বাপ কৰিয়ো উদ্ধাৰ॥
কৃপা কৰা কৃপাময় তুমি দায়া নিধি।
কৰিয়োক সবে মনোৰথ মোৰ সিধি॥
হেন জানি নৰলোক এৰা আন কাম।
কৃষ্ণৰ কিঙ্কৰে কহে বোলা ৰাম ৰাম॥