পৃষ্ঠা:ৰাম-মালিকা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
ৰাম-মালিকা।

অসুৰ যোনিক দুয়ো চলা এতিক্ষণ।
নিষ্ট কৰি বোলো হেৰা অধম দুৰ্জ্জন॥
সসব দৃষ্টান্ত আবে অহিতে শুনিয়ো।
ব্যাস কলাইত যত সকলে দেখিয়ো॥
মোৰ পদ সেউৱা নৌকা পায়া তথাপিতো।
মায়ায়ে মুহিত হুয়া ভ্ৰষ্ট ভৈল সিটো॥
ৰাম নাম বিনে আন নাহিকে বান্ধৱ।
নাম লৈলে ৰক্ষা আসি কৰন্ত মাধৱ॥
অনন্তৰে শুনা সবে সমাজিক জন।
শুনা কৃষ্ণ কথা ইটো অমৃত সমান॥
ভকতি আনন্দ সিন্ধু কৃষ্ণৰ চৰিত্ৰ।
কৰ্ণ ভৰি পান সদা কৰা প্ৰতিনিতি॥
সবে জ্ঞানময় ইটো কথা মনোহৰ।
শুক দেৱে কৈলা ইটো কথা সাৰোত্তৰ॥
যত দৈত্য দানৱ বধিলা দেৱ হৰি।
আপোনাৰ দেহ মধ্যে আশা কৰি॥
কৃষ্ণ যিটো পুতনাৰ শুষিলন্ত প্ৰাণ।
সিসব কথাক আবে শুনা দিয়া মন॥
তাইক মাৰি জননীৰ গতি দিলা হৰি।
ইহাৰ আশয় শুনা এক মন কৰি॥
পিতক দমিলো যেবে পুৰুষ নিশ্চয়।
মহাঅহমদ দৰ্প হোৱে তেবে ক্ষয়॥