সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ৰাম-মালিকা ৷

আলাস তেজিয়া,  হৰিক ভজিয়ো,
 চিত্তক কৰিয়ো শুদ্ধি॥
এহি দশবীৰ,  আৰ আশা এৰি,
 কৰিয়োক তাক বধ।
ভজন বুলিয়া,  কহয় ইহাকে,
 শুনা সবে সভাসদ॥
ধৰ্ম্ম-কৃষ্ণ জানা, আক্ৰোশ অঘক,
 মাৰিলা তাক সমস্ত।
ভকত সবক,  মুক্ষ দিয়া আমি,
 পাপৰ কৰিলো অন্ত॥
শুনা সভাসদ, হুয়া নিশৰদ,
 মৰণ আগে নেদেখা।
কাল ব্যাঘ্ৰ দেখা,  চুলে ধৰি আছে,
 সম্প্ৰতে তাহাক দেখা॥
ইটো তনুৰত্ন,  সেস্থৰে ন পাই,
 দেৱৰো বাঞ্ছনি জন্ম ৷
ভাৰত বৰিষ, কলিযুগ নাম,
 গুৰু সেউৱা অনুপাম॥
কৃষ্ণক খাদয়, পদ্মত ধৰিয়া,
  ফুৰা ৰাম নাম গাই।
ভেবে সে সংসাৰ,  তৰিবাহা সুখে,
 যমৰো এড়াইবা দাই॥
কৃষ্ণৰ ভকতি,  পথত আপুনি,
 সহায় হন্ত ঈশ্বৰ।
শ্ৰবণ কীৰ্ত্তন,  কৰিবো কলিত,
 বিঘাত হোক পাপৰ॥