পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰাম-মালিকা।


হেন দেখি ময়ো তাক বুলিলো বচন।
হৰিক নভজে যিটো অধম দুৰ্জ্জন॥
কৃষ্ণৰ ভকতি পন্থ কৰয় উচ্ছাদ।
তৰ্ক শাস্ত্ৰ গৰ্ব্বে ইষ্টে কৰি ফুৰে বাদ॥
স্ত্ৰী বুলি জানিবা তাকে সে ইটো তত্ত্ব।
মহা শুদ্ধ ধৰ্ম্ম ভক্তি নাই সি সবত॥
শুনা তাতে ঠাই তোক দিলো পাপী বৰ।
পাপৰ কলিৰ জানা সেহি পটন্তর॥

⸻⸻

গুৰুদেৱ নাম ভক্ত

ৰাজাৰ দৃষ্টান্ত যত গুৰুতে বুজিবা।
কলিৰ যতেক দোষ পাপকে জানিবা॥
কলিৰ আছিল যত ৰাজ অলঙ্কাৰ।
ৰজাক ভৰিয়া দেখি খসাইলন্ত গাৰ॥
গুৰুদেব নাম ভক্ত জানে যিটো নৰ।
পাপ অলঙ্কাৰে তেবে বেৰে নিৰন্তৰ॥
পাপ যেবে থাকয় অধৰ্ম্মে লৈবে ৰাজ।
এতেকেসে কহিলোহো ভকতিৰ বাজ॥
হেন শুনি পাছে পাছে তৈব অস্তৰিল।
পাপীৰ শৰীৰে গৈয়া নিবাস কৰিল॥