পৃষ্ঠা:ৰাম-মালিকা.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
ৰাম-মালিকা ৷

কৃষ্ণৰ চৰণ,  চিন্তিয়া সদাযে,
 ধৰিয়ো হৃদয় মাজ।
দিনে দিনে দেখা,  ডুবিয়া আসিল,
 আৰো চিন্ত আনকাজ॥
বাল্মীকি দুৰ্ঘোৰ,  আছিলন্ত চোৰ,
 পাতকী দ্বিজ অধম।
হেনয় পাপীয়ো   তৰিলেক দেখা,
 নাই পাপী যাক সম॥
হেন প্ৰাণবন্ধু,   মাধৱৰ নাম,
 কেনে হেনকৰা জানি।
পৰম বান্ধৱ,   সবাৰো ঈশ্বৰ,
 ভজাদেৱ চক্ৰপানি॥
ভকত গুৰুক,   কৰা কৰ্ণধাৰ,
 কৃষ্ণপদ মহানাৱ।
ধৰা দৃঢ় কৰি   একচিত্তে ধৰি,
 জানিয়া নামক গাৱ॥
প্ৰভো হেন কৰা,   আপোনা নিস্তৰা,
 এৰা সবে আল জাল।
বিষয়ৰ আশা,   দূৰ কৰি সবে,
 হেৰা আসি পাইলে কাল॥
হেন জানি আন,   কৰিয়া যতন,
 এৰা ভাষ ভুষ কাম৷
কৃষ্ণৰ কিঙ্কৰে,   ৰছিলা শঙ্কৰে,
 ডাকি বোলা ৰাম ৰাম॥