পৃষ্ঠা:ৰাম-মালিকা.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ৰাম-মালিকা।

কামৰূপে বড় দোৱা গ্ৰামে যাই।
তোৰা দুয়ো যাইবা ততে বুলিলো দঢ়াই॥
সত্য সন্ধ্য়া কুসুম হুইবেক দুইৰো নাম।
মোহোৰ প্ৰসাদে ভক্তি পাইবা অনুপাম॥
শঙ্কৰত হন্তে মুখ্য পাইবিহি নিশ্চয়।
হেনয় বৰক তোক দিলো আতিশয়॥
শুন বিন্ধ্যাৱলী আবে বোলো তোক আমি।
মহামুখ্য দাতা শঙ্কৰে সে স্বামী॥
মাৱ বুলি শঙ্কৰো তোমাক দিবে ডাক।
বৈকুণ্ঠক যান্তে পাছে মাতিয়া যাইবেক॥
বামনৰ বাক্য আবে এহি মানে থওঁ।
যাক বুলি তিনি পদ তাৰ কথা কওঁ॥
তিনিও ত্ৰৈলোক্য বলি পাইলা তিনি পদ।
বামনক দিয়া পাছে এৰাইলা আপদ॥
ইটো তিনি পদ মই ভকতক দিলো।
সংসাৰৰ পাৰ কৰি বৈকুণ্ঠক নিলো॥
ভকতি মুকুতি সবে পাইলন্ত সম্বুধি।
গুৰুদেৱ নাম ভক্ত মহানৱ নিধি॥
শ্ৰৱন কীৰ্ত্তন ধৰ্ম্ম কৰে মহাসুখে।
ভকতৰ ভাগ্য কি কহিবো মোৰ মুখে॥
তাসম্বাৰ মুখ যেন মহা বিপৰীত।
নামক কীৰ্ত্তন কৰি তৰিবে কলিত॥