সমললৈ যাওক

পৃষ্ঠা:ৰাম-মালিকা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ৰাম-মালিকা।


 তাহাৰ মহিমা যিটো জানে আতিশয়।
 অপ্ৰয়াসে সিটো মুখ্য পদক লভয়॥
নিন্দা৷ ৰাম বুলি তৰে মহাপাপ অন্ত্য জাতি।
 যিটো নাম নলৱে হিনতোহীন আতি॥
 উত্তম ব্ৰাহ্মণ জন্ম পায়া আছে যিটো।
 দ্বিজ হুৱা আন ভজে হৰিক দেখি সিটো॥
 ডোম চাণ্ডালটো কৰি সিটো বৰ হীন।
 ফোঁট মাৰি ফুৰে নাই ভকতিৰ চিন॥

⸻⸻


মহিমাযুক্ত উপদেশ।



 যত মহোৎসৱ ভক্তে আনন্দে বাৰাই।
 হেন মহিমাক ভক্তে বেঢ়ি বেঢ়ি চাই॥
 হেনয় মহিমা দেখি কতো মোহ হয়।
 মহাযুক্ত হৈয়া পাছে উপদেশ লয়॥
মহিমা—মহিমা জানিয়া যিটো হৰি গুণ গাই।
 তাত পৰে কৃষ্ণৰ পৰম পূয় নাই॥
 ভৈল ভগৱন্ত প্ৰভো আধীন তাহাৰ।
 ৰামকৃষ্ণ হৰিনাম মুখে থাকে যাৰ॥
 কতো জনে নাম যুগধৰ মতে গাই।
 মহিমা নেজানে গুৰু উপদেশ নাই॥
প্ৰশংসা—গুৰুৰ যশস্যা যিটো প্ৰশংসা কৰয়।
 ধন্য ধন্য ভাৰতত জনম নিশ্চয়॥