পৃষ্ঠা:ৰাম-মালিকা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰাম-মালিকা ৷

ভক্তি মৃত পান যাতো লোকক কৰাইলে।
তাতেসে ইহাক মই ক্ষুধা বুলি কৈলো॥
দেৱ দৈত্যে অমৃতক পাইলা যেন মতে।
প্ৰথমতে ধন্বন্তৰী উঠিলা মথন্তে॥
পৃথিবী সাগৰ ভৈল শুকে ধন্বন্তৰী।
ভাগৱত ঘট নাম মৃতে আছে ভৰি॥
মায়াযে মোহিনী দেৱে শুদ্ধ জীৱ যত।
যমৰ কিঙ্কৰে দৈতাগণ ইথাৱত॥
যেন শুকে ধৰ্ম্ম আসি কৰিলো বেকত।
মাধৱ মোহিনী আবে দেখা ইঠাৱত॥
ভাগৱত বিচাৰিয়া অমৃত মথিলো।
সেই নামমৃত মাধৱৰ হাতে দিলো॥
কৰাইবাহা বাপ তুমি সমস্ত লোকক।
নিশ্চযে বুলিলো ইটো কথা মাধৱক॥
ভকতক দেৱ বুলি মানিবা মনত।
পাষণ্ড সকলো দৈত্য জানিবা সাক্ষাত॥
অমৃত ন পাইলা দৈত্য আশা ভৈল ভঙ্গ।
পাষণ্ডে ন পাইলেক ভকতৰ ৰঙ্গ॥
যেন মতে হৰে হলা হলক ভুঞ্জিলা।
যোগ বলে বিষ দেখা নিৰ্জ্জান কৰিলা॥
সেহি মতে পাপময় বিষম বপুৰি।
ভকতৰ বাসনাৰ মাৰিলন্ত গুৰি॥