পৃষ্ঠা:ৰাম-মালিকা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
রাম-মালিকা।


নিজ ভকতৰ পদ ৰজ আতিশয়।
আক পদ বুলি জানা মহাজনে কয়॥
নিবিড় কৰিয়া চিত যিটো পদ গাৱে।
মহা দুখ শোক এৰি মুখ্য পদ পাৱে॥
কৃষ্ণৰ দুগুটি বাহু মহা ৰুচি কৰ।
দুলৰী পটল ভৈল জানা নিৰন্তৰ॥
চৈতন্য গুৰুৰ শক্তি জানা সিটো হয়।
সেহি গুণে ছবি ভৈলা শুনা আতিশয়॥
মহা কাল চক্ৰে যেন লোক সংহৰয়।
নিজ ভকতৰ ধূলা চক্ৰ যেন নয়॥
সেহি ভকতৰ ধূলা ঝুমুৰী পটল।
তাক মাথে লৈলে লোক হোৱয় নিৰ্ম্মল॥
শৰণ লৈলে সে পাপী সবে হোৱে শূনা।
এহিসে কাৰণে আক বুলি কয় ঝুনা॥
পাঞ্চয় নিৰ্ণয় কৈলো শুনিয়ো সম্প্ৰতি৷
পাঞ্চো পাঞ্চ প্ৰকাৰে সাধয় মহাগতি
ইসব নিৰ্ণয় আবে এহি মানে থওঁ।
শুনা সমাজিক জন এক কথা কওঁ॥
শুনিয়ো মাধৱ মোৰ কথা আবে তুমি।
ঘোষা কৰিবাক আজ্ঞা দিলো আবে আমি।
যিটো অৰ্থ সব শাস্ত্ৰে আছে গুৰুতৰ।
বেদ শিৰু ৰত্ন মন্ত্ৰ উপনিষদৰ॥