সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ৰাম-মালিকা।

আত অনন্তৰে শুনা কথা নিৰন্তৰে।
তাক পাছে দৰিশন ভৈল বিদ্যাধৰে॥
দৈত্য বেশ ধৰি পাছে ডৰুবাইল বেৰি।
মহাকোপে চাইলা মুনি সমাধিক এৰি॥
শুন বিদ্যাধৰ তই পৰম দুৰ্জ্জন।
অসুৰ যোনিক গৈ ভুঞ্জা পাপগণ॥
হেন শুনি বিদ্যাধৰে বিনাৱন্ত স্তুতি।
শাপ অন্ত দিয়া বুলি কৰন্ত কাকুতি॥
বলিৰ সভাত গৈ হুইবি মুখ্য দৈত্য।
দেৱৰ নিমিত্তে কৰি বধিবন্ত তৈত॥
মালি সুমালিনী মাল্যৱন্ত নিমিকাল।
সমৰ মাজত তোক মাৰিব গোপাল॥
কংসে কাল নিমি ভৈল চানুৰে সুমনি।
মাপিয়ে তোষল কৃঞ্চে মাৰিলা আম্ফালি॥
অধি মাল্যৱন্ত যিবা তাৰ নাম কেশী।
পঠাইলন্ত নাৰায়ণে যমপুৰে পশি॥
সবাকো বধিয়া কৃষ্ণে সাৰুপ্যক দিবা।
পৰম মুকতি পাই বৈকুণ্ঠে থাকিবা॥
সমাজিক জন শুনা থিৰ কৰি বুধি।
ইহাক শ্ৰবণে সবে হুইবা মহা শুদ্ধি॥
হৰক মুহিলা যেন মতে নাৰায়ণ।
মহাধৰ্ম্মে মোহ ভৈলা দেৱ ত্ৰিনয়ন॥