সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ৰাম-মালিকা।

মনত বোলয় পাপে কৰো কোন কৰ্ম্ম।
কিনু মই মন্দ ভাগি ধীক পাপ জন্ম॥
গুণি গুণি পাৰ কিছু নপাৱয় পাপে।
বোলে আৰু নিকটত ৰৈবো কাৰ বাপে॥
গুৰু শিক্ষা দেখি পাপে কাম্পে তৰতৰি।
মাগিলন্ত থান মোত দান্তে তৃণ ধৰি॥
হেন দেখি মোৰ বৰ দায়া সম্পজিল।
তুতি নতি পাৱে পৰি বিস্তৰ কৰিল॥
হেন বিমৰিষি তাক বুলিলো বচন।
শুন শুন পাপ তই পৰম দুৰ্জ্জন॥
নদহো তোহাক অৰে শুন বোলো মই।
যত লাগে ধান আৰে লৱ গৈয়া তই॥
যিটো হৰি নভজে অধম দুৰাচাৰ।
বুলিলো নিশ্চয়ে তই গাৱে থাক তাৰ॥
আনদেৱ পূজে যিবা কাটে হাংস ছাগ।
অধৰ্ম্মকে ধৰ্ম্ম বুলি মানে মহাভাগ॥
জ্বৰ তাপে পীড়া যদি কৰয় দেহত।
তেভো বিভিচাৰ তাত কৰে নানা মত॥
এই পঞ্চ পাপীত থাকিবি পাপতই।
থাকিবাৰ ঠাই আবে দিলো তোক মই॥
পুনৰপি পাপে তুতি কৰিলা দুনাই।
বংশ মোৰ অধিক ইঠানে নুকুলাই॥