পৃষ্ঠা:ৰাম-মালিকা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰাম-মালিকা।

আত্ত অনন্তৰ, শুনা সবে নৰ,
 নৈমিসা ক্ষেত্ৰ লক্ষণ।
শুনা যেন মতে,  বাতুল ঈশ্বৰে,
 কৰি সত্ৰ স্ৰজন॥
তাহাৰ চক্ষুৰ, নিমিষ মাত্ৰকে,
 তহিতে সত্ৰ কৰিলা।
ভাগৱত শাস্ত্ৰ, প্ৰবৰ্ত্তিবে মনে,
 তথাতে সত্ৰ পাতিলা॥
সত্ৰ হেন নাম,  যিহেতু বোলয়
 শুনিয়ো তাৰ অন্বয়।
ঋষিৰ শৰীৰ,  হোমৰ ধুঁৱাত,
 ভৈল সবে যেন নয়॥
বৈকুণ্ঠৰ শাস্ত্ৰ,  মহাভাগৱত,
 গুৰু তৈতে প্ৰকাশিলা।
সৰ্ব্ব পষাসিটো,  ঋষি সকলক
 মহা মূখ্য পদ দিলা॥
এহিসে কাৰণে,   সত্য নাম ভৈলা,
 ভাগৱতে শোভা কৈল।
তথাকে সত্ৰক, নিৰ্ম্মি নাৰায়ণে,
 নিজ থানে চলি গৈল॥
আত অনন্তৰে ,  শুনা সবে নৰে,
 যিমতে নাৰদে হৰি।