পৃষ্ঠা:ৰাম-মালিকা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ৰাম-মালিকা৷

মাধৱৰ পাৱে, ভজা শুদ্ধ ভাৱে
 এৰিয়া বিষয় ধান্দা।
হুয়া একমন, কৰিয়া যতন,
 ৰাম নাম গলে বান্ধা॥
বিষয়ৰ সুখ, দুয়ো কৰি মুখ,
 ফুৰা নাম গাই মুখে।
যমৰ দুৰ্ঘোৰ, যাতনা তৰিবা,
 মুকুতি পাইবা সুখে॥
কৃষ্ণৰ চৰণে  হৃদয় পদ্মত,
 চিন্তিয়ো মনে সৰ্ব্বথা।
কৃষ্ণৰ কিঙ্কৰে,  ৰচিলা শঙ্কৰে,
 মহা ভাগৱত কথা॥
একচিত মনে, শুনিয়ো যতনে
 নকৰিয়ো আক হেলা।
চাৰিৰ সঞ্জোগে,  এক ঠাই ভৈল,
 অপেক্ষাৰো আৰু বেলা॥
পাৰিব অন্তক,  কৃষ্ণৰ নামক,
 সদায়ে নেৰিবা মুখে।
বৈকুণ্ঠ সম্পদ,  হাততে লভিবা
 পাইবা মুকুতিক সুখে॥
জানি বুধজনে, সাৱধান মনে,
 নেৰিবা মুখত নাম।