কাম ক্ৰোধ জিনি হুইব নিৰ্ম্মশ্বৰ।
কোপ ছয় এৰি সেউৱা কৰিবে কৃষ্ণৰ॥
কৰ্ম্মমল চিন্দে আৰু আছে যত যত।
কপটিক বুদ্ধি ছয় গুছিবে সমস্ত॥
কাটিবেক গুৰু শিক্ষা অস্ত্ৰে সমস্তক।
দহিবেক জানা তেবে কালি পাপীষ্ঠক॥
এই দশ প্ৰকাৰে কালিক জিনা যাই।
মজলয় মন তেৰে গুৰু সেউৱা পাই॥
নাগ পুত্ৰ প্ৰায় সংসাৰৰ জীৱ যত।
ইন্দ্ৰিয় সকল কালি ফনা বুলি তাত॥
বিষময় হ্ৰদ সিটো ভাল নিৰন্তৰ।
অজন্মৰ বাটনাৱে জল পটন্তৰ॥
চৌবিশ তত্ব গোপ গৰু বুলিয়া কহিল।
বিষয় বাসনা জল ভুঞ্জিয়া মৰিল॥
জীৱ সব নাশ ভৈল সেহি পানি খাই।
জীয়াইলন্ত গুৰু নামে অমৃত পীয়াই॥
আৰু বনাগ্নিক কৃষ্ণে কৰিলন্ত পান।
তাৰ কথা কহো আবে শুনা যেন থান॥
ইটো তিনি তাপ সংসাবেৰ মহা বহ্নি।
সেহি দুখে পরিয়তে মৰে সবে প্ৰাণী॥
সেহি অগ্নি পান কৰি গুৰুদেৱ হৰি।
ইন্দ্ৰি গোপ গোপী দেহে আছয় আবৰি॥
কৃষ্ণ গুৰু বণাগ্নিৰ তৈল তাপ ছয়।
ভকতৰ তাপ সব কৰিলন্ত ক্ষয়॥
বাসনা অগ্নিক মনে গুৰুক ভজিয়ো।
বিষয়ক তেজি মায়া জাৰিক চিন্তিয়ো॥
পৃষ্ঠা:ৰাম-মালিকা.djvu/১০১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
ৰাম-মালিকা ৷