পৃষ্ঠা:ৰাম-মালিকা.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ৰাম-মালিকা ৷

অনন্তৰে পখালিয়া চৰণৰ ধূলি।
মাঠাত চড়াইলা নিয়া পাদোক-তুলি॥
আৰ অৰ্থচয় আবে শুনা নিৰন্তৰ।
ইহাক শ্ৰৱণে পাই পাৰ সংসাৰৰ॥
যিবা কৰ্ম্ম কান্তি বিপ্ৰে শৱ ঠেলিদিল।
সেই দ্বিজ বুলি শুনা গুৰুতে ঘটিল॥
বাসনাক শৱ বুলি শুনা সৰ্ব্বজন।
ইসব কথাৰ আবে কহিবো কাৰণ॥
গুৰু সেউৱা বোধেসে বাসনা ক্ষয় যাই।
সখা গৃধ্ৰে ভুঞ্জি তাক কৰিলেক ঠাই॥
অমাতৰ মাত যত গৃধ্ৰে কহিলন্ত।
কৃষ্ণৰ নামক শাস্ত্ৰ মাতে বুলিলন্ত॥
তৰ্পনাদি শুনা তাৰ যত ব্ৰহ্মচৰ্য্য৷
তাকেসে পিম্পৰা বুলি শুনিয়ো আশ্চৰ্য্য॥
তহিৰ কথাক আবে এহি মানে থওঁ।
ব্ৰাহ্মণ ব্ৰাহ্মণী যিবা তাৰ কথা কওঁ॥
মনক পুৰুষ বুলি স্ত্ৰী তাৰ বুদ্ধি৷
কিনা ভৈল মহা বোধ কৰিলো শুদ্ধি॥
চিতাখান দেহ ইটো অনৰ্থৰ ঘৰ।
হেন দেখি ভৈলা খেদ মনে ব্ৰাহ্মণৰ॥
জ্ঞানে পাত্ৰ প্ৰেমে জল তাহাতে ভৰিলা।
সেহি জলে অজৰ যে পদ প্ৰক্ষালিলা॥