সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা৷

নিন্দা শুনি গুৰুক ভজয় কৰি খেদ।
তেৱে জীৱ হুৱে শুদ্ধ দিলো পৰিছেদ॥
যাত হতে লোক হয় আত্মা পৰিচয়।
আমাক জানিলে তেবে হোৱয় নিৰ্ভয়॥

⸺⸺

আত্মা উপদেশ

উপদেশ আত্ম বোধ গুৰুত লভয়।
গুৰু উপদেশে সে কৃষ্ণক পাৱয়॥
সুদৃঢ় বিশ্বাসে গুৰু ভজা সৰ্ব্বক্ষণ।
তেবেসে বাঢ়িব ভক্তি কৃষ্ণৰ চৰণ॥

⸻⸻

বস্তু প্ৰকাশ।

 বস্তু প্ৰকাশক আবে শুনা যেন নয়।
 গুৰু পদ প্ৰসাদেসে বস্তুক লভয়॥
 হৰি ভক্তি মহাৰত্ন যিটো হিৰা বিত।
 গুৰু কৃপাতেসে পাৱে কিন্তু বিপৰীত॥
প্ৰশংসা—জগতৰ আদি মুল যিটো কৃষ্ণ দেৱ।
 প্ৰশংসে যিজনে তাঙ্ক সম নাহি কেৱ॥
 পৰম ভৃতজ্ঞ কৃষ্ণ প্ৰভো ভগৱন্ত।
 তান গুণলীলা যিটো জনে প্ৰশংসন্ত॥