পৃষ্ঠা:ৰাম-মালিকা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ৰাম-মালিকা।

অমৃত তোধীতি ইটো কথা মহা ৰত্ন৷
সাধু সঙ্গ লৈয়া এবে কৰা সবে যত্ন॥
দুৰ্ঘ্যোৰ কলিত তেবে তৰিবাহা সুখে।
সৎসঙ্গ লভিয়া নাম গাই ফুৰা মুখে।
আত অনন্তৰ আৰ শুনিয়ো সম্প্ৰতি।
দ্বিতীয় কন্ধৰ কথা শুনা একমতি॥
বিশ্বামিত্ৰ পৰাশৰ আদি মনিগণ।
জল বায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন॥
কামিনী জনৰ মুখ পদ্ম সুললিত।
তাক দেখি তাৰা সবো হোৱয় মুহিত।
কোনবা কামিনী কাৰ মনক মোহয়।
বাক বুলি মুনি তাৰ শুনিয়ো আশয়॥
জিতেন্দ্ৰিয় হৰকো কামিনী মুহিলন্ত।
অনন্ত কৃষ্ণৰ মায়া কোনে পাৱে অন্ত॥
ৰাম নাম ভাস্কৰ যে আদি ভক্তগণ।
তেসেম্বো অহিত মুনি শুনা সৰ্ব্বজন॥
বেদ শাস্ত্ৰ তাৰা সবে জানে যত যত।
জল বায়ু পত্ৰ তাক বুলিয়া কহন্ত॥
ভকতৰ কামিনী বুলিয়া গুৰুজন।
মুখ-পদ্ম বুলি কৃষ্ণ চৰিত্ৰ কীৰ্ত্তন॥
ভকতৰ কামনাক গুৰু সে পুৰন্ত।
এতেকে কামিনী জানা গুৰু সে বোলন্ত।