সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ৰাম-মালিকা ৷

দ্বিতীয় অন্বয় আবে শুনা সাধু সবে।
কৃষ্ণ সেৱা কৰা নিতে মোক পাইবা যেবে॥
শিৱক পূজিয়া পিতৃ মোক লভিলেক।
সেহি গ্ৰামে লোক সব আছিল যতেক॥
পুনু ভক্ত সবে তাতে পাৰ্থিলন্ত বৰ।
দুইবাৰ দোৱা নাম ভৈল গুৰুত্তৰ॥
বাসনা সকল সবে কৰিলন্ত ক্ষয়।
শ্ৰৱণ কীৰ্ত্তন কৰি ভক্ত সমস্তয়॥
বৈগুন কুবুদ্ধি সবে লোকৰ গুছন্ত।
এতেকে সে বৰদোৱা বুলিয়া কহন্ত॥
বৈকুণ্ঠৰ শক্তি বৰদোৱা ভৈল আসি।
মহাধৰ্ম্ম শুদ্ধ তাতে কহিলো প্ৰকাশি॥
যেন সূৰ্য্য উদযে চক্ষুৰ দেখে অন্ধ।
তেন মতে লোকৰ ছেদিলো কৰ্ম্ম বন্ধ॥
সেই বাসুদেৱ আসি অৱতাৰ ভৈলো।
অষ্টম নামৰ শুনা অন্বযক কৈলো॥
বাৰ ভাঙ্গি জীৱক অভয় দান দিলো।
ৰাজ মাৰ্গ পথক জীৱক দেখাইলো॥
বাৰে বাৰে পৃথিবীৰ খণ্ডিলোহো ভাৰ।
ইবেলিসে গুৰুৰূপে ভৈলো অৱতাৰ॥
এহি দশ নাম বৰদোৱা ভৈল আসি।
ভাগৱত ধৰ্ম্ম তাতে কহিলো প্ৰকাশি॥