পৃষ্ঠা:ৰাম-মালিকা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
ৰাম-মালিকা৷

কৰিলা অনেক তুতি পৰি দণ্ডৱতে।
হেনয় কাকুতি তাৰ শুনি মনিমন্তে॥
লক্ষ্মীক বোল তয় কি কাম কৰিলি।
অনাদোষে ভকতক কিসক সাপিলি॥
মনিমন্তে বোলে তোক দেঁৱো সুপন্থ।
যিটো ভাগৱত নাৰায়ণে কহিবন্ত॥
শুক হেন নাম মোৰ হৈবে জগতত।
মহা ভাগৱত গ্ৰন্থ লভিবো ব্যাসত॥
তই জন্মি বিহি যাই পাণ্ডৱৰ ঘৰে।
গৰ্ভতে ৰাখিবে গদা ধৰি দামোদৰে॥
মহাপুৰুষক তৈতে পাবি দৰশন।
ভাগৱত প্ৰচাৰিতে মোৰ আছে মন॥
কৃষ্ণ পৰশনে তোৰ হৈবে সৰ্ব্ব সিদ্ধি।
ভাগৱত সাগৰত পাইবি নব নিধি॥
হুইবে পৰিক্ষীত নাম পৃথিবীৰ পতি।
দশোদিশে ব্যাপিবেক তোহোৰ ভকতি॥
তোৰ মোৰ সম্বাদত হিত হুইবে বৰ।
তাক শুনি লোকৰ গুছিবে কৰ্ম্ম জৰ॥
পাৰি বৈকুণ্ঠক সিদ্ধি হৈবে তোৰ কাম।
তোৰ মোৰ চৰিত্ৰক গাইবে কৰি নাম॥
এহি বুলি পৰোক্ষক মৌন হুয়া ৰৈল ৷
মনি মাধৱৰ কথা এহি মানে গৈল॥