পৃষ্ঠা:ৰাম-মালিকা.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ৰাম-মালিকা৷

সেই পাপ সৰ্প দেহে ব্ৰহ্মাণ্ডে আছিল।
নাম অগ্নি পায়া দুইকো দহিয়া পেলাইল॥
সৰ্পকে ইন্দ্ৰকে যিটো নিৰ্ভয় দিলন্ত।
বৃহস্পতি ৰূপে আসি হৰে ৰাখিলন্ত॥
এতেকে সে বাৰে বাৰে দেৱ ত্ৰিনয়ন।
আগম বিহিয়া ধৰ্ম্ম কৰিলা উচ্চন্ন॥
পাষণ্ড সবৰ বঢ়াৱন্ত গৰ্ব্ব মদ।
এতেকেসে মহন্তৰ বুদ্ধি কৰে ভেদ॥
বৈষ্ণৱৰ প্ৰতিবন্ধ তাতে সে আছৰে।
পাষণ্ড মতক সদা ৰক্ষা কৰে হৰে॥
সমাজিক জন ইটো কথাক শুনিয়ো।
এক চিত মনে হৰি গুৰুক ভজিয়ো॥
মৃত্যুকালে পৰিক্ষীতে পাইলা গুৰু লাগ।
পূৰ্ব্বজনমৰ তাৰ আছে মহাভাগ॥
মণি মাধৱৰ পাৰিষদ আছিলন্ত।
অহৰ্নিশে হৰি পদ সদায়ে সেবন্ত॥
একদিনা পৰোক্ষ যে বৈকুণ্ঠে আছন্ত।
লক্ষ্মীক ক্ৰীড়ন্তে প্ৰভো তৈতে দেখিলন্ত॥
ক্ৰোধে লক্ষ্মী বোলে আৰ বোলো তোক।
কদৰ্থিলি পাপী কিক তই আবে মোক॥
হেন শুনি পৰোক্ষৰ ধাতু গৈল উৰি।
স্তুতি কৰি ৰহিলা তাহাত কৰ যোৰি॥