পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰাম-মালিকা।


অধৰ্ম্মৰ গোষ্টি কলি ভৈল পাপ জন্ম।
ব্ৰহ্মৰ পিঠিত যিটো আছিল অধৰ্ম্ম॥
সেই অধৰ্ম্মৰ পুত্ৰ ভৈল ইটো কলি।
গুণ দেখি তাক ৰাখিলন্ত মহা বলি॥
যি কাৰণে ধৰ্ম্ম তাতে বৃষৰূপ ভৈল।
ধনুৰূপ পৃথিবীও যিবা কাৰ্য্যে হৈল॥
সত্যৰূপ ধৰ্ম্ম জাতো তাতে শুক্লবৰ্ণ।
ক্ষমা, দয়া সত্যশৌচ, পদ বিতোপন॥
বৃষৰূপ ধৰি ধৰ্ম্মো লোচক ভাণ্ডিলা।
মহাৰাজা পৰিক্ষীতো দেখিয়া চিনিলা॥
মহা ভাৰ পৃথিবীয়ে সহিবে নপাৰি।
ধনুৰূপ ভৈলা পাছে তৈতে চদ্ম কৰি॥
কাল বৰ্ণ কলিঘোৰ দুৰ্ব্বাৰ শৰীৰ।
গুন দেখি তাহাক ৰাখিলা মহাবীৰ॥
যাক বুলি কলি তাৰ শুনা অভিপ্ৰায়।
পাপকেসে বুলি কলি জানা সমূদাই॥
গুৰু ভৈল ৰাজা গুৰু শিক্ষা খাণ্ডা পাই।
তাক ধৰি ৰাজা তাক কাটিবাক যাই॥
হেন দেখি কলিৰ লাগিল গৰ্ভত্ৰাস।
গুৰু শিক্ষা অস্ত্ৰে মোক কৰিবে বিনাস॥
এক পাপী পুৰুষত লৱৈ গৈয়া ঠাই।
সাধু বৈষ্ণৱক কোনো ভাগ্য বশে পাই॥