সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
ৰাম-মালিকা।

ভকতৰ সঙ্গ জাতো গুৰুসে দিৱন্ত।
জননীৰ গতি শুনা তাহাক বোলন্ত॥
শকটত বসিলন্ত শকট অসুৰ।
তাতে চৰণৰ আগে কৰিলন্ত দূৰ॥
ইসব কথাক আবে দেহ মনে দেখা।
ভাগ ভাগ কৰিয়া তাহাৰ লৈয়ো লেখা॥
অনেক দুৰ্গম দেহ বিমাৰ্গে পৰম।
গুৰু উপদেশে কাটি কৰা তাক সম॥
কৃষ্ণ গুরু আদি তাৰ বাসনা শকট।
অনাদি জন্মৰ ভাঙ্গিলেক কটমট॥
গুরু সেৱা কৰি মনে আশা কৰে দূৰ।
দেহ শকট মন দুৰ্জ্জন অসুৰ॥
মন পাপীষ্ঠক ৰাজা সকলে দমিল।
সেহি মহাজ্ঞানী সেহি শকট ভঞ্জিল॥
মনৰ সঙ্কল্প যিটো তেজিল সমস্ত।
শকট অসুৰ তেবে কৰিলেক অন্ত॥
তৃণাৱৰ্ত্ত দৈত্য যেনমতে বধ যাই।
তাক বধ কৰি লোকে দুৰ্গতি এৰাই॥
কৃষ্ণে অহমম্ যিটো কৰিলেক দূৰ।
ইন্দ্ৰিয়ৰ বৃত্তিতো বশ ভৈল চুৰ॥
তিৰস্কাৰ অপমান আনে আছে যত।
তামসাদি গুছিবেক হুইবে মহাসন্ত॥