সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
ৰাম-মালিকা ৷

সমস্তে ধৰ্ম্মৰ, ফলক ভূঞ্জিয়া,
 পাইব সুখ একান্তিক ৷
ফল বুলি আক, সবি সৰে কহে,
 শুনা সবে সাৱধানে॥
এহি সমে দশ,  ফল অন্বয়ক,
 শুনিয়ো সবে যতনে॥
কোন বৃন্দাবন,  কৃষ্ণে প্ৰবেশিলা,
 তাক থিৰ মনে শুনা ৷
দেহ বৃন্দাবনে,  পশিলা ভকতি,
 ধৰ্ম্ম কৃষ্ণ মনে গুনা॥
বৈগুনাদি যত,  আছে শৰীৰত,
 ছায়া মনে অনুমানি।
বৈৰ বুদ্ধি এৰি,  কৃষ্ণ পাৱে ভজা ,
 মন কৰি এক জানি॥
বাসনা সকল,  দূৰ কৰিবেক
 এড়িবে মনে কপট।
বিষয়ৰ সুখ,  তৃষ্ণা আদি কৰি,
 ভকতি কৰিবে নষ্ট॥
বিষময় ইটো,  পুত্ৰ ভাৰ্য্যাধন,
 সমস্তকে পৰিহৰি।
বাসুদেৱ কৃষ্ণ, চৰণে শৰণ,
 লৈয়ো মহাযত্ন কৰি॥
বৃন্দাবন ভক্ত,  গুৰু ধৰ্ম্ম হুয়ো,
 যাৰ মনে প্ৰৱেশয়।
বৈকুণ্ঠ সম্পত্তি,  ব্ৰহ্মানন্দ সুখ,
 জানিবা তাৰ মিলয়॥