পৃষ্ঠা:ৰাম-মালিকা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ৰাম-মালিকা ৷

এহি ভাৱে বৎস,  অসুৰ জিনিব,
 শুনা সবে থিৰ মনে॥
কৃষ্ণ ভৈল-ধৰ্ম্ম, আমি গুৰুৰূপে,,
 বধাইলো পাপ অসুৰ।
ইটো দশ গোটা, বৎসৰ আসয়,
 বধ গৈল বৎসাসুৰ॥
আৰু বকাসুৰ, বধিয়ো লোকাই,
 গুৰু শিক্ষা খাণ্ডা ধৰি।
ইহাৰ দৃষ্টান্ত,  কহিবো সকলে,
 ইটো কথা হিতকারী॥
বক্ৰ বুদ্ধি সদা, মনত নেদয়,
 অহম্বুধি শৰীৰত।
বীৰভদ্ৰে যেন, বিপক্ষ জিনিলা,
 দেখা আক চতুৰ্থত॥
বানক প্ৰহাৰি, শত্ৰ সমস্তক,
 যেন নিপাতিলা কন্ধ।
বান অস্ত্ৰ হৰি, ভক্তিক প্ৰচাৰি,
 বধিয়ো কৰি প্ৰবন্ধ॥
বাসা ঘৰ যত,  জানিবা দেহত,
 পাপৰ পৰ্ব্বত ঘোৰ।
কৰিবাক ঠাই, তাকে সবে পাই,
 নাম বলৱন্ত মোৰ॥
বাৰুণী সুৰাক, পান কৰি যেন,
 অসুৰ উন্মত্ত ভৈল।
ৰজ বুধি চোৰ, হটো ঘোৰা যোৰ,
 মন তেন মতোবাল॥