পৃষ্ঠা:ৰাম-মালিকা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ৰাম-মালিকা।

আপোনাৰ সঙ্গী যত সমস্ত সমাজ।
ইসবৰ কথা আবে কহিবোহো কাজ॥
বুধজান যাক বলে শুনিয়ো আশয়।
বুধমতে মাত্ৰ সিটো সদা প্ৰবৰ্ত্তয়॥
তাৰ কোন ভাগ্যেদযে পাইলে গুৰু লাগ।
কোন বা জন্মৰ তাৰ আছে মহাভাগ॥
মহাজ্ঞান বোধ যদি দেই গুৰুজনে।
তথাপিতো ভাল তাৰ নমনায় মনে॥
তাক কৃপা কৰি তেভো দেই সদবুদ্ধি।
গুৰুৰ শুদৃষ্টি ভৈলে হোৱে তাৰ শুদ্ধি॥
অনাদি জন্মৰ তাৰ পাপ কৰি নাশ।
তেবে গুৰু ধৰ্ম্মে হৃদযত কৰে বাস॥
গুৰুৰ কৃপাত মহা বোধে লৱে লাগ।
বুধজন তাৰ নাম কৈলো মহাভাগ॥
মহাজ্ঞানে পাইলে তাৰ গুছয় দুৰ্ব্বুদ্ধি।
পাপৰ বাসনা এৰি চিত হোৱে শুদ্ধি॥
মহাধীৰ বুদ্ধি সন্তে বোলে ভকতক।
যাতো সদজ্ঞান দেই সমস্ত লোকক॥
বৈধ বুদ্ধি যত তাৰ সবে দূৰ গৈল।
গুৰুশিক্ষা অস্ত্ৰ পায় মত্ত সিংহ ভৈল॥
গুরু পদ প্ৰসাদে তৰয় মোহ মায়া।
উৰ্দ্ধবাহু লুয়া পাছে ফুৰে নাম গায়া॥