পৃষ্ঠা:ৰাম-মালিকা.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা ৷

শুনা সভাসদ লোক ইটো কৃষ্ণ কথা।
মিছা কাৰ্য্য চিন্তামনি নকৰিয়ো বৃথা॥
হৃদয় পদ্মত কৃষ্ণ চৰণত ধৰা ৷
শ্ৰবণ কীৰ্ত্তন ভক্তি সৰ্ব্বদায়ে কৰা॥
নামক এৰিয়া কিসক কৰা আশ।
দিনে দিনে দেখা মৃত্যু ছাপি আসে পাশ॥
নাম সম বান্ধৱত ৰে আন নাই।
ৰাম নাম হেন ইটো পৰলোক পাই॥
কৃষ্ণৰ চৰণ বিনে নাহিকে তৰন।
একচিত্ত মনে কৰা শ্ৰৱণ কীৰ্ত্তন॥
কৃষ্ণ চৰণ পদ্ম চৰণত ধৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি॥

ডুলৰী।

কৃষ্ণ যেন মতে, মাটি খাইলা তৈত,
 ভজন প্ৰকাৰে মানা।
মহা শুদ্ধ ধৰ্ম্ম,  মৃত্তিকা ভৈলন্ত,
 তাকে কৃষ্ণে খাইলে জানা॥
গুৰু কৃপা কৰি, ভকতক দিলা,
 মৃত্তিকা মহাধৰ্ম্মক।
শুনা কৰ্ণ ভৰি,  একচিত্ত কৰি,
 মৃত্তিকা বোলে দেহক॥
জীৱ কৃষ্ণ তাক,  ধৰ্ম্ম মৃত্তিকাক,
 লভিয়া মুকুতি ভৈল।