পৃষ্ঠা:ৰাম-মালিকা.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ৰাম-মালিকা।

বিন্ধাৱলী দৃষ্টান্ত সকলো মাধৱত।
সেহি প্ৰেম জল জানা কহিলো সাম্প্ৰত॥
ইটো তৈলা বন্তিক মাধৱ তুমি দিবা।।
অজ্ঞান আন্ধাৰ যত লোকৰ খণ্ডিবা॥
ভক্তি কুশ লৈয়া চক্ষু ঘুষিবা বিপ্ৰৰ।
ধৰ্ম্মকে বুলিবা কুশ দিলো পটন্তৰ॥
সিটো নাগ পাশৰ কথাক শুনিয়োক।
প্ৰেম ভক্তি বুলি তাকে সভাসদ লোক॥
ভকতৰ বশ্য যিটো প্ৰভো ভগৱন্ত।
সেহি প্ৰেম জৰিযে যশোদা বান্ধিলন্ত॥
বিন্ধ্যাৱলী বামুনক কৰিলন্ত তুতি।
ভৈলোহো তুষ্ট মই তোহাৰ ভকতি॥
শুনা তোক বোলো আবে তোক বিন্ধ্যাৱলী।
স্বামী ভাৰ্য্যা দুয়ো হেৰা মুখ্যক চলিলি॥
বলিৰ হুইবেক আবে দ্ৰোণ বসু নাম।
তান ভাৰ্য্যা ধাৰা হৈবে অতি অনুপাম॥
সুতলত নিজৰূপে প্ৰজাক পালিবি।
দুইৰো অংশ শক্তি গৈয়া তহিত জন্মিবি॥
তপে তুষ্ট হৈয়া ৰাজা দুইকো দিবা বৰ।
তৈৰ পৰা গকুলক আসিবা সত্বৰ॥
বসু নাম গুছি পাছে হুইবে নাম নন্দ।
বৈকুণ্ঠ সম্পদ বৰ লভিব আনন্দ॥