সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
ৰাম-মালিকা৷

মায়া মোহ তাৰ,  সমন্তে নশিল,
 মহা বোধে লাগ লৈল॥
মাধৱৰ পদ,  পদ্ম মনে ভজি,
 বন্ধন চুৰ মায়াৰ।
মকুন্দৰ পাৱে,  ধৰি দৃঢ়ভাৱে,
 কৰিয়ো মাযা সংহাৰ॥
এহি দশ গোটা,  কৃষ্ণৰ মৃত্তিকা,
 অন্বয়ৰ কথা গৈল।
কৃষ্ণৰ পৰম,   নিৰ্ম্মল চৰিত্ৰ
 ভজন বুলিয়া কৈল॥
যিবা ফল স্তুতি, কিনিলন্ত কৃষ্ণে,
 পসাবাৰ শুনা নয়।
পাছি ধান্যৰত্ন,  যিবা যিবা ভৈল,
 তাহাৰ শুনা আশয॥
হৰ মহাদেৱে,   ফলক বিকিলে,
 ভকতিৰ থাপ ঘৰি।
তাতে আসি তৈত, দোকানী ভৈলন্ত,
 কৃষ্ণ হাতে দিলা ভৰি॥
নামৰ অন্বয় শুনা,  যি পেৰা ৰান্ধিল ,
 তাহাক পাছি বোলয়।
বৈকুণ্ঠৰ ফল,  আমোঘ আসিয়া,
 বদৰী ফল নিশ্চয়॥