সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
ৰাম-মালিকা।

শুক্ৰ পটন্তৰ আবে মোক হেন জানি।
মৃত্যুক তৰিবে লোকে ইটো বেদ জানি॥
ভকতকে বলি বুলি জানা সাৰে সাৰ।
সকলো শাস্ত্ৰৰ ইটো কহিলো বিচাৰ॥
পৰম অমৃতময় কথা ভাগৱত।
জাক জানি শুনি লোকে হোৱে কৃত কৃত॥
বটু বেশে প্ৰভো দেখা আছে কেন কৰি।
বলিৰ সম্পত্তি লীলা ছদ্মৰূপ ধৰি॥
শুক্ৰে যেন মতে বিশ্বজিত কৰিলন্ত।
বলিযো যিমতে অম্ৰাৱতীক পাইলন্ত॥
স্বৰ্গ মৰ্ত্ত্য সমস্ত লোকক লৈলা জিনি।
এতেকেসে বিশ্বজিত বোলে তাক তিনি॥
ৰথ ধনু টোন বান আৰু ধজ গোট।
অগ্নিৰ মধ্যত উঠিলেক বৰ ছোট॥
দুনাই বলিক যেন শুক্ৰে উপাৰ্জ্জিল।
কুসুমকে শুক্ৰ বুলি পটন্তৰ দিল॥
তান্ত হন্তে দেখা আবে মোৰ জন্ম কৰ্ম্ম।
অগ্নিৰূপ জানা মোক প্ৰচাৰিলো ধৰ্ম্ম॥
ৰথধ্বজ টোন বান যিবা ধনুতাৰ।
চাৰিটি শৰণ ইটো দৃষ্টান্ত তাহাৰ॥
এহি চাৰি অন্ত্ৰ আমি দিলোহো তোমাক।
পাষণ্ডক জিনা আবে শুনা মোৰ বাক॥