পৃষ্ঠা:ৰাম-মালিকা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰাম-মালিকা৷


গুৰু মুখে পীয়া লোক কৃষ্ণ কথামৃত।
মোহ মায়া তৰয় হোৱয় কৃত্য কৃত্য॥
গুৰু শিক্ষা স্মৰি তাতেসে নমাতিল।
ক্ৰোধে শৃঙ্গি বুলি জানা তাহাকে কহিল॥
জ্ঞান মৰা সাপক নৃপতি দিলা আসি।
মনে ভৈল তক্ষক যে কহিলো প্ৰকাশি॥
ভিন্ন দেহা গোটাক বুলি আবে চাই।
গুৰু ভৈলা শুক মনে ছোৱা অবগাই॥
চিন্তা মোহ জৰি জানা লোভে ভৈল দ্বিজ।
অঙ্কুশি আক্ৰোশ পুত্ৰ ভাৰ্য্যা বিষ বীয্য॥
গৃহৰ অশুভ যত মিলয় কন্দল।
খণ্ডিয়া বুলিয়া কৈলো ইসব সকল॥
ৰাম নাম,ঔষধক বৈদ্যে তাক দিলা।
জন্মেজয়ে আতি সন্ত সএক পাতিলা॥
অথৰ্ব্বেদ দিয়া বিপ্ৰ যত নিৰন্তৰ।
গুৰু বুলি তাসম্বাক দিলো পটন্তৰ॥
সংসাৰৰ তিনি তাপ-ঐত ভৈল সাপ।
শুদ্ধ সত্ব ধৰ্ম্ম ভষ্ম কৰো মই পাপ॥
গুৰু শিক্ষা ধৰণকে ধনু বুলি কয়।
ইন্দ্ৰকে ব্ৰহ্মাণ্ড বুলি জানিবা নিশ্চয়॥
পুৰুষৰ শৰীৰত আছে পাপ যত।
নাদ অগ্নি দহি ভষ্ম কৰয় সতত॥