সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ৰাম-মালিকা ৷

অনেক দিনৰ ক্ষুধা  পেতত মগনি জলে,
 কামোৰ দিলেক গল মাজ॥
সবংশকে খাইলে খেদি  কৈলোকো বৃত্তান্ত তাৰ
 গৰ্ত্ত পশি যত পাইল মানে।
সৰ্পৰ মুশৰ যত,  কহিলোহো কথা ইটো,
 দেহতে দেখিয়ো বিদ্যমানে॥
ভকতেসে ফেটিজান,  ভৈলা বেদে আবৰণ,
 আগমে ভৈলেক ৰজু গাছ।
মহা ধৰ্ম্ম গোমময়  আমি জানা মুশ প্ৰাই,
 ইটো কথা কৈলো সাঞ্ছে সাঞ্ছ॥
শক্তি তাৰ দন্তগণ,  ফেটি কাটি কৈলা চন্ন,
 গোম ধৰ্ম্ম ভৈলেক উদাস।
সেহি গোমে লাগ পাই,  তেজ মাংস চুসি খাই,
 শুদ্ধ সত্ব ৰৈল মোৰ বাস॥
যিবা হেতু ভক্ত পেৰা,  শুনা কহো তাৰ উৰা,
 আনে ৰাখিবাকন পাৰন্ত।
শিব ভক্ত মহাবৰ,  তেন্তে জানা পেৰা দৃঢ়,
 হৰি হৰি অভেদ দুই হন্ত॥
ভকতৰ ইন্দ্ৰিগণ,  খাই সবে কৰে চন্ন,
 হৰি ভক্তি গোম মহা চণ্ড।
যত দুষ্ট দুরাশয়,  পাষণ্ড সকল ছদ্ম,
 মৰ্দ্দি তাক কৰিলন্ত দণ্ড॥