ধৰ্মপক্ষী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ প্ৰথম পৃষ্ঠা ]

ধৰ্মপক্ষী

শ্ৰীপ্ৰভাত হালৈ, ডাইনাপালী
বিল্বেশ্বৰ

[ প্ৰকাশন ]

ধৰ্মপক্ষী
লিখক: শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালী)
দূৰভাষ: ৯৮৬৪৮৫৬৪৪২/৯৩৬৫৪৫৪৬১৪


প্ৰকাশক : শব্দ প্ৰকাশন গোষ্ঠী, নলবাৰী
গ্ৰন্থস্বত্ব : লিখক
পৰিকল্পনা : লিখক
ব্যৱস্থাপনা : শ্ৰীনিৰু হালৈ
প্ৰথম প্ৰকাশ : ২৯ জানুৱাৰী, ২০২০ ইং চন
মূল্য : ৫০ টকা মাত্ৰ
বেটুপাত পৰিকল্পনা : ভাস্কৰ বৰুৱা
অক্ষৰ বিন্যাস/অংগসজ্জা : ভাস্কৰ বৰুৱা
ছপা : ফ্ৰেইণ্ডচ্ অফ্‌ছেট প্ৰেছ,
বেলশৰ বজাৰ, নলবাৰী

[ উছৰ্গা ]

মোৰ
শ্ৰদ্ধাৰ মা
যাৰ কৰুণাত এই
জগতৰ পোহৰ দেখিছো,
মোৰ
বাবে সেই পৰম
আৰধ্যা দেৱী স্বৰ্গীয় অবলা হালৈ
ৰ পৱিত্ৰ স্মৃতিত এই
গ্ৰন্থখন উচৰ্গা
কৰিলোঁ।

লেখক
২৯-০১-২০২০ ইং চন

[ শুভেচ্ছা ]


শুভেচ্ছাবাণী
 নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বেলশৰ গাঁও নিবাসী বিশিষ্ট ওজাপালি শিল্পী শ্ৰীপ্ৰভাত হালৈ এগৰাকী লোক-সংস্কৃতিৰ শিল্পী। সংস্কৃতিৰ সাধনা কৰাৰ লগতে তেখেতে সাহিত্য চৰ্চাও অব্যাহত ৰাখিছে। শ্ৰীহালৈয়ে শেহতীয়া ভাৱে ‘ধৰ্মপক্ষী’ নামেৰে এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা বুলি জানিব পাৰি সুখী হৈছোঁ। তেখেতে ইতিমধ্যে ৰক্তাক্ত ইতিহাস, বিল্বেশ্বৰ দেৱালয়ৰ আদিকথা, বিল্বেশ্বৰ, সৰাপাত, সৰাপাহি, জীৱন যুদ্ধৰ সংবাদ, জ্ঞান মঞ্জুৰী, মা দুৰ্গা, আধাৰশিলা, নীতিকথা, স্মৃতিৰেখা প্ৰমুখ্য কৰি দহ খন গ্ৰন্থ প্ৰণয়ন কৰিছে। শুকন্নানী ওজাৰ ডাইনাপালি শ্ৰীপ্ৰভাত হালৈয়ে সাহিত্য-সংস্কৃতিৰ সেৱা কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। সত্তৰোৰ্দ্ধৰ সংস্কৃতিবান ব্যক্তিগৰাকীৰ সৃষ্টিৰে সাহিত্য-সংস্কৃতি জ্যোতিষ্মান হওঁক। তাকেই কামনা কৰিলোঁ।

[ শুভেচ্ছা ]

শুভেচ্ছাবাণী

 জড় প্ৰকৃতিৰ পৰা উৎপাদন হোৱা কিছুমান গুণ মানুহে এনেয়ে লাভ কৰে, সেই গুণৰ কাৰণে কৰ্ম কৰিবলৈ বাধ্য হয়। কৰ্ম নকৰিলে মানুহ নিষ্কৰ্মা হয়। মূৰ্খ বুদ্ধিৰ লোকে চিত্তৰ ভ্ৰমত মাথোন নিজৰ ইন্দ্ৰিয়বোৰক উপভোগৰ সমল বুলি ভাবি থাকে। প্ৰকৃততে তেওঁলোক নিৰ্বোধ (বা ভণ্ড)। যিসকলে ইন্দ্ৰিয়ক দমন কৰি আসক্তিবিহীন বুদ্ধিৰে যোগ আৰম্ভ কৰে, তেওঁলোক শ্ৰেষ্ঠ। কৰ্মৰ ফল আছে গতিকে কৰ্মই কামধেনুৰ দৰে ফল দিয়ে। এই বেদবাক্যবোৰ লিখকৰ কৰ্মজীৱনত প্ৰতিফলিত হৈ তেওঁ এজন সাধাৰণ ব্যক্তি হৈয়ো নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

 লিখক শ্ৰীপ্ৰভাত হালৈ (ডাইনাপালি) প্ৰয়াত পঠিত যঁচা ডাইনাপালি স্বনামধন্য, সমাজ সংগঠক, ৰাজনৈতিক ক্ষেত্ৰখনৰ জাড়ুদাৰ, স্বাধীনতা সংগ্ৰামী, মুক্তিযোদ্ধা বিষ্ণুৰাম হালৈৰ সুপুত্ৰ, বিল্বেশ্বৰ শিৱালয়ৰ নিকতবৰ্ত্তী মাতাপাৰা চুবুৰীত জন্মগ্ৰহণ কৰি দেশৰ আৰু দহৰ হিতাৰ্থে নিজক নিয়োগ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

 স্বতঃস্ফুত ভাৱে প্ৰকাশ পোৱা আৱেগ আৰু একাগ্ৰতাৰ কবলৰ পৰা উদ্ভৱ হোৱা প্ৰেৰণাৰ বহিঃপ্ৰকাশত বৰ্ত্তমানলৈ ত্ৰয়োদশ পুস্তকে জ্ঞান সমুদ্ৰৰ শীতল বতাহ মানৱ সমাজত প্ৰৱাহিত হৈ জ্ঞানৰ বাতাবৰণৰ ঢৌত নিমজ্জিত হৈছে। ইয়াৰে আজি ‘ধৰ্মপক্ষী’ ৰূপত আকাশত উৰিছে এইয়া ক্ষুদ্ৰ পখিলাটি জ্ঞানৰ সুবাস বিলাই পাঠক সমাজক মাকাণ্ডেয় পুৰাণৰ বুকুত ৰৈ থকা অজ্ঞাত কাহিনী। সহজসাধ্য কৰি প্ৰকাশ কৰা প্ৰচেষ্টাই সাহিত্য সাগৰত এটি নতুন ৰূপ প্ৰদান কৰিব।

 আনুষ্ঠানিক শিক্ষাত অধিক শিক্ষিত নহলেও শিশুকালৰ পৰা এক মন, এক প্ৰাণত লিপ্ত থকা একাগ্ৰত আৰু আত্মবিশ্বাসত ব্ৰতী, সাহিত্যানুৰাগী ডাইনাপালি প্ৰভাত হালৈ এজন পিতৃ পুৰুষৰ আশীৰ্বাদ পুষ্ট ব্যক্তি, ইয়াৰ দ্বি মত নাই।

 হালৈ ডাইনাপালিৰ আদৰ্শই নৱ প্ৰজন্মক মাতৃভাষাৰ সেৱক সকলক উদ্‌গনি জগাব। তেওঁৰ ধৈৰ্য্য আৰু সৱল মনক আমি আদৰিছোঁ। তেওঁৰ দীৰ্ঘায়ু কামনাৰে সামৰিছোঁ।

শ্ৰীনৰেন্দ্ৰ নাথ হালৈ
প্ৰাক্তন শিক্ষক, মুক্তিযোদ্ধা
সভাপতি, নলবাৰী জিলা মুক্তি যুজাৰু সন্মিলন
তাং- ০৫-০১-২০২০ চন

[ ১১ ]

ধৰ্মপক্ষী

 পূৰ্ব্বকালত জৈমিনী নামৰ এজন মুনি আছিল। মুনিজন বৰ শাস্ত্ৰপ্ৰিয় জ্ঞান পিপাষু আৰু বৰ চিন্তাশীল ব্যক্তি আছিল। গোটেই জীৱনটো মুনিবৰে কেৱল জ্ঞানৰ সন্ধানত ঘূৰি ফুৰিছিল। সংসাৰ বুলিবলৈ জৈমিনীৰ কেইজনমান উদাৰ মনৰ শিষ্য, আশ্ৰমখন আৰু তাত থকা চৰাই-চিৰিকতিবোৰে মুনিৰ পৰিয়াল। ভালেদিন মুনি ভালদৰে খাব, শুব পৰা নাই, কেৱল চিন্তা মাজে মাজে ভাবে মোক চিন্তাৰ পৰা কোনে উদ্ধাৰ কৰিব পাৰিব। ভাবি ভাবি এদিন মুনিবৰে হঠাৎ উৎফুল্লিত হৈ উঠিল। এৰা তেওঁৰ মনৰ এই চিন্তা দূৰ কৰিবলৈ এজন আছে যোগ্য ব্যক্তি। সেইজন হ’ল মাৰ্কণ্ডেয় মুনি। মোৰ মনৰ কথাবোৰ তেখেতৰ ওচৰত কলে তেখেতে মোৰ কথাবোৰৰ সমিধান দিব পাৰিব।

 মাৰ্কণ্ডেয়ৰ বাহিৰে মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আন কাকো মই বিচাৰি পোৱা নাই। পিছদিনা ৰাতিপুৱাই উঠি জৈমিনী মুনি প্ৰাতঃকৃত স্নান তৰ্পন নিত্য পূজা আদি শেষ কৰি বাটকুৰি বাই মাৰ্কণ্ডেয় মুনিৰ আশ্ৰমত উপস্থিত হ’ল। জপমালা হাতত লৈ শিষ্য সকলক ধৰ্মজ্ঞান দি থকা অৱস্থাত জৈমিনী গৈ প্ৰণাম জনালে।

অখণ্ডঃ মণ্ডলাকাৰং ব্যপ্ত যেন চৰাচৰ।
তদ্ পদ্ দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰবে নমঃ॥

[ ১২ ]  গুৰুদেৱ প্ৰণাম গ্ৰহণ কৰক। উৰ্ধহস্থে মাৰ্কণ্ডেয় মুনি আশীৰ্বাদ

দিলে-কল্যাণ হওঁক, মনোবাঞ্চা পূৰ্ণ হওঁক। আসন গ্ৰহণ কৰক আৰু পৰিচয় দানে মোক কৃতাৰ্থ কৰক। মোৰ নাম জৈমিনী গুৰুদেৱ। আপুনি সৰ্বজ্ঞানী, আপুনি গুণধাৰ৷ আপোনাৰ ওচৰত কিছু জ্ঞান আহৰণৰ বাবে আহিছো। অনুগ্ৰহ কৰি আপুনি মোক কিছু জ্ঞান দান কৰক।

 হে মহৰ্ষি মোৰ মনৰ কৌতুহল নিহিত প্ৰশ্নবোৰৰ উত্তৰ আপোনাৰ বাহিৰে আন কোনোৱে দিব পাৰিব বুলি মই নেভাবো। সেয়েহে মহাশয় মোৰ প্ৰতি দয়া পৰবশ হৈ মোৰ প্ৰশ্নবোৰৰ উত্তৰ দানে মোৰ কৌতুহল নিবৃত্তি আৰু জগতৰ অজ্ঞতা দূৰ কৰক। জৈমিনীৰ কথাত মাৰ্কণ্ডেয় মুনি ক’লে হে ঋষিবৰ শ্ৰদ্ধাবান লভতে জ্ঞানম্। আপোনাৰ জ্ঞানৰ পিপাষা দেখি মই বৰ আচৰিত হৈছো। জ্ঞান আপুনি পাব। যদিওবা মই বৰ্ত্তমান সময়ত যাগ-যজ্ঞত ব্যস্ত হৈ আছো তথাপি মই যিমান পাৰো আপোনাক সন্তুষ্ট কৰিবলৈ যত্ন কৰিম। এতিয়া আপোনাৰ জানিবলগীয়া প্ৰশ্নবোৰ মোক জ্ঞাত কৰক। নমস্কাৰ জনাই জৈমিনী মুনিয়ে ক’বলৈ ধৰিলে— হে মহৰ্ষি—

কথং ভগবান্ শ্ৰীকৃষ্ণ মানযেষ্যু যজ্ঞে?
কথং বা পাণ্ডপুত্ৰানাং পঞ্চনামে কৈৱ দ্ৰৌপদী ভাৰ্যা বভুব॥
কথঞ্চঃ ৰাম ব্ৰহ্মহত্যায় তিৰ্থ যাত্ৰা প্ৰসঙ্গেন্ শ্বকাৰহ
কথং ভগবান্ শ্ৰীকৃষ্ণ অপ্যনাথা বদকৃত দ্বাৰ পৰিগ্ৰহাত
এবম্ মৃত এতত মম দ্বন্দেহ বিষয়ম ব্ৰুহিতিঃ

 হে গুৰুদেৱ নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱান। জগতত যুগে যুগে অৱতাৰ ধাৰি ভগৱান। যাৰ আদি নাই, অন্ত নাই। যাৰ আকাৰ নাই। যাৰ ৰং নাই। যাৰ উচ্চতা, গভীৰতা নিৰ্ণয় কৰিব নোৱাৰি। সেই [ ১৩ ] ভগৱান শ্ৰীকৃষ্ণ নাম লৈ মানব ৰূপী বসুদেৱ দৈৱকীৰ ঘৰত, কাৰাগাৰৰ এন্ধাৰ কোঠাত জন্ম লৈ, বাৰিষাৰ যমুনা পাৰ হৈ নন্দ-যশোদাৰ ঘৰত লালিত-পালিত হৈ গৰখীয়া জীৱন যাপন কৰিব লগা হ’ল কিয়? এইয়া মোৰ জানিবলগীয়া প্ৰথম প্ৰশ্ন?

দ্বিতীয় প্ৰশ্ন : মহাভাৰতৰ মহা সতী দ্ৰোপদী নৰশ্ৰেষ্ঠ, জ্ঞান শ্ৰেষ্ঠ ভক্তিবান শক্তিবান, ধৰ্ম পৰায়ন পঞ্চপতি তেওঁৰ। ৰূপে-গুণে বিৰ্য্য বীৰত্বৰ চূড়ান্ত নিদৰ্শন পঞ্চ পাণ্ডব। এই পঞ্চ পাণ্ডবৰ ভাৰ্য্যা সতী দ্ৰৌপদী। পঞ্চপতি ভুক্তা দ্ৰোপদী ষষ্ঠ পতি কিয় কামনা কৰিছিল। কৰ্ণৰ বীৰত্বত দ্ৰৌপদী মুগ্ধ হৈ স্বামী ৰূপে পাবলৈ আবেগ বিহ্বল হৈ পৰিছিল কিয়?

তৃতীয় প্ৰশ্ন: ৰাম নামে জগতৰ সৰ্ব পাপ খণ্ডনৰ নীতি হৈ থাকোতে ৰামে ব্ৰহ্মহত্যা কৰি মুক্তিৰ বাবে তীৰ্থলৈ যাব লগা হৈছিল কিয়? ৰাম নাম লৈয়েই যদি জীৱে মুক্তি লাভ কৰে তেনেহ'লে সেই ৰামে নিজৰ মুক্তিৰ বাবে কাক প্ৰাৰ্থনা কৰে, কোনে তেওঁক মুক্তি দিব পাৰে। শুনক গুৰুদেৱ যেতিয়া পিতৃ যমদগ্নীৰ আদেশত মাতৃ ৰেণুকাক কুঠাৰেৰে মুণ্ডচেদ কৰি ব্ৰহ্মহত্যাত লিপ্ত হৈছিল ঋষিপুত্ৰ ৰাম। মাতৃ হত্যাৰ পাপত ৰামৰ হাতৰ পৰা চিন্নমুণ্ড আৰু কুঠাৰ সলকি পৰা নাছিল আৰু সেই পাপ খণ্ডনৰ বাবে পৰশুৰামে তীৰ্থ যাত্ৰা কৰিছিল। ভগৱানৰ দশ অৱতাৰৰ পঞ্চম ৰূপ পৰশুৰাম। গুৰুদেৱ, তেনেহ'লে এই ভগৱান অৱতাৰ বা ভগৱানে ব্ৰহ্ম হত্যা পাপৰ মুক্তি বিচাৰি কাক স্তুতি কৰিছিল। যাৰ নামেৰে জীৱজগতক মুক্তি দিয়ে। তেনেজনক কোনে মুক্তি দিব পাৰে গুৰুদেৱ। এই প্ৰশ্নই দিবা-নিশি মোৰ আহাৰ-নিদ্ৰা সকলো হৰণ কৰিছে। যিমানে চিন্তা কৰিছো [ ১৪ ] সিমানেই বেছি গভীৰতম স্থানলৈ মই গতি কৰিছোঁ। এন্ধাৰত পথ হেৰোৱা পথিকৰ দৰে মই চিন্তাত মাজে মাজে দিশহাৰা হৈছো। হে গুৰুদেৱ। এই সত্যক আপুনি লুকাই নেৰাখিব, মোৰ লগতে জগতৰ জ্ঞান পিপাষু সকলক এই গভীৰ সত্যৰ সন্ধান দিয়ক।

চতুৰ্থ প্ৰশ্ন : হে মহাশয় মোৰ চতুৰ্থ প্ৰশ্ন, অজৰ অমৰ ভগৱান। যদি সেইয়া সত্য তেনেহ’লে ভগৱান শ্ৰীকৃষ্ণ এজন সাধাৰণ অস্পৃয় ব্যাধৰ হাতত মৰিব লগা হ’ল কিয়? ভগৱানৰ এই কৰ্ময় তেওঁক হিনমন্য কৰা নাইনে? সৃষ্টিৰ অধিপতিৰ যদি মৃত্যু হয় অজৰ অমৰ ভগৱানৰ দৃষ্টান্ত কেনে ধৰণে বিচাৰ কৰা হয়। নৈমিশ কাননত এই সম্পৰ্কে কিছু কথা দাঙি ধৰিছিল আপুনি, কিন্তু কিছুমান উশৃংখল শ্ৰোতাৰ বাবে এই তত্বজ্ঞান মই লৱলৈ নেপালো আৰু আপুনিও এই চাৰি মহা সত্য, মহা তত্ব বাখ্যাৰ পৰা বিৰত থাকিল। হে মহানুভব মহৰ্ষি এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দি আপুনি মোক কৃতাৰ্থ কৰক। জৈমীনিৰ কথাত মাৰ্কণ্ডেয় মুনি বৰ আচৰিত হ’ল। কাৰণ এই প্ৰশ্ন চাৰিটা সাধাৰণ প্ৰশ্ন নহয়। এই চাৰি প্ৰশ্নৰ মাজত সোমাই আছে চাৰিখন মহা শাস্ত্ৰ। গুৰু গম্ভীৰ স্বৰেৰে মাৰ্কণ্ডেয় মুনি জৈমিনীক কলে হে ঋষিবৰ আপোনাৰ এই চাৰি প্ৰশ্ন চাৰিটা পথ। অজ্ঞান এন্ধাৰ দূৰ কৰাৰ বাবে চাৰিপাত তীক্ষ্ণবান। আৰু ভগৱান দৰ্শনৰ চাৰিটা প্ৰদীপ। এই জ্ঞান দাতা অতি বিৰল। পৰম পিতা ব্ৰহ্মাই মই মাৰ্কণ্ডেয় সুত, শুক আৰু নাৰদক এই জ্ঞান দান কৰিছিল। সেয়েহে সৰ্বজ্ঞান, সৰ্বশাস্ত্ৰবিদিত এই চাৰিজন জ্ঞানলব্ধ প্ৰজ্ঞান পুৰুষ। হে মুনিবৰ আপুনি যি প্ৰশ্ন মোক কৰিছে এই প্ৰশ্নৰ আলোকত শ্ৰোতা, সকলোৱে মুক্তি [ ১৫ ] লাভ কৰে। সন্মুখত মোৰ গভীৰ সমস্যা। বৰ্ত্তমান সময়ত মই যাগ- যজ্ঞত ব্যস্ত হৈ আছো। ঋষি সমাজে অপেক্ষা কৰি আছে মোক। এনে সময়ত ইমান বহলাই ক'ব লগা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মোৰ সময় নহ’ব। গুৰুদেৱ আপুনি মোক নিৰাশ নকৰিব। বহু আশা কৰি মই আপোনাৰ ওচৰলৈ আহিছো। মোক নিৰাশ নকৰিব। নহয় মুনিবৰ আপুনি বুজিবলৈ যত্ন কৰক। সংকল্পিত আহুতি বা পূৰ্ণাহুতি নিৰূপিত সময়ত দিব নোৱাৰিলে সি সকলোৰে বাবে ক্ষতিকাৰক হয়। এই কথা আপুনিয়ো নজনা নহয়। তেনেস্থলত আপুনি দুখ নকৰিব। শুনক ঋষিবৰ মই আপোনাৰ মনৰ ভাব বুজিছো। সেয়েহে আপোনাৰ এই চাৰি প্ৰশ্নৰ উত্তৰ দাতা আৰু আছে যিসকল শাস্ত্ৰজ্ঞানত মই মাৰ্কণ্ডেয়তকৈও শ্ৰেষ্ঠ। গুৰুদেৱ আপুনি মোৰ মনত বেচি কৌতুহল দৃষ্টি কৰিলে। আপোনাতকৈ জ্ঞানবান আৰু কোন আছে গুৰুদেৱ।

 হে ঋষিবৰ, বিন্ধাগিৰি পৰ্বতত পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সুমুখ, নামৰ চাৰিটা পক্ষী আছে। তেওঁলোকৰ ওচৰলৈ গৈ এই প্ৰশ্ন কেইটা সুধিলে তেওঁলোকে এই আটাইবোৰ কথা কোৱাৰ উপৰিও আন প্ৰশ্ন কৰিলেও তোমাক সকলো বুজাই জ্ঞানৰ ভড়াল পুষ্ট কৰিব। হে গুৰুদেৱ অলপ আগতে আপুনি কৈছিল, মাৰ্কণ্ডেয়, সুত, শুক আৰু নাৰদক পৰম পিতা ব্ৰহ্মাই এই জ্ঞান দিছিল। তেনেহ'লে আপুনি কোৱা এই চাৰি পক্ষী এনে জ্ঞানবান, ধাৰ্মীক হ’ল কেনেকৈ? হে মহানুভৱ গুৰুদেৱ আপোনাৰ কথা শুনি মোৰ এনেকুৱা হৈছে মই আচলতে সপোন দেখিছো, নে দিঠকত আপোনাৰ কথা শুনি আছোঁ। হে মহাশয় যাম, মই সেই পক্ষী সকলৰ ওচৰলৈ, যাম বিন্ধাগিৰী পৰ্বতলৈ আৰু তাত গৈ মই পক্ষী কেইটাৰ ওচৰত মোৰ প্ৰশ্নবোৰ [ ১৬ ] অৱতাৰণা কৰি তেওঁলোকৰ পৰা মই উত্তৰ বিচাৰি লম কিন্তু গুৰুদেৱ মোক এইবাৰ নিৰাশ নকৰি শেষত এটি প্রশ্নৰ উত্তৰ দিয়ক । আপুনি কোৱা এই ধর্মজ্ঞানী, সৰ্বজ্ঞানী পক্ষী চাৰিটা কেতিয়া কাৰ পৰা কেনে ভাবে জন্ম গ্ৰহণ কৰিছিল। এওঁলোকৰ গুৰু কোন? কাৰ দ্বাৰা এওঁলোক ইমান বিদগ্ধ ধর্মজ্ঞানী পণ্ডিত হ'ল এই কথাখিনি দয়া কৰি মোক বুজাই কওঁক গুৰুদেৱ।

 মার্কণ্ডেয় মুনি মহা চিন্তাত পৰিল। বহু আশা কৰি জ্ঞান আহৰণৰ বাবে জৈমিনী মোৰ ওচৰলৈ আহিছিল। যদি মই শেষ প্রশ্ন পক্ষী চাৰিটাৰ জন্ম কথাখিনি মুনিৰ আগত প্ৰকাশ নকৰো তেনেহ'লে মই ঘোৰ অন্যায় কৰা হ'ব। নহয়, এই প্রশ্নৰ উত্তৰ মই মুনিক অৱশ্যে দিম। হে মুনিবৰ তেনেহ'লে আপুনি একান্ত মনে শুনক- এই চাৰি ধর্মপক্ষীৰ অতীত আৰু বৰ্ত্তমানৰ গধুৰ বৃত্তান্ত। মুনিৰ আশ্ৰমৰ শিষ্যসকলক কর্ম নির্দেশনা দি মুনি একান্ত মনে জৈমিনী মুনিৰ আগত ধৰ্মপক্ষীৰ জন্ম বৃত্তান্ত ক’বলৈ আৰম্ভ কৰিলে।

 পূর্ব্বকালত সিদ্ধিশ্রী নামৰ এজন তপস্বী আছিল। এই সিদ্ধিশ্ৰীৰ দুজন ল'ৰা আছিল। ডাঙৰ লৰা শুক্ৰিশ আৰু সৰু ল'ৰা সতম্বু। দুই ভাই অতি মিলাপ্ৰীতিৰে লাহে লাহে ডাঙৰ হৈ আহিল। ওচৰৰ গুৰু গৃহত দুয়ো শিক্ষা-দীক্ষা লাভ কৰি ঘৰলৈ ঘুৰি আহিল। এদিনাখন সিদ্ধিশ্ৰীৰ মৃত্যু হ’ল। পিতৃৰ মৃত্যুত শুক্রিশ সতম্বু দুখত বৰ ম্রিয়মান হৈ পৰিল। পিতৃৰ প্ৰেতকর্ম সম্পূৰ্ণ কৰি দুয়ো ভাই গৃহকর্মত মনোনিৱেশ কৰিলে। কালক্ৰমত দুই ব্ৰাহ্মণ কন্যাৰ পানী গ্ৰহণ কৰি দুয়োজন সংসাৰ ধৰ্মত ভৰি দিলে। সময়বোৰ গৈ থাকিল। এদিন দুদিনকৈ ঘৰখনত গৃহ কন্দল আৰম্ভ হ'ল। শান্তিৰ পূৰ্ণপ্ৰাপ্ত [ ১৭ ] ঘৰখন ঘোৰ অশান্তিৰে ভৰি পৰিল। মনৰ দুখত এদিনাখন শুক্রিশ মুনি সিদ্ধান্ত ললে মই ইয়াত নাথাকো ৷ এনেধৰণে যদি সদায় ঘৰখনত অশান্তি হৈ থাকে তেনেহ’লে আমাৰ মৃত পিতাৰ নামত আমি কলঙ্ক দিয়া হ’ব। সেয়েহে মই ইয়াত থকা উচিত নহয়। এদিন শতম্বুক মাতি আনি শুক্রিশে কলে- “শতম্বু এই পৈত্রিক সম্পত্তি আশ্ৰমৰ সকলো স্থাৱৰ অস্থাৱৰ সকলোখিনিৰ গৰাকী আজিৰ পৰা তই। মই ইয়াত নাথাকো। মই অন্য ঠাইলৈ গুচি যাম। কিন্তু মনত ৰাখিবি আশ্ৰম বা ঘৰখনৰ উন্নতি বা অধঃনতিৰ লগত মৃত পিতৃৰ নাম জড়িত হৈ আছে। মৃত পিতৃৰ যাতে আত্মাই কষ্ট নাপায়, আশ্ৰমখন ভালদৰে পালন কৰিবি।” এই বুলি আশ্ৰমৰ দায়িত্ব শতম্বুৰ হাতত অৰ্পন কৰি শুক্রিশে ভাৰ্য্যা গৌতমীৰ হাতত ধৰি আশ্ৰম ত্যাগ কৰি যাবলৈ ওলাই আহিল। শতম্বুৰ হৃদয়ত ভাতৃৰ প্ৰতি থকা প্ৰেমে দুচকুৰে নামি আহিল বেদনাৰ অশ্ৰুধল ৷ অশ্রুসিক্ত নয়নেৰে শতঙ্কুৱে শুক্ৰিশৰ মুখলৈ চায় ক’লে- মোক ত্যাগ কৰি তই গুচি নাযাবি দাদা “কুহাকিনী’ৰ মায়াত পৰি সোণৰ সংসাৰখন আমাৰ পুৰি চায় হ’বলৈ ওলাইছে। দলনিত পোনা মেলাৰ দৰে মোক অকলশৰীয়া কৰি এৰি নাযাবি ভাই।” শতম্বুৰ নানা স্তুতি বানীও শুক্ৰিশৰ মন গলাব নোৱাৰিলে। ভার্যা গৌতমিৰ হাতত ধৰি আশ্ৰমৰ ফালে ঘূৰি ঘূৰি চায় মন্থৰ গতিৰে দুয়োজন আগবাঢ়ি গ'ল। চেনেহৰ ভাতৃ শতন্তু মুনি কাঠৰ পুতলাৰ দৰে বিদায়ৰ এই দৃশ্য চায় থিয় হৈ ৰ’ল। সাক্ষী হৈ ৰ'ল আশ্ৰমৰ তৰ-তৃণ, চৰাই-চিৰিকতি। এজাক সৰু বৰষুণ শুক্ৰিশৰ বিদায় বেলাত যেন সকলোৰে চকুপানীহে সৰিছে। শুক্ৰিশ মুনি অনাহাৰে পথশ্রান্ত হৈ বিদ্ধাগিৰি পৰ্বতত উপস্থিত হ’ল। গছৰ তলতে সন্ধ্যা জলপান [ ১৮ ] কৰি নিশাতো গছৰ তলত কটালে। পিছদিনাখন মুনি নিজ হাতে এটি সৰু পঁজা নিৰ্মাণ কৰি তাতে তেওঁলোকে বসবাস কৰি থাকিল দিনবোৰ অতিবাহিত হৈ যায়। দিন যায় ৰাতি আহে, বাৰিষা গ’ল, খৰালি পৰে, অমাৱশ্যাৰ এন্ধাৰৰ ঠাইত পূৰ্ণিমাৰ স্নিগ্ধ জোনাক উপভোগ্য হয়। শুক্ৰিশ মুনিৰ ক্ৰমে চাৰিটা সন্তান জন্ম পালে৷ মুনি এদিন মনে মনে ভাৱে পুত্ৰ-কন্যা জন্ম দিলে পিতৃ-মাতৃৰ কৰ্তব্য শেষ নহয়, সামায়িকভাৱে শিক্ষা-দীক্ষা দান কৰি সন্তানক নিপুণ শৈলীত গঢ় দিব পাৰিলে সেই পিতৃ-মাতৃৰ সফল পিতৃ-মাতৃ হ'ব পাৰে আৰু পিতৃত্বৰ দাবীদাৰ হ’ব পাৰে।

 এই বিন্ধ্যাগিৰী পৰ্বতত কোনো ধৰণৰ শিক্ষাৰ অনুষ্ঠান নাই। মই ইহঁতক কেনেদৰে কি শিক্ষা দান কৰিম, নহয় শিক্ষা দিব নোৱাৰিলেও ধৰ্ম আৰু নীতি জ্ঞান মোৰ হৃদয়ত থকা পঢ়াশালিৰ শিক্ষাই ইহঁতক মই দান কৰিম। এদিনাখন শুক্ৰিশ মুনিয়ে ল’ৰা চাৰিজনক তেওঁৰ ওচৰলৈ মাতি আনি কুশাসনত বহিবলৈ দি ক'লে— “হে বাচাহঁত শিক্ষা অনুষ্ঠানৰ অভাৱত মই তোমালোকক শিক্ষা দান কৰিব নোৱাৰিলো কিন্তু আজি মই তোমালোকৰ পিতৃ হিচাপে তোমালোকক এটি কালজয় সৰ্বসিদ্ধী মন্ত্ৰৰ দীক্ষা দিম যি মন্ত্ৰৰ প্ৰভাৱত তোমালোকে অসাদ্ধ্য সাধন কৰিব পাৰিবা। সৰ্বোতপ্ৰকাৰ সিদ্ধী লাভ কৰিব পাৰিবা’ একান্ত মনে মন্ত্ৰষাৰ তোমালোকে আয়ত্ব কৰা-

 “পিতা স্বৰ্গ পিতা ধৰ্ম / পিতাহি পৰমম তপঃ
 পিতোৰি পিতৃমাপন্নে / প্ৰিয়ন্তে সৰ্বদেৱতা।”

 বাচাহঁত এই কালজয়, যুগজয় মন্ত্ৰয়ে দিব তোমালোকক [ ১৯ ] ঐশ্বৰিক শক্তিৰ সন্ধান। সংকল্পিত সকলো বিষয় বৈভৱ তোমালোকে লাভ কৰিবা। পিতৃৰ এই কথা শুনি শুক্ৰিশৰ চাৰি পুত্ৰ আনন্দত উৎফুল্লিত হৈ উঠিল। খাওতে শুৱোতে, উঠোতে বহোতে নদীৰ ঘাট, ফুলনিত ঋষিৰ চাৰি পুত্ৰৰ মন্ত্ৰধ্বনি চাৰিওঁফালে বৈ গ’ল। এই কথাখিনি যেন আকাশে বতাহে দূৰ-দূৰণিলৈ কঢ়িয়াই লৈ গ'ল। আকাশ মাৰ্গৰে এদিন নাৰদ মুনি বিচৰণ কৰি থকাৰ সময়ত চাৰি পুত্ৰৰ এই মন্ত্ৰধ্বনি শুনিবলৈ পালে। কৌতুহলি নাৰদে ভাবিলে প্ৰচাৰ হোৱা শুক্ৰিশ মুনিৰ চাৰিপুত্ৰৰ সিদ্ধী লাভৰ ভক্তিগীত আজি মই নিজ কানে শুনিবলৈ পালো। কন্দলৰ মহাৰাজা নাৰদ মুনি ইন্দ্ৰৰ ভূৱনলৈ গ'ল। নাৰদ মুনিক দেখা পায় দেৱতা সকলে আসনৰ পৰা থিয় হৈ নাৰদ মুনিক সেৱা জনালে৷

 ব্ৰাহ্মণং জগত তীৰ্থ, পবিত্ৰ পাপ নাশনং
 ভৌ দেৱ হৰনমে পাপ, অগ্ৰ জন্মে নমোহস্তুতে।

 হে দেৱৰ্ষি আসন গ্ৰহণ কৰক। দেৱ সমাজৰ বাতৰি যোগনিয়াৰ আপুনি কিবা ভাল সংবাদ আনিছে নেকি আমালৈ। নাৰদ মুনি তপৰাই মাত লগালে ভাল খবৰ নহয় দেৱৰাজ ইন্দ্ৰ। বৰ ভয় লগা দুঃসংবাদ। হয়তো খুব কম দিনৰ ভিতৰত অমৰাৱতীৰ ৰাজ সিংহাসনৰ পৰা আপুনি ক্ষমতাস্বুত হ'ব লাগিব। হাতযোৰকৈ দেৱৰাজ ইন্দ্ৰই নাৰদ মুনিক সুধিলে— হে দেৱৰ্ষি নাৰদ কাৰ বাবে কিয় মই ক্ষমতাস্বুত হ’ব লগা হৈছে। কোন দুষ্কৃতিকাৰীৰ আক্ৰমণৰ আগজাননী নে অসুৰ দানৱৰ অমৰাৱতী বিজয়ৰ বাবে কঠোৰ তপস্যাৰ আৰম্ভ। কিহৰ বাবে ইমান শংকা হে দেৱৰ্ষি। বাৰে বাৰে দেৱৰাজ ইন্দ্ৰ, দেৱ সমাজৰ আত্মগৌৰৱ, দেৱৰ দেৱত্ব ভূলণ্ঠিত হৈ দেৱতা নামেৰে জীয়াই [ ২০ ] আছোঁ। শুম্ভ-নিশুম্ভ, মহিষাসুৰ, নমৰাসুৰ, ৰক্তবীজ আদিৰ দৰে অসুৰৰ হাতত বাৰে বাৰে বহুত নিকাৰ ভূঞ্জিছো এইবাৰ কোন দৈত্য-দানৱ, নে ৰজা-মহাৰজাই যুদ্ধ যাত্ৰা কৰিলে দেৱৰ্ষি। নাৰদে ক’লে- হে দেৱৰাজ ইন্দ্ৰ আপুনি মনত ভবা কথাবোৰৰ বিষয়ে মই ক’ব খোজা নাই আৰু কোনোবাই যুদ্ধ যাত্ৰা কৰাৰ সংবাদো দিবলৈ অনা নাই। এইবাৰ ভয়ৰ কাৰণ মই বুজাই কওঁ শুনক মৰ্ত্যত শুক্ৰিশ নামৰ মুনি এজনৰ চাৰিটা পুত্ৰ এনেকুৱা ধৰ্মজ্ঞানী আৰু পিতৃ পূজক হৈ উঠিছে সিহঁতৰ মন্ত্ৰৰ প্ৰভাৱত হয়তো এদিন আপুনি অৰমাৱতীৰ ৰাজসিংহাসন হেৰুৱাব লাগিব। অদ্বিতীয় এই চাৰিপুত্ৰ পিতৃ ভক্তিৰ তুলনাহীন আদৰ্শ। যদি আপোনাৰ মংগল চায় বিষগছৰ গুটি, ঠাল-ঠেঙুলি নধৰোতে ইয়াক শেষ কৰিব লাগিব। অন্যথা অমৰাৱতী ৰাজসিংহাসন মুনিৰ পুত্ৰগণে কাঢ়ি নিয়াতো সত্য। নাৰদৰ কথাত দেৱৰাজ ইন্দ্ৰই ভয়ভাবে ক’লে- হে দেৱৰ্ষি আপুনি দেৱ সমাজৰ পৰিত্ৰাতা। দেৱতাসকলৰ এই ঘোৰ বিপদৰ সময়ত আপুনি আমাক উপদেশ দান কৰক। দেৱৰাজ ইন্দ্ৰৰ কাতৰ প্ৰাৰ্থনাত দেৱৰ্ষি নাৰদে দেৱৰাজ ইন্দ্ৰক ক’লে- হে দেৱৰাজ ইন্দ্ৰ যদি অমৰাৱতী ৰাজসিংহাসন নিষ্কণ্টক কৰিব খোজা তেনেহ’লে যেনেকৈ পাৰা অতি সোনকালে মুনিৰ পুত্ৰ সকলক বধ কৰিব লাগিব। তেওঁলোকৰ অন্তৰত থকা সিদ্ধ মন্ত্ৰৰ বাবে সিহঁতৰ মন্ত্ৰ ধ্বংস কৰাতো সম্ভৱ নহয় সেয়েহে সিহঁতক বধ কৰাৰ বাহিৰে মই আন উপদেশ দিব নোৱাৰিম। দেৱৰাজ ইন্দ্ৰই ক’লে- হে দেৱৰ্ষি মই এই মুহূৰ্তে মৰ্ত্য লোকলৈ যাত্ৰা কৰিম আৰু যদি সিহঁতে প্ৰকৃতকে পিতৃ ভক্ত হয় মই দুয়োহাত ওপৰলৈ তুলি [ ২১ ] সিহঁতৰ দীৰ্ঘায়ু কামনা কৰিম । আৰু যদি ভক্তিৰ বলত অমৰাৱতীৰ ৰাজসিংহাসনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হয় মই সিহঁতক নিৰ্মূল কৰি থৈ আহিম৷ দেৱৰাজ ইন্দ্ৰৰ কথাত মিচিকিয়া হাঁহি মাৰি নাৰদ মুনিয়ে ক’লে হে দেৱৰাজ ইন্দ্ৰ কি ৰূপেৰে যাব মুনিৰ পুত্ৰক পৰীক্ষা কৰিবলৈ৷ দেৱৰাজ ইন্দ্ৰই ক’লে হে দেৱৰ্ষি এয়া চাওঁক মই ধাৰণ কৰিলো বৃদ্ধ পক্ষীৰ ৰূপ। এই ৰূপেৰে গৈ মই মুনিৰ পুত্ৰক পৰীক্ষা কৰিম। ক্ষত-বিক্ষত দেহ, ভগ্ন পাখী, দেহৰ পৰা নিগৰি থকা তেজৰ স্ৰোত, এই ৰূপৰ পক্ষী এটা হৈ দেৱৰাজ ইন্দ্ৰ শুক্ৰিশ মুনিৰ আশ্ৰমৰ পদুলিত পৰি গুৰুদেৱ গুৰুদেৱ বুলি চিঞৰিবলৈ ধৰিলে। সেই সময়ত মুনিৰ চাৰি পুত্ৰই পিতাকৰ পূজাৰ বাবে ফুল তুলিবলৈ উদ্যানলৈ গৈছিল। পক্ষীৰ মাতত, গুৰুদেৱ গুৰুদেৱ বুলি মতা শুনি শুক্রিশ মুনি বাহিৰলৈ ওলাই আহি আহত পক্ষীটোক দেখি মুনিয়ে সুধিলে- হে পক্ষীৰাজ কোনে তোমাক এনেকুৱা অৱস্থা কৰিলে কিয় তুমি এনেদৰে পদূলিত পৰি আছা। সেহাই সেহাই পক্ষীটোৱে ক'লে- হে, গুৰুদেৱ এই বিন্ধাগিৰী পৰ্বতৰ উচ্চ শৃংগত আছিল মোৰ বাহ, মই বৰ বৃদ্ধ, মই উৰি গৈ আহাৰ খাবলৈ মোৰ দেহত শক্তি নাই। বেছিভাগ অনাহাৰে মই বাহত পৰি আছিলোঁ। আজি আঠদিন আগৰ কথা ক'ৰবাৰ পৰা এটা প্ৰকাণ্ড পক্ষী আহি মোৰ বাহৰ ওপৰেদি উৰি যাওঁতে তাৰ পাখীৰ স্রোতত মই বাহ সহিতে উৰি গ'লো আৰু তাৰ যেতিয়া পাখীৰ স্রোত কমি আহিল মই তললৈ সৰি শিলৰ ওপৰত পৰি গ'লো। এটাৰ পৰা আন এটা শিলত পৰি পৰি ঠোঁট বেকা হ’ল, পাখি ভাঙি গ’ল, ভৰি এখন চিগি [ ২২ ] গ’ল। আজি এই আঠদিনে মই অচেতন হৈ পৰি আছিলোঁ। আজি মই জ্ঞান ফিৰাই পাইছো। মই উপলব্ধি কৰিছো মোৰ দেহৰ জ্বালাতকৈও পেটৰ জ্বালা যেন তীব্ৰতৰ হৈছে। মোক জীয়াই থাকিবলৈ দিয়ক গুৰুদেৱ। মোক আহাৰ দিয়ক। অন্যথা মোৰ মৃত্যু হ’ব গুৰুদেব। পক্ষীৰ দুখত ম্ৰিয়মান হৈ শুক্ৰিশ মুনিয়ে ক’লে হে পক্ষীৰাজ কি আহাৰ খাবলৈ পালে তুমি সন্তুষ্ট হ’বা। তুমি মোক কোৱা,মই অতি সোনকালে তোমাৰ আহাৰ যোগান ধৰিম। পক্ষীয়ে ক’লে হে গুৰুদেৱ মোৰ মৃত্যুমুখী অৱস্থা হ’লেও মই তেনেদৰে আহাৰ গ্ৰহণ নকৰো। যদি আপুনি মোক আহাৰ দিয়ে, আহাৰ দিম বুলি আপুনি সত্য অংগীকাৰ কৰিব লাগিব। পক্ষীৰ কথাত মুনিয়ে আশ্বৰ্য্য প্ৰকাশ কৰিলে। এটা সাধাৰণ পক্ষীয়ে আহাৰ গ্ৰহণ কৰিব, তাৰ বাবে শুক্ৰিশ মুনিয়ে কৰিব লাগিব সত্য অংগীকাৰ। মুনি যেন পক্ষীৰ কথাত বিপদৰ আগজাননী উপলব্ধি কৰিছে। তথাপি অতিথিজন ভগৱান সদৃশ, পক্ষী হলেও তেওঁ মোৰ আজি অতিথি। তেওঁৰ অভিলাসিত আহাৰ অৱশ্যেই মই দিব লাগিব। মুনিয়ে ক’লে হে পক্ষীৰাজ সত্য সত্য তিনি সত্য, মই ভগৱানৰ নামত প্ৰতিজ্ঞা কৰি কৈছো তুমি যি আহাৰ বিচৰা তাকে মই তোমাৰ ওচৰত উপস্থিত কৰাম। হে, ক্ষুধাৰ্ত অতিথি পলম নকৰি মোক অৱগত কৰা কি আহাৰ পালে তুমি সন্তুষ্ট হ’বা। মুনিৰ কথাত পক্ষীৰূপী ইন্দ্ৰই ক’লে– “হে মুনিবৰ আজি মই আঠদিনে অনাহাৰী ব্ৰত কৰি আছো,পিতৃ পুৰুষৰ নীতি অনুযায়ী আন কোনো আহাৰেৰে ব্ৰত ভংগ কৰা নহয়, সেয়েহে মোৰ ব্ৰত ভংগৰ বাবে যদি আপুনি সচাকৈয়ে দয়া কৰি মোক দিব খোজে মোক ব্ৰত ভংগৰ উপাদান মনুষ্যৰ কোমল মাংস [ ২৩ ] আৰু উত্তপ্ত ৰক্ত আপুনি মোক আনি দিয়ক।” পক্ষীৰ আহাৰৰ কথা শুনি শুক্ৰিষ মুনি ব্ৰজপাত হোৱা মানুহৰ দৰে নিঠৰ হৈ ৰ’ল। এয়া ম‍ই কি শুনিছো, এনেকুৱা বৃদ্ধ পক্ষীয়ে খাব খুজিছে মনুষ্যৰ কোমল মাংস আৰু উত্তপ্ত ৰক্ত। কিন্তু পাম ক’ত। বিন্ধাগিৰী পৰ্বত বিচাৰি চলাধ কৰিলেও মানুহ পাবলৈ নাই। ক’ৰ পৰা দিম কোমল মাংস আৰু উত্তপ্ত ৰুধিৰ হঠাৎ যেন মুনি চেতনা পালে নহয় নহয় চিন্তা কৰাৰ কাৰণ নাই, মোৰ ঘৰতে আছে চাৰিটি সুযোগ্য সন্তান, প্ৰয়োজন হ’লে মোৰ ধৰ্ম ৰক্ষাৰ বাবে চাৰি পুত্ৰক আগবঢ়াই দিম পক্ষীৰ আহাৰস্বৰূপে। মায়াবী পক্ষীয়ে মুনিলৈ চাই ক’লে- “হে গুৰুদেৱ, আপুনি যদি মোক আহাৰ দিব নোৱাৰে, মই আন কোনো আশ্ৰমলৈ যাওঁ, সত্যভংগ পাপত আপুনি চিৰকাল পতিত হৈ থাকিব লাগিব। মুনিয়ে ক’লে- হে পক্ষীৰাজ তেনেকুৱা কথা নকবা, মোৰ চাৰিপুত্ৰ গৈছে উদ্যানত ফুল তুলিবলৈ, সিহঁতক মই এই মুহূৰ্তে মাতি আনিম। সিহঁতৰ দেহৰ কোমল মাংস হ’ব তোমাৰ ক্ষুধা নিবাৰণ আৰু সিহঁতৰ দেহৰ ধৰ্মনিত প্ৰৱাহিত ৰক্তেৰে হ’ব তোমাৰ পাপৰ তৃষ্ণা নিৱাৰণ। উদ্যানৰ ফালে চায় মুনিয়ে চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে বাচাহঁত তোমালোকে য’তে যেনেদৰে আছা মোৰ ওচৰলৈ লৰি আহা। পিতৃৰ কণ্ঠস্বৰ শুনাৰ লগে লগে ল’ৰা কেইটাই বৰ আচৰিত হ’ল। আমি উদ্যানলৈ অহাৰ সময়ত পিতাই আমাক কোনোদিনে নামাতে, হয়তো আজি পিতাক কোনো হিংস্ৰ জন্তুয়ে আক্ৰমণ কৰিছে সেয়েহে পিতাই আমাক চিঞৰি চিঞৰি মাতিছে। ল’ৰা কেইটাই দৌৰি আশ্ৰমলৈ আহিল। প্ৰণাম জনাই পিতাকক সুধিলে- হে পিতৃদেৱ, কিয় আজি অসময়ত আমাক মাতি আনিলে। কি বিপদ হৈছে আপোনাৰ। [ ২৪ ] পুত্ৰসকলৰ আচৰণত পিতৃৰ হৃদয়ৰ পৰা ওলাই গ’ল এটি দুখৰ হুমুনিয়াহ। এনে জ্ঞানবান পুত্ৰ সকলক কেনেকৈ মই পক্ষীৰ আহাৰ কৰি আগবঢ়াই দিম। নিজকে সংযত কৰি মুনিয়ে ভাবিলে ধৰ্মতকৈ আন একো ডাঙৰ হ’ব নোৱাৰে, দানৰ তুলনা আন একোৰে লগত কৰিব নোৱাৰি। মই প্ৰতিজ্ঞা কৰি থৈছো। মই পক্ষীক আহাৰ দিবই লাগিব। ল’ৰা কেইটাৰ ফালে চায় মুনিয়ে ক’লে- হে বাচাহঁত আমাৰ দুৱাৰদলিত সেয়া কি দেখিছা। চাৰিও পুত্ৰই একে মুখে ক’লে পিতা আমি এটা বৃদ্ধ পক্ষী দেখিছো নহয়। বাচাহঁত বৃদ্ধ পক্ষী বুলি নকবা, তেওঁ আজি আমাৰ অতিথি। তেওঁক আহাৰ দিয়াৰ বাবে মই প্ৰতিশ্ৰুতি দান কৰিছো, তোমালোকে এই পক্ষীক আহাৰ দান কৰি মোক সত্যৰ পৰা উদ্ধাৰ কৰিব লাগিব। পুত্ৰ চাৰিজনে ক’লে-এটি সাধাৰণ পক্ষীয়ে আহাৰ গ্ৰহণ কৰিব তাৰ বাবে আপুনি ইমান চিন্তা কৰিছে পিতা। পক্ষীয়ে কি আহাৰ খাব, কি আহাৰ খালে সন্তুষ্ট হ’ব আমি এই মুহূৰ্তে আনি দিম। মুনিৰ মনে মনে গৌৰৱ অনুভৱ হ’ল, এয়াইতো প্ৰকৃত পুত্ৰ। পিতৃৰ বাক্য ৰক্ষাৰ বাবে পুত্ৰৰ এই ত্যাগ অতি প্ৰশংসনীয়। বাচাহঁত তোমালোকৰ কথাত মই বৰ আনন্দ পাইছো। তোমালোকৰ দৰে পুত্ৰ পাই মই বৰ গৌৰৱ অনুভৱ কৰিছো। দুৱাৰত মৃত্যুমুখী অতিথি তেওঁৰ ক্ষুধা, তৃষ্ণা দূৰ কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য। এতিয়া শুনা পক্ষীয়ে কি আহাৰ গ্ৰহণ কৰিব। শুনা পক্ষীয়ে মনুষ্যৰ কোমল মাংস আৰু তপত তেজ। তোমালোকে জানা বিন্ধাগিৰী পৰ্বতত আমাৰ ঘৰখনৰ বাহিৰে মানুহ পাবলৈ নাই। সেয়েহে মই পক্ষীৰ ওচৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি মোৰ চাৰিপুত্ৰ আগবাঢ়ি যোৱা [ ২৫ ] পক্ষীৰ ওচৰলৈ। তোমালোকৰ দেহৰ কোমল মাংসই হ’ব পক্ষীৰ ক্ষুধা নিবাৰণ আৰু উত্তপ্ত ৰক্তেৰে তৃষ্ণা দূৰ কৰি পক্ষীৰ অষ্টম দিনৰ ব্ৰত সমাপ্ত কৰিব। মুনিৰ কথা শুনি চাৰিপুত্ৰ চিঞৰি উঠিল। আপুনি কৈছে কি পিতা, এটা সাধাৰণ পক্ষীৰ কাৰণে আমাৰ নিজৰ জীৱন আমি বিসৰ্জন দিব নোৱাৰিম। মুনিয়ে ক’লে নহয় বাচাহঁত মই যে আহাৰ দিম বুলি পক্ষীৰ ওচৰত পূৰ্বতে প্ৰতিজ্ঞা কৰিছো। মই আহাৰ দিব নোৱাৰিলে মোৰ যে সত্য ধৰ্ম নষ্ট হৈ যাব। জ্যেষ্ঠ পুত্ৰই ক’লে পিতা ধৰ্মৰ উৎপত্তি কেনে ধৰণে হয় মই জানো। কৰ্মতকৈ ডাঙৰ কোনো ধৰ্ম নাই। কাৰোবাৰ জীৱন দানে কাৰোবাৰ তৃপ্তি সাধন এয়া কোনো ধৰ্ম হ’ব নোৱাৰে। আপুনি আন যি আদেশ কৰে আমি মানি ল’ম কিন্তু পক্ষীৰ আহাৰ হৈ আমাৰ নিজৰ জীৱন বিসৰ্জন দিব নোৱাৰো। পুত্ৰ সকলৰ কথাত মুনি ক্ৰোধত জ্বলি উঠিল। কি তেনেহ’লে ইমান দিনে মই গাখীৰ খোৱাই সাপ পুহি আছিলো। জগতত প্ৰচাৰ হৈছিল শুক্ৰিষ মুনিৰ চাৰিপুত্ৰ পৰম পিতৃ ভক্ত। পিতৃৰ বাবে অদ্বেয় একো নাই কিন্তু আজি তহঁতে প্ৰমাণ কৰি দিলে তহঁত পিতৃভক্ত নহয়। তহঁত ভন্দ। তহঁতৰ দৰে কুপুত্ৰৰ পিতা হোৱাতকৈ মই নিঃবংশ হোৱাই ভাল। যিহেতুকে পুত্ৰ হৈ পিতৃ বাক্য পালন নকৰিলি আজি মই তহঁতক অভিশাপ দিম আজি মোৰ আশ্ৰমৰ দুৱাৰদলিত মৃত্যুমুখী পক্ষীৰূপী অতিথি যেনেদৰে যম ঘৰলৈ যাব ওলাইছে, তহঁতেও এনেকুৱাকৈ ডালে ডালে বগাই ফুৰা পক্ষীৰূপে জন্ম গ্ৰহণ কৰিবি। অভিশাপ পায় চাৰি পুত্ৰই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পক্ষীৰূপী ইন্দ্ৰই মুনিৰ ফালে চায় ক’লে হে গুৰুদেৱ যদি [ ২৬ ] আপুনি মোক আহাৰ দিব নোৱাৰে তেনেহ’লে মোক যাবলৈ দিয়ক। মুনিয়ে ক’লে- হে পক্ষীৰাজ তেনে কথা নকবা তুমি নিজ চকুয়েদি দেখিছা মোৰ মৰমৰ চাৰি পুত্ৰ তোমাৰ বাবে হ’ল অভিশপ্ত। পুত্ৰ অভিশপ্ত হ’লেও মই এতিয়াও জীয়াই আছো। মই নৰ্মদাৰ পৰা স্নান কৰি আহো। ধৰ্ম ৰক্ষাৰ বাবে প্ৰয়োজন অনুসৰি মোৰ নিজৰ জীৱন তোমাৰ আহাৰ স্বৰূপে আগবঢ়াই দিম। তথাপি মোৰ ধৰ্ম মই ৰক্ষা কৰিব লাগিব। অলপ অপেক্ষা কৰা পক্ষীৰাজ। এই মুহূৰ্তে মই নৰ্মদাত স্নান কৰি উলটি আহি। কিছু সময়ৰ পিছত মুনি স্নান কৰি উলটি আহি পক্ষীক ক’লে- হে পক্ষীৰাজ মই তোমাক দিব খুজিছিলো কোমল মাংস, তপত তেজ আৰু এতিয়া তাৰ পৰিৱৰ্ত্তে দিব লগা হ’ল বৃদ্ধৰ দেহৰ সেমেকা মাংস, শীতল ৰক্ত। মুনিৰ কথাই পক্ষীৰূপী ইন্দ্ৰক সচকিত কৰি তুলিলে। বিনয়ীভাৱে পক্ষীয়ে ক’লে- হে গুৰুদেৱ মই আপোনাৰ দেহৰ মাংসক আহাৰ কৰি গ্ৰহণ কৰিব নোৱাৰিম। কাৰণ মই পক্ষী নহয়, মই দেৱৰাজ ইন্দ্ৰ। অতি যোগ্যবান ভক্ত বুলি জগতত প্ৰচাৰ হোৱা আপোনাৰ চাৰিপুত্ৰৰ চৰিত্ৰ পৰীক্ষাৰ বাবে মই পক্ষীৰূপেৰে আপোনাৰ আশ্ৰমলৈ আহিছিলোঁ। কিন্তু যি শুনিছিলো সেয়া ভূল। জগতত প্ৰচাৰ হোৱা শুক্ৰিষ মুনিৰ চাৰিপুত্ৰ পৰম পিতৃ ভক্ত, ধাৰ্মিক কিন্তু আজি মই যি দেখিলো আপোনাৰ চাৰিপুত্ৰ ভক্ত বা ধাৰ্মিক নহয়। যাৰ মৃত্যু ভয় থাকে, সি ধাৰ্মিক হ’ব নোৱাৰে। দানক যিয়ে ভয় কৰে সি ভক্ত হ’ব নোৱাৰে। গুৰুদেৱ আপোনাৰ পুত্ৰসবৰ মই চৰিত্ৰ প্ৰকাশ কৰি অভিশপ্ত কৰাৰ বাবে মোক আপুনি ক্ষমা কৰিব। মুনিয়ে ক’লে- হে দেৱৰাজ ইন্দ্ৰ তুমি চলনা কৰি আহি এটা সত্য প্ৰকাশ কৰিলা সচা কিন্তু মোক কৰিলা অনাথ, অভিশপ্ত, [ ২৭ ] চাৰিপুত্ৰৰ অৱৰ্তমানত যাগ-যজ্ঞ কৰাটো মোৰ বাবে বৰ কঠিন হৈ পৰিল। যাগ-যজ্ঞ কৰাৰ সময়ত কোনে যোগান ধৰিব মোৰ ফুল- বেলপাত। কোনে আনি দিব মোৰ যজ্ঞৰ সম্ভৰ। কোনো দুষ্কৃতিকাৰীয়ে যেতিয়া মোৰ যজ্ঞবেদীত অত্যাচাৰ আৰম্ভ কৰিব কোনে বাধা দিব সেই দুষ্কৃতিকাৰীক। আশ্ৰয়হীন মই, অপুত্ৰক মই। দেৱৰাজ ইন্দ্ৰই ক’লে- অপুত্ৰক বুলি দুখ নকৰিব গুৰুদেৱ, স্বৰ্গ-মত্য, পাতালৰ অধিকাৰী দেৱৰাজ ইন্দ্ৰ হ’ব আজিৰ পৰা আপোনাৰ পুত্ৰ স্বৰূপ। দুষ্কৃতিকাৰীয়ে যেতিয়া আপোনাৰ ধৰ্ম, কামত ব্যাঘাত জন্মাব তেতিয়া মই দেৱৰাজ ইন্দ্ৰই দধিচিৰ হাড়েৰে নিৰ্মিত বজ্ৰ হাতত লৈ দুষ্কৃতিকাৰী নিধন কৰি আপোনাৰ পুত্ৰ দায়িত্ব পালন কৰিম। এইবুলি কৈয়েই দেৱৰাজ ইন্দ্ৰ তাৰ পৰা অন্তৰ্দ্ধ্যান হৈ গুছি গ’ল। দেৱৰাজ ইন্দ্ৰ প্ৰস্থানৰ পিছত অভিশপ্ত চাৰি পুত্ৰই পিতাকৰ চৰণত ধৰি কান্দিবলৈ ধৰিলে। পিতা নিজৰ জীৱনৰ মমতাত আৱদ্ধ হৈ আপোনাৰ বাক্য আমি পালন নকৰিলো। ব্ৰহ্ম বাক্য কেতিয়াও খণ্ডন নহয়, সেই কথা আমি জানো কিন্তু পিতা আমি অনুৰোধ কৰো আমাৰ এই অভিশাপত যাতে আমি ডালে ডালে বগাই ফুৰা পক্ষীৰ জন্ম হ’ব নেলাগে দয়া কৰি আমাক এইখিনি কৃপা কৰক। পুত্ৰসকলৰ আনুনয় বিনয় শুনি মুনিৰ প্ৰাণত পুনৰ পুত্ৰ স্নেহৰ জোঁৱাৰ উঠিল। গদ্ গদ্ মাতেৰে পুত্ৰ সকলক ক’লে মোক পিতা বুলি নামাতিবি। মোৰ হৃদয়ত পুনঃ মায়াৰ সঞ্চাৰ নকৰিবি। মোৰ কোনো পুত্ৰ নাই। মই কাৰো পিতা নহয়। তথাপি যিহেতুকে তহঁতে মোক পুনৰ সন্তুষ্ট কৰিছ তহঁতৰ অভিশাপ সম্পৰ্কে মই কওঁ শুন। ব্ৰহ্মবাক্য অখণ্ডনীয়। পক্ষীৰ জন্ম তহঁতে ল’বই লাগিব। কিন্তু পক্ষী হ’লেও তহঁতে যেনে, তেনে পক্ষী নহ। চাৰিবেদ, চৈধ্য [ ২৮ ] শাস্ত্ৰ, ওঠৰ পুৰাণ, ভূত ভৱিষ্যত, অতীত, বৰ্তমান সকলো জনা ধৰ্মজ্ঞানী, বেদজ্ঞানী, সৰ্বজ্ঞানী পক্ষীৰূপে তহঁতে জন্ম গ্ৰহণ কৰিব লাগিব। মাৰ্কণ্ডেয় মুনিৰ কথা শুনি জৈমিনী মুনিয়ে ক’লে হে গুৰুদেৱ এনেকুৱা জ্ঞানলব্ধ কথা যাৰ বাবে ক্ষুধা-তৃষ্ণা, মোৰ অনুভৱ হোৱা নাই। এইবাৰ দয়া কৰি এই অভিশপ্ত ঋষি পুত্ৰসকলৰ পক্ষীৰ জন্ম সম্পৰ্কে মোক বুজাই কওঁক। মাৰ্কণ্ডেয় মুনিয়ে ক’লে জৈমিনীক এক অলৌকিক কাহিনী ক’লে- পূৰ্বকালত মণ্ডপাল নামৰ এজন ধৰ্মজ্ঞানী ঋষি আছিল। মণ্ডপালে গোটেই জীৱন ঈশ্বৰ চিন্তাত সংসাৰত ভৰি নিদিলে। আশ্ৰমে আশ্ৰমে বিভিন্ন ধৰ্মৰ জ্ঞান লৈ লৈ মণ্ডপালে দিন অতিবাহিত কৰিলে। বৃদ্ধ বয়সত মণ্ডপালে শুনিবলৈ পালে মানুহবোৰে তেওঁক হীনজ্ঞান কৰে। বহুজনৰ মতে মণ্ডপাল অপুত্ৰক, মহাপাপী। মণ্ডপালে ভাবিলে মই যাগ-যজ্ঞত গ’লে মোক সমভাগত আসন দিব নোখোজে যে মই অস্পৃশ্য, যেন মোৰ উপস্থিতি আনৰ ক্ষতিকাৰক। এৰা, মানৱ সমাজতে যদি মই ইমান ঘৃণনীয় নিশ্চয় স্বৰ্গযাত্ৰাতো মোৰ আউল লাগিব। সংসাৰ নকৰি জীৱন মোৰ আধৰুৱা হ’ল। সন্তানহীনতাই সমাজত মোক ঘৃণাৰ পাত্ৰ সজালে নহয়। মই পিতৃত্ব লাভ কৰিব লাগিব। কিন্তু এই বৃদ্ধ বয়সত কোনে দিব মোক ভাৰ্য্যাৰ স্থান পূৰ্ণ কৰি। সন্তানৰ মৰম সনা মাত অসম্ভৱ। হয়তো এই বয়সত সন্তানৰ পিতৃ মই হ’ব নোৱাৰিম। মোক অতি সোনকালে পুত্ৰ লাগে। কম সময়তে পুত্ৰ ক’ত পাম, এৰা পাম যদি মই পক্ষীৰ জন্ম গ্ৰহণ কৰোঁ ছমাহৰ ভিতৰতে মই সন্তান প্ৰজনন ক্ষমতা পাম। এই কথাষাৰ মনত ভাবি মণ্ডপাল মুনি নৰ্মদা নদীৰ [ ২৯ ] পাৰত নশ্বৰ দেহ ত্যাগ কৰি এটা ডেকা পক্ষীৰ ৰূপ ল’লে। ভবামতে নহ’ল। মণ্ডপালৰ আকৌ বিপদ। সাধাৰণতে দেখা যায় পক্ষী বিলাকৰ দুটা কণি পাৰে, দুটা পোৱালিৰ জন্ম হয়। দুটাই এযোৰ হৈ সংসাৰ বৃদ্ধি কৰে। কিন্তু মণ্ডপাল জন্মিল অকলে। সংগীবিহীন হৈ মণ্ডপালে ডালে ডালে ঘূৰি ফুৰিবলৈ ধৰিলে। দুৰ্ভাগ্যই লগ নেৰা মণ্ডপালৰ এনেকুৱা দুৰ্গতি হ’ল মণ্ডপালে যি জাকতে পৰে মতাবোৰে খুটি খুটি মণ্ডপালৰ মূৰৰ পাখি নোহোৱা কৰিলে। সংগীৰ বাবে ঘূৰি ঘূৰি আছে মণ্ডপাল। দৈৱৰ এক পৰিঘটনা এহাল পক্ষীয়ে কণী পাৰিছিল চাৰিটা চাৰিটা কনীৰ এটা নষ্ট হৈছিল আৰু তিনিটা কনী ফাটি পোৱালি হৈ তিনিটাই এযোৰ কৰি চলি আছিল। মণ্ডপালৰ, পক্ষী জন্মৰ কেইদিনমান আগত এই তিনিটাই এযোৰ হৈ থকা পক্ষীৰ মতা পক্ষীটো এটা ব্যাধে চিকাৰ কৰি লৈ গৈছিল। স্বামীৰ মৃত্যু বেদনাত পক্ষীয়ানী দুয়োটাই গছৰ ডালত বহি কান্দি আছিল। পক্ষীৰ জন্ম লোৱাৰ পিছত মণ্ডপালে পক্ষীৰ ভাব ভাষাবোৰ বুজি পাইছিল। ওপৰেৰে উৰি গৈ থকা অৱস্থাত তলৰ ডালত বহি কান্দি থকা পক্ষীয়ানী দুজনীক দেখা পালে আৰু বুজিলে নিশ্চয় ইহঁতৰ স্বামী নাই। মণ্ডপালে এই দুই পক্ষীয়ানীৰ লগতে বুজাবুজি কৰি সংসাৰ আৰম্ভ কৰিলে। কিছুদিনৰ পিছত মণ্ডপালৰ প্ৰথম পত্নী জৰীতাৰ পৰা ক্ৰমে চাৰিটা পুত্ৰ সন্তান জন্মিল। ইহঁতৰ নাম দিয়া হ’ল ক্ৰমে জৰিতাৰী, চাৰিসৃক, তম্বুমিত্ৰ আৰু দ্ৰোন। মণ্ডপালৰ আনজনী ভাৰ্য্যা লপিতা বন্ধ্যা হোৱা হেতুকে তাইৰ পৰা কোনো সন্তান জন্ম নেপালে। পুত্ৰ মুখ দৰ্শন হৈ মণ্ডপাল স্বৰ্গলৈ গুচি গ’ল। মণ্ডপালৰ পৰিয়াল [ ৩০ ] মৰ্ত্যত থাকিল। মণ্ডপালৰ সৰু পুত্ৰ দ্ৰোন (ঢোৰাকাউৰী) বৰ উৎপতিয়া দিন ৰাতি তাৰ চিঞৰ। মণ্ডপাল পক্ষী হৈ যিডাল গছত বাস কৰি আছিল সেই গছজোপাৰ তলতেই আছিল দুৰ্বাসা মুনিৰ আশ্ৰম। আনদিনাৰ দৰে দুৰ্বাশা মুনি প্ৰাতকৃত সম্পূৰ্ণ কৰি ঈশ্বৰ চিন্তাত ধ্যানত নিমগ্ন হ’ল। অলপ পিছতে দ্ৰোন কৰবাৰ পৰা উৰি আহি কা কা কৈ চিঞৰিব ধৰিছে। দ্ৰোনৰ কৰ্কশ চিঞৰত বাৰে বাৰে মুনিৰ ধ্যানত ব্যাঘাত জন্মিল। ক্ৰোধৰ সাগৰ দুৰ্বাশা আসন এৰি ঠিয় হ’ল আৰু দ্ৰোণক ক’লে তই কোনো দিনে কাৰো মৰম নেপাবি। তোৰ মাত চিৰদিনে কৰ্কশ আৰু সকলোৰে অপ্ৰিয় হ’ব। দ্ৰোণক অভিশাপ দি দুৰ্বাশা মুনি মনে মনে ভাবিলে মই এবাৰ ইন্দ্ৰৰ ৰাজসভাৰ পৰা আহিম। এই বুলি দুৰ্বাশাই ভৰিত খৰম হাতত লাখুটি, এখন হাতত কামন্দলু লৈ দৈৱশক্তি সম্পন্ন মুনিবৰে ইন্দ্ৰৰ ৰাজসভাত উপস্থিত হ’ল। দুৰ্বাশাৰ আগমনত দেৱৰাজ ইন্দ্ৰ ভয়ত কপিবলৈ ধৰিলে। ভয়ে ভয়ে প্ৰণাম জনাই আসন দি পাদ্য অৰ্ঘ লৈ মুনিৰ চৰণ ধুৱাই দি সুধিলে গুৰুদেৱ দয়া কৰি আগমনৰ কাৰণ জনাই মোক কৃতাৰ্থ কৰক। আপোনাৰ সন্তুষ্টিৰ বাবে মই কি কৰিব পাৰো গুৰুদেৱ। ইন্দ্ৰৰ মুখলৈ চাই দুৰ্বাশা মুনিয়ে ক’লে— ভয় নাই, হেৰা দেৱৰাজ ইন্দ্ৰ, ভয় নাই, মই কোনো ধন-দৌলত বিচাৰি দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ অহা নাই। তপস্বি ব্ৰাহ্মণ মই নেলাগে মোক ৰাজ সিংহাসন। ফলাহাৰ, অনাহাৰ, ক্ষুদ্ৰ হবিচান্ন মোৰ জীৱন ধাৰণৰ বাবে যথেষ্ট। আন একোৰে প্ৰতি মোৰ লালসা নাই। কিন্তু.... কিন্তু কি গুৰুদেৱ। কথাষাৰ আধৰুৱা কৰি আপুনি ৰৈ গ’ল যে গুৰুদেৱ। হয় দেৱৰাজ ইন্দ্ৰ, কিয় জানো আজি হঠাৎ আন এটা চিন্তা মোৰ মনলৈ আহিল। কিয় জানো এই [ ৩১ ] বয়সত মোৰ নৰ্ত্তকীৰ নাচোন চাবলৈ মন গ’ল। দেৱৰাজ ইন্দ্ৰ মই শুনিবলৈ পাইছো তোমাৰ হেনো ষোলশ নৰ্ত্তকী আছে আৰু শুনিছো তাৰ ভিতৰত বপু নামৰ অপস্বৰা জনী হেনো আটাইতকৈ ধুনীয়া। মাতা নৰ্ত্তকী সকলক ৰাজ সভালৈ মাতা। আজি নৰ্ত্তকীৰ নাচোন চাম ষোলশৰ ভিতৰত দশজনী নাহিলেও ক’ব লগা নাই। কিন্তু বপু নিশ্চয় আহিব লাগিব। দুৰ্বাশাৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই বুজিলে আজি নিশ্চয় কোনো অঘটন ঘটিব পাৰে। কাৰণ আগতে এবাৰ দুৰ্বাশামুনি আহি স্বৰ্গত লক্ষী নাশ কৰি গৈছিল। আজি যেন আকৌ তাৰেই পুনৰাবৃত্তি হ’ব। ষোলশ নৰ্তকীক সাজি কাছি নাচিবৰ বাবে আহিবলৈ আদেশ দিয়া হ’ল লগতে কোৱা হ'ল মৰ্ত্যভূমিৰ পৰা আহিছে বিশিষ্ট মহানভৱ তপস্বী লগত আনিছে বহুলো মূল্যবান হিৰা, মুকুতা, নাচোনত তুষ্ট হ’লে এইবোৰ পুৰস্কাৰ দিব আৰু যদি অসন্তুষ্ট হয় তেনেহ’লে তিৰস্কাৰো পাব পাৰে। আদেশ পাই নৰ্ত্তকীসকলে সাজি—কাচি মুনিৰ আগত মৃদঙ্গৰ তালে তালে নাচিবলৈ ধৰিলে। মুনি কাৰো প্ৰতি ভ্ৰূক্ষেপ কৰা নাই কাৰণ তেতিয়াও বপু সভাস্থলীত উপস্থিত হোৱা নাই। বপুৰ বিলম্ব দেখি দুৰ্বাসাৰ মনৰ ভিতৰত ক্ৰোধৰ সঞ্চাৰ হ’ল। ইমান অহংকাৰ নে বপুৰ। মোক অবজ্ঞা কৰি বপুই ৰাজসভাত উপস্থিত হোৱা নাই। তেনে সময়তে লয়লাস ভঙ্গিৰে বপু আহি ৰাজ সভাত উপস্থিত হ’ল। অপৰূপ লাবন্যৰ অধিকাৰী বপুক দেখি দুৰ্বাশাই ক’লে- বপু নাচা, বপু দেওপাৰি পাৰি নাচা, মই তোমাৰ নৃত্য চাবলৈ বহু দূৰৰ পৰা বাটকুৰি বাই আহিছোঁ। নাচা বপু মনৰ উলাহত নাচা। দুৰ্ব্বাসাৰ কথা শুনি বপুই কলে- আমি দেৱ সমাজৰ মনোৰঞ্জনৰ আহিলা। আমি সাধাৰণ তপস্বীৰ বাবে আমাৰ [ ৩২ ] নৃত্য, আমাৰ জীৱন নহয়। লাজ নেলাগে এই বৃদ্ধ বয়সত ষোড়শী গাভৰুৰ নৃত্য চাবলৈ। বৃদ্ধ পক্ষীৰ দৰে তুপুকা লগা শৰীৰ আকৌ চাই বপু নৰ্ত্তকীৰ নৃত্য। সকলো বাদ্য হঠাৎ বন্ধ হৈ গ’ল, স্তব্ধ হৈ গ’ল নৰ্ত্তকীৰ নাচোন।

 বহা আসনৰ পৰা ঠিয় হ’ল দুৰ্ব্বাসা, কিকলি বপু মই বৃদ্ধ পক্ষী, মই বৃদ্ধ, তই যুৱতী সেইবাবে তোৰ ইমান অহঙ্কাৰ, ভুল কৰিলি বপু তই বৰ ভুল কৰিলি। হেৰ অহংকাৰী বপু এবাৰ ভালদৰে শুনি ল মোক আজি তই যেনেদৰে বৃদ্ধ পক্ষী জ্ঞান কৰিলি, ৰূপগৰ্বী বপু তোৰ এই ৰূপ এই মুহুৰ্ততে শেষ হৈ যাওঁক আৰু আজিৰ পৰা তই মৰ্ত্য লোকত গৈ পক্ষীৰ জন্ম গ্ৰহণ কৰগৈ। ইন্দ্ৰৰ ৰাজসভাত কাহ পৰি জিন গ’ল। অভিশপ্তা বপুই মুনিৰ চৰণত ধৰি কান্দিবলৈ ধৰিলে। মোক ক্ষমা কৰি দিয়ক গুৰুদেৱ। মই নাজানি যি ভুল কৰিলো তাৰ বাবে মোক অভিশাপৰ পৰা মুক্তি দিয়ক গুৰুদেৱ। অবলা নাৰী মই, ৰূপৰ গৰ্বত মই আপোনাক নিন্দা কৰিছো। তাৰ বাবে মই কৰযোৰে মিনতি কৰিছো মোক অভিশপ্ত নকৰিব গুৰুদেৱ। নাই নাই ক্ৰোধৰ সাগৰ দুৰ্বাসাৰ অভিশাপ কোনো দিনে খণ্ডন নহব। এৰা নাৰী জাতি, যা বহুত স্তুতি কৰিছ। সেয়েহে তোৰ শাস্তি কিছু লাঘৱ হওঁক, মাত্ৰ ষোল বছৰৰ বাবে তই পক্ষীৰ জন্ম ল’ব লাগিব। বপু ভালদৰে শুনি ল অহঙ্কাৰে পতনৰ মূল। মনৰ গৌৰৱত, ৰূপৰ গৌৰৱত দুৰ্ব্বাসা মুনিক কৰিছ প্ৰত্যাক্ষান। তথাপি তোৰ প্ৰতি সদয় হৈ অভিশাপৰ কিয়দাংশ মই মোচন কৰিম। ব্ৰহ্মশাপৰ পৰা কোনে কেতিয়াও নিষ্ঠাৰ পোৱা নাই৷ পূৰ্বতে মোৰ অভিশাপত স্বৰ্গত লক্ষী নাশ হৈছিল। দেৱৰাজ ইন্দ্ৰৰ গাত সহস্ৰ যৌনী হৈছিল ব্ৰহ্মশাপত। [ ৩৩ ] নহুস ৰজা অজগৰ হৈছিল ব্ৰহ্মশাপত। সাগৰৰ জল লুনীয়া, অহল্যা শিলাকায়, উৰ্বশী শিলাষ্টম্ভ আটাইবোৰ ব্ৰহ্মশাপৰ কাৰণে সম্ভৱ হৈছিল। শুন গৰ্বিতা নাৰী তই আজিয়ে এই ৰূপ এৰি মত্য লোকলৈ যাব লাগিব। শ্ৰীকৃষ্ণৰ বাহন গৰুৰৰ বংশত তোৰ জন্ম হ’ব। তোৰ নাম হ’ব তাক্ষী। তোৰ যেতিয়া ষোল্ল বছৰ হ’ব অৰ্থাৎ আজিৰ পৰা ষোল বছৰ পিছত কুৰুক্ষেত্ৰ নামৰ ঠাইত, অহঙ্কাৰ পটনৰ বাবে এখন গৃহ যুদ্ধ আৰম্ভ হ’ব। এই যুদ্ধক্ষেত্ৰত ওঠৰ অক্ষৌহিনী সেনা তাত সমবেত হ’ব। এটা পক্ষ অৰ্থাৎ পাণ্ডবৰ পক্ষত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই মধ্যম পাণ্ডব অৰ্জুনৰ ৰথৰ সাৰথী হ’ব। এদিনাখনৰ যুদ্ধত কৌৰব পন্থী সেনাপতি বীৰ ভগদত্ত আৰু পাণ্ডব সেনাপতি অৰ্জুনৰ ঘোৰতৰ যুদ্ধ হ’ব। এই যুদ্ধত অৰ্জুনৰ বানত তোৰ মৃত্যু হ’ব আৰু সিদিনাই হ’ব তোৰ মুক্তি। কথাখিনি কৈ দুৰ্ব্বাসা মুনি গুচি গ’ল।

 বেলি দুবিবৰ সময়ত হঠাৎ বপুৰ নশ্বৰ দেহৰ পৰিসমাপ্তি ঘটি বপু এটা চৰাইলৈ ৰূপান্তৰিত হ’ল। দুখে বেজাৰে বপু উৰি উৰি মত্যলৈ গুচি গ’ল। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন অতিবাহিত হৈ যায়। ঋতু সময় আহে নতুন ৰূপত, বিধিলিপী অখণ্ডনীয়। তাক্ষী এনেদৰে ঘূৰি ফুৰোতে হঠাৎ এদিন মণ্ডপাল মুনিৰ সৰু পুত্ৰ দ্ৰোণক লগ পালে আৰু দুয়ো এযোৰা হৈ সংসাৰ কৰিবলৈ ললে। ৰং-ধেমালীৰ মাজেৰে তাক্ষী ষোল বছৰত ভৰি দিলে। সেই সময়তে দ্ৰোণৰ ঔৰ্ষত তাক্ষী গৰ্ভৱতী হ’ল। সময় পাৰ হৈ তাক্ষী গৰ্ভধাৰণৰ পঞ্চম মাহত ভৰি দিলে। এদিন তাক্ষী দ্ৰোণক কলে স্বামী মই গৰ্ভৱতী নাৰী। এই অৱস্থাত গৰ্ভৱতী নাৰীয়ে কিছুমান বস্তু খাবলৈ বিচাৰে সেই মনে বিচৰা খাদ্য খাবলৈ পালে গৰ্ভিনী নাৰী বৰ তৃপ্তি অনুভৱ [ ৩৪ ] কৰে আৰু স্বামী, পত্নীয়ে বিচৰা খাদ্যৰে যদি পত্নীক সন্তুষ্ট কৰিব পাৰে তেনেহ'লে স্বামীৰ প্ৰতি গৰ্ভিনীৰ গভীৰ শ্ৰদ্ধা মনত উদয় হয়।

 তাক্ষীৰ কথা শুনি দ্ৰোণে ক’লে- হে প্ৰিয়া মই সকলো বুজিছো। এতিয়া তুমি কি খাদ্য খাবলৈ বিচাৰিছা মোক অৱগত কৰা। মই তোমাৰ বাবে সেই খাদ্য বিচাৰি আনি দিম। প্ৰভু মই আন কোনো খাদ্য খাব খোজা নাই। কিয় জানো আজি মোৰ মনত এনেকুৱা ভাব হৈছে মই যেন কেইটুকুৰা মান মানুহৰ মাংস খাবলৈ পালে বৰ তৃপ্তি পাম। তাক্ষীৰ কথাত দ্ৰোণ বৰ আচৰিত হ’ল- মানুহৰ মাংস, ক’ত পাম বা কোনে দিব মানুহৰ মাংস। হঠাৎ দ্ৰোণৰ মনত পৰিল কুৰুক্ষেত্ৰত ভয়ঙ্কৰ যুদ্ধ হৈ আছে। তাত হেজাৰ হেজাৰ মানুহ হাতী ঘোৰা ৰণত পৰিছে। তালৈ গলে তুমি হেপাহ পুৰাই মানুহৰ মাংস খাব পাৰিবা। এনেকি কুৰুক্ষেত্ৰলৈ গলে তুমি খাব বিচাৰিলে হাতী- ঘোৰাৰ মাংসও হেপাহ পুৰাই খাব পাৰিবা। বলা আৰু পলম কৰাৰ প্ৰয়োজন নাই। দ্ৰোণৰ কথাত তাক্ষী বৰ আনন্দ পালে আৰু দ্ৰোণ তাক্ষী কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰত উপস্থিত হ’ল।

 দ্ৰোণে ক’লে প্ৰিয়া তুমি গৰ্ভিনী। বেছি দুৰলৈ তুমি উৰি যাব নোৱাৰা। তুমি এই গছৰ ডালত বহি থাকা মই তোমাৰ বাবে মাংস বিচাৰি আনি দিম। এইবুলি তাক্ষীক গছৰ ডালত এৰি দ্ৰোণে মাংস বিচাৰি গ’ল। বিধিলিপি অখণ্ডনীয় অভিশপ্ত তাক্ষীৰ মুক্তিৰ ক্ষণে কৰিছিল অপেক্ষা। সিদিনাৰ যুদ্ধত দুই বীৰ ভগদত্ত পাণ্ডবীয় বীৰ সেনাপতি অৰ্জুনৰ মাজত হৈছিল তুমুল যুদ্ধ। শৰৰ প্ৰহাৰত বাৰে বাৰে উল্কাপাত হৈছিল। শৰৰ জনজননিত যেন বজ্ৰৰ প্ৰহাৰ হে হৈছে। এনে প্ৰচণ্ড শব্দ। সেই সময়ত বীৰ ভগদত্তৰ ধনুত সংযোগ [ ৩৫ ] কৰিছিল কালান্তক পৰ্বতবান। যি বানৰ প্ৰহাৰত ৰণক্ষেত্ৰত দৃষ্টি কৰিব পাৰে মৃত্যুৰ কাল ধুমুহা। পৰ্বতবানৰ প্ৰভাৱত আকাশ মেঘাচন্ন হ’ল। কৃষ্ণই কলে সখা বীৰ ভগদত্তৰ অমোঘ অস্ত্ৰ পৰ্ব্বতবান। ইয়াক ব্ৰহ্মাস্ত্ৰবিহীন নিবাৰণ কৰা সম্ভৱ নহ’ব। তুলি লওক গান্ধীব ব্ৰহ্মাস্ত্ৰেৰে পৰ্বত বান খণ্ড খণ্ড কৰক। কৃষ্ণৰ আদেশত মধ্যম পাণ্ডৱ অৰ্জুনে গান্ধীবত ব্ৰহ্মাস্ত্ৰ সংযোগ কৰি আকাশতে পৰ্বত বানক ছেদ কৰি ৰক্তাক্ত হৈ আকাশ মাৰ্গত গৈ আছিল। এই ৰক্তবান আকাশ মাৰ্গত দেখি ব্ৰহ্মশাপৰ বাবে তাক্ষীৰ মত্তিচন্ন হ’ল। তাক্ষীৰ ভাব হ’ল হয়তো এইটুকুৰা মানুহৰ মাংস চিতিকি আহিছে। স্বামী এতিয়াও ঘূৰি আহি পোৱা নাই। স্বামী ঘুৰি অহাৰ আগতে এই মাংস টুকুৰা মই ভক্ষণ কৰিম। এইবুলি তাক্ষী মাংস টুকুৰা খাম বুলি উৰি গ’ল। সেই মুহুৰ্তই আছিল তাক্ষীৰ মুক্তিৰ মুহুৰ্ত। অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰয় তাক্ষীৰ দেহ দুই খণ্ড কৰি কাতি পেলালে। সেই সময়ত জৈমিনী মুনি মাৰ্কণ্ডেয় মুনিক প্ৰশ্ন কৰিলে গুৰুদেৱ তাক্ষীৰ মৃত্যুৰ লগে লগে দ্ৰোণৰ ঔৰষত তাক্ষীৰ গৰ্ভত স্থিতি হোৱা শুক্ৰিশ মুনিৰ চাৰি অভিশপ্ত পুত্ৰ নিশ্চয় ৰণক্ষেত্ৰত শেষ হৈ গ’ল।

 নহয় জৈমিনী এইয়া সম্ভৱ নহয়। তাক্ষীৰ গৰ্ভত থকা চাৰিটা ডিম্ব তাক্ষীৰ দেহ দিখণ্ডিত হোৱাৰ লগে লগে ৰণক্ষেত্ৰত ওলাই পৰিল। কিন্তু ডিম্বত কোনো ধৰণৰ শৰাঘাট হোৱা নাই৷ পুনৰ জৈমিনী মুনি প্ৰশ্ন কৰিলে – গুৰুদেৱ যত ওঠৰ আক্ষৌহিনী সৈন্য সমবেত ৰথাৰোহী, গজাৰোহী অস্বাৰোহী পদাতিক সৈন্য হাতী-ঘোৰা, ৰথ কোনেও এই ডিম্ব চাৰিটাৰ ওপৰত আঘাত কৰা নাইনে? ৰথৰ চকা বা হাতীৰ গচকো ডিম্বত পৰা নাই নে?

[ ৩৬ ]  শুনা জৈমিনী সিও আন এটা কাহিনী বীৰ ভগদত্তই যুদ্ধক্ষেত্ৰৰ হাতীত উঠি যুদ্ধ কৰিছিল। এই হাতীটোৰ গলত আৰি থোৱা আছিল এটি প্ৰকাণ্ড ঘণ্টা। বীৰ ভগদত্তৰ ফালে যেতিয়া অৰ্জুনে বান নিক্ষেপ কৰিব খোজে তেতিয়া হাতীটোৱে মুৰটো লৰাই দিয়ে। ঘণ্টাৰ কান তাল মৰা প্ৰচণ্ড শব্দত অৰ্জুনৰ কেইবাবাৰো লক্ষভ্ৰস্ত হ’ল। এইবাৰ অৰ্জুনে কৃষ্ণক ক’লে হে সখা এই ঘণ্টাৰ শব্দত মই বৰ অস্বস্তি অনুভৱ কৰিছো আৰু তাৰ বাবে মোৰ বাৰে বাৰে লক্ষভ্ৰস্ত হৈছে বান। অৰ্জুনৰ কথাত কৃষ্ণই ক’লে চলে বলে কৌশলেৰে শত্ৰুক পৰাজয় কৰিব পৰাটো এটা যোদ্ধাৰ নিজস্ব বৈশিষ্টতা। ঘণ্টাৰ শব্দৰ বাবে যদি আপুনি বান সন্ধানত ব্যৰ্থ হোৱা বুলি অনুভৱ কৰিছে। তেনেহ'লে পথৰ কষ্টক আঁতৰাই থোৱাই ভাল সখা। কৃষ্ণৰ অনুমতি পাই অৰ্জুনে খৌৰবান সন্ধান কৰি হাতীৰ গলৰ ঘণ্টাটো কাতি পেলালে। জৈমিনী ভগদত্তৰ হস্তীৰ গলৰ ঘণ্টাটো এনেভাবে পৰিল তাক্ষীৰ গৰ্ভৰ পৰা ওলাই মাটিত পৰা ডিম্ব কেইটাৰ ওপৰত এনেভাবে পৰিল যে যুদ্ধৰ কোনো প্ৰভাৱ ডিম্ব কেইটাৰ ওপৰত নপৰিল। ঘণ্টাৰ ভিতৰত মৃতকৰ তেজ মাংসৰ ওপৰত অক্ষতভাবে এই শুক্ৰিশৰ সাপভ্ৰষ্টা সন্তান চাৰিজন ডিম্বৰ গৰ্ভত ঘণ্টাৰ তলত নিৰ্বিঘ্নে থাকি গ'ল। জৈমিনী কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হ’ল। শগুণ, কাউৰী শিয়ালৰ বিকট চিৎকাৰ, দুশিত হৈ উঠিছে বায়ুমণ্ডল। দুৰ্গন্ধেৰে ভৰা এক কদৰ্য্যমই পৰিৱেশ কুৰুক্ষেত্ৰৰ। সময়ৰ বাবে আমি অপেক্ষা কৰো কিন্তু আমাৰ বাবে সময়ে অপেক্ষা নকৰে। ঘণ্টাৰ ওপৰত পৰিছে সূৰ্য্যৰ প্ৰচণ্ড তাপ, তলৰ পৰা তেজ-মাংসৰ উত্তাপ। মাতৃৰ গাখীৰ উমৰ পৰিৱেশে সূৰ্য্য আৰু ভূমিৰ মিশ্ৰিত উত্তাপত ঘণ্টাৰ ভিতৰত [ ৩৭ ] চাৰিটা পক্ষীৰ পোৱালী জন্ম লাভ কৰিলে।

 কুৰুক্ষেত্ৰৰ ওচৰতে আছিল যোগসিদ্ধ সৈমীক মুনিৰ আশ্ৰম। এদিনাখন সৈমীক মুনি কুৰুক্ষেত্ৰৰ মাজেৰে শিষ্য সকলক লগত লৈ গৈ আছিল। ইতিমধ্যে মানুহৰ মুখৰোচক এটা কথা যত কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈছিল তাত বৰ্ত্তমান ভূত-প্ৰেতৰ ঠাই হৈছে। দিনতে মানুহ যাব নোৱাৰি, এটা জয়াল পৰিৱেশ। চাৰিওফালে ভুত-প্ৰেতৰ কিৰিলি। নিশা হ’লে অতৃপ্ত আত্মাবোৰৰ কৰুণ বিননি। সৈমীকৰ মনত প্ৰশ্নৰ উদয় হ’ল এইয়া সত্য নে মানুহৰ মনে সজা কাহিনী। শিষ্যসহ গৈ গি মুনি ৰণক্ষেত্ৰৰ মাজত ঘণ্টাটোৰ ওচৰ পালে। শিষ্যসকলে ক’লে গুৰুদেৱ ইয়াত আমি এটা কাৰোবাৰ মাত শুনিবলৈ পাইছো। এনেতে দেখা গ'ল পৰিত্যক্ত প্ৰকাণ্ড ঘণ্টাটো। ইয়াত কিহে মাতে বুলি শিষ্যসকলে ঘণ্টাতো তুলি চালে, তলত দেখিলে চাৰিটা পক্ষীৰ পোৱালী।

 সৈমীক মুনি বৰ আচৰিত হ’ল। নিশ্চিন্দ্ৰ ঘণ্টাৰ ভিতৰত পক্ষীৰ পোৱালী। এই কথা যেন সাধাৰণ নহয়। সৈমীক মুনি ধ্যান মগ্ন হ’ল। ধ্যান যোগে মুনি বুজি পালে এইয়া সাধাৰণ পক্ষীৰ পোৱালী নহয়। এই চাৰি শুক্ৰিশ মুনিৰ সাপভ্ৰষ্টা নন্দন ইহঁত। এদিন বিদগ্ধ পণ্ডিত হ’ব। ইহঁতক মই ইয়াত এনেদৰে এৰি যাব নোৱাৰিম। সৈমীক মুনি বৰ যত্নেৰে পক্ষী কেইটা তেওঁৰ আশ্ৰমলৈ লৈ গ’ল। পুত্ৰ বৎ ইহঁতক পালন কৰি পক্ষী কেইটাক নানান শাস্ত্ৰ, বেদ-উপনিষদৰ জ্ঞানেৰে জ্ঞানৱান কৰিলে। শুক্ৰিশৰ শাপপ্ৰাপ্ত সৈমীকৰ শিষ্যশ্ৰেষ্ঠ পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সমুখ বৰ্ত্তমান মহা বেদজ্ঞানী, ধৰ্মজ্ঞানী, সৰ্বজ্ঞানী পণ্ডিত। তেওঁলোকৰ ওচৰলৈ গ’লে তোমাৰ প্ৰশ্ন কেইটাৰ [ ৩৮ ] যথাযথ উত্তৰ লাভ কৰিবা। মাৰ্কণ্ডেয় মুনি জৈমীনিক এই উপদেশ দি তেওঁ স্নান কৰিবলৈ গ’ল। মাৰ্কণ্ডেয় মুনিৰ এনে উপদেশ পাই জৈমিনী মুনি পক্ষী কেইটাৰ ওচৰলৈ বিন্ধাগিৰী পৰ্বতলৈ গ’ল। বিন্ধাগিৰী পৰ্বতৰ মনোৰম দৃশ্যৰে ভৰপূৰ এখন সুন্দৰ আশ্ৰম। ফলে- ফুলে জাতিষ্কাৰ, কুলি-কেতেকীৰ ৰম্যভূমি। এইখনেই চাৰী ধৰ্মপক্ষীৰ ধৰ্যালয়। জৈমিনী আগবাঢ়ি গ’ল। এক অনুসন্ধিতসু মনেৰে। এনেতে কাৰবাৰ কন্ঠস্বৰ ভাহি আহিল। আসন গ্ৰহণ কৰা ভদ্ৰ। শব্দ ভাহি অহা ফাললৈ মুৰ তুলি জৈমিনী দেখিলে এখন ক্ৰুশাসনৰ ওফৰত এটি বিশাল আকৃতিৰ পক্ষী। জৈমিনী মুনি পক্ষীক সাস্তাঙ্গে প্ৰণাম জনাই ক’লে- হে গুৰুদেৱ, মহৰ্ষি মাৰ্কণ্ডেয়ৰ পৰামৰ্শ পাই মই বিন্ধাগিৰীলৈ আহিছো। মোক কিছু ধৰ্মজ্ঞানৰ প্ৰয়োজন। মোক দয়া কৰি এটা কথা কবনে গুৰুদেৱ। গুৰু মাৰ্কণ্ডেয়ৰ মতে বিন্ধাগিৰীত চাৰিটা ধৰ্মপক্ষী আছে। কিন্তু মই তিনিটা পক্ষীক দেখা নাই। শুনিবলৈ পাইছিলো পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সমুখৰ কথা। কিন্তু...। হয় ঋষিবৰ আপুনি ঠিকেই শুনিছে। আমি চাৰি ভাতৃ। মই কনিষ্ঠ সমুখ। বাকী মোৰ দাদা তিনিজন হিমালয়ৰ সপ্তম শৃঙ্গত তপশ্ৰী মুনিৰ আশ্ৰমত দিব্যজ্ঞান লাভৰ বাবে পাঁচটা ব্ৰত আহাৰ, পানী, বাক্য, দৃষ্টিবিহীন, ক্ৰোধ এই পাঁচটা ব্ৰত ধাৰণ কৰি দাদা সকলে ধ্যানমগ্ন হৈ আছে। মই আশ্ৰমৰ পালক ৰূপে আশ্ৰমৰ দায়িত্ব মুৰ পাতি লৈছো। গুৰুদেৱ মুনিশ্ৰেষ্ঠ মাৰ্কণ্ডেয়ই কৈছিল যে এই চাৰিপক্ষী জগতত অদ্বিতীয় ধৰ্মজ্ঞানী, সৰ্বজ্ঞানী কিন্তু আপুনি ক’লে আপোনাৰ তিনি দাদা দিব্যজ্ঞান লাভৰ বাবে হিমালয়ৰ সপ্তম শৃঙ্গত তপশ্ৰী মুনিৰ আশ্ৰমত ব্ৰত পালন কৰি আছে। হয় ঋষিবৰ ব্ৰত অবিহনে তপস্যা নিৰৰ্থক। ব্ৰতৰ দ্বাৰা [ ৩৯ ] ৰিপুসমূহ দমন কৰি তপস্যাৰ আগে নিজক প্ৰস্তুত কৰিব লাগিব। অন্তৰৰ আসুৰিক প্ৰবৃত্তিক ত্যাগ কৰিব নোৱাৰিলে তপস্যাৰ ফল জলাশয়ত খৰ্গাঘাট কৰা সদৃশ। সেয়েহে জ্ঞান সৰ্ব্বোস্ব দিব্যজ্ঞান লাভৰ বাবে এই পঞ্চব্ৰত আহাৰ, পানী, বাক্য, দৃষ্টি আৰু ক্ৰোধ। এইয়া একোটা জ্ঞানৰ শত্ৰু। এই জ্ঞানৰ পঞ্চম বৈৰীক প্ৰথমে বশ কৰিব লাগিব, আঁতৰ কৰিব লাগিব। এই পঞ্চ জ্ঞানবৈৰী সংস্পৰ্শত থাকিলে ব্ৰত ফল বিষম হ’ব আৰু কি কথা মাৰ্কণ্ডেয় মুনি এই চাৰি ধৰ্মপক্ষীক সৰ্বজ্ঞানী আখ্যা দিছে, দিব পাৰে। কিন্তু শুনা মুনিবৰ জ্ঞানতত্ত্ব অতি গভীৰ সাগৰ, এই গভীৰ সাগৰত প্ৰৱেশ কৰিবলৈ হ’লে আগেয়ে নিজক স্থিতপ্ৰজ্ঞ ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। মই তোমাৰ অন্তৰৰ বেদনা বুজিছো। হে জ্ঞানলব্ধ মুনিবৰ, মোৰ তিনি ভাতৃ দিব্যজ্ঞান লাভৰ পিছত আৰম্ভ হ’ব মোৰ জীৱনৰ শ্ৰেষ্ঠ ব্ৰত। মোৰ ব্ৰত হ’ব এই পঞ্চ শত্ৰুক বিদুৰ কৰি তপ্ত তৈলাশয়ত শৰীৰৰ নৱম চিন্দ্ৰ (দুৱাৰ) ৰুদ্ধ কৰি হেজাৰ বছৰ অগ্নিগৰ্ভত ব্ৰত পালন কৰিম।

 হে মহাজ্ঞানী পক্ষীবৰ, আপোনাৰ দৰশনে মোৰ জীৱন ধন্য কৰিলে। যেন মই আপোনাৰ কথাত জ্ঞানমাৰ্গৰ সন্ধান পাইছো। মোক নিৰাশ নকৰিব। গুৰুদেৱ এইবাৰ আপুনি দয়া কৰি মোক জ্ঞানৰ পঞ্চম বৈৰীৰ বিষয়ে কিছু আভাষ দিয়ক

 এৰা জৈমীনী, সহজলভ্য কৰ্মৰফল কোনো দিনে গ্ৰহণযোগ্য নহয়। গ্ৰহণ কৰিলেও ই মানসিক শান্তিৰ প্ৰৱাহক নহয়। শুনা জৈমিনী এই পঞ্চম তত্ত্ব জ্ঞানৰ পঞ্চম বৈৰী সম্পৰ্কে নৈমিশ কাননত মহান যোগী ঋষি সকলৰ সমাজত যজ্ঞৰ চতুৰ্থ দিনত ব্ৰহ্মাৰ্ষি বিশ্ৰুতৰ [ ৪০ ] অনুৰোধত শুকদেৱে এই জ্ঞানৰ পঞ্চম বৈৰী সম্পৰ্কে আলোচনা কৰিব বিচাৰিছিল। কিন্তু ঋষি সমাজৰ অজ্ঞানতা আৰু হুলস্থলৰ বাবে এসময়ত এই আলোচনা শুকদেৱে বন্ধ কৰিব লগা হৈছিল। বাৰু মই যিখিনি পাৰিম পঞ্চবৈৰী সম্পৰ্কে তোমাক বুজাই কম। পঞ্চবৈৰী আহাৰ, পানী, বাক্য, দৃষ্টি আৰু ক্ৰোধ (১) আহাৰ লোভ, লোভৰ বশৱৰ্ত্তি হৈ ব্যক্তি যিকোনো কৰ্মত প্ৰবৃত্ত হ’ব পাৰে। ৰিপু সকলৰ ভিতৰত অজ্ঞান ৰিপু লোভ, সৎ পথৰ পৰা জীৱক বিচলিত কৰি পাপত নিমগ্ন কৰে। লোভাকৃষ্ট কোনো জীৱে ঈশ্বৰ উপাসনাৰ সৎ ফল দৰ্শন নকৰে। সেয়েহে জ্ঞান মাৰ্গৰ প্ৰথম সুত্ৰ আহাৰ ত্যাগ কৰিব লাগিব।(২) পানী, লিপ্সা, বাসনা, হেপাহ ইয়াতেই কৰ্মফলৰ কামনা হয়। শৰীৰৰ ৰন্ধ্ৰসমূহ সক্ৰিয় আৰু উত্তেজিত কৰে পানী। সৈম্য হৈ থকা ধমনীত পানীৰ প্ৰবাহ হ’লে দৈহিক শক্তি জাগ্ৰত হোৱাৰ ফলত সৎ চিন্তাৰ ব্যাঘাত জন্মে। পানী দেহত অলসতা বা ভাগৰৰো সঞ্চাৰ কৰে। সেইবাবে ৰিপু দমন কৰিব বিচাৰিলে প্ৰথমে আহাৰ, পানী পৰিত্যাগ কৰি বাকী তিনি ৰিপুক বশ কৰিব লাগিব। (৩) বাক্যই ব্ৰহ্মা কিন্তু ই কেতিয়াবা পঞ্চম ৰিপুৰ লগ লাগি অ-মানৱতাৰ সৃষ্টি কৰে। জ্ঞান মাৰ্গৰ পৰা জীৱক অজ্ঞান এন্ধাৰৰ পথেৰে গতি কৰাই। এই জীৱে নৰক যান্ত্ৰণা ভোগ কৰিবলগা হয়। ইয়াৰ শ্ৰেণী দুটা। সু আৰু কু বাক্যই জীৱজগতখনত কৰণীয় অনুভূতি উপলব্ধি কৰাই সেয়েহে জৈমিনি কুবাক্য পঞ্চ বৈৰীৰ তৃতীয় ৰিপু বাক্য। যি সকলে সু বা কু নিৰ্ধাৰণ কৰিব নোৱাৰে। বাকৰুদ্ধ বা বাক বৰ্জন তেওঁৰ বাবে উপযুক্ত।

[ ৪১ ]

 এইবাৰ আমি আলোচনা কৰিম পঞ্চ ৰিপুৰ আটাইতকৈ শ্ৰেষ্ঠ ৰিপু মায়া। জীৱৰ মুক্তিৰ দুৱাৰখন বন্ধ হৈ থাকে মায়াৰ বাবে। জীৱ জগতখনত মায়া অবিহনে সৃষ্টি নহয়। মায়া অবিহনে মুক্তি নহয়, মায়া অবিহনে বিস্তাৰ নহয়। কিন্তু মায়াৰ বাবে জীৱ শ্ৰেষ্ঠ মানুহৰ কষ্ট হয় সকলোতকৈ বেছি। এজন অন্ধ মানুহে যেনেকৈ মায়াৰ বৰ্ণনা দিব নোৱাৰে তেনেকৈ যোগাশনত চকু বন্ধ কৰি, ঈশ্বৰ চিন্তান নিমগ্ন থকা যোগী ঋষি সকলে বাহ্যিক মায়াত আৱদ্ধ নহয়। দৃষ্টিত মায়াৰ সঞ্চাৰ হোৱাতো নিবন্ধিয়। সেইবাবে মায়াক ত্যাগ কৰিব নোৱাৰিলে সাধনাত ব্যাঘাত জন্মে। এবাৰ ষোল হাজৰ যোগী ঋষি মায়াৰ বাবে ধ্যান তপস্যা কৰিব নোৱাৰা হৈছিল। শেষত এই ব্ৰাহ্মণ যোগী ঋষি সকলৰ ব্ৰহ্মত্ব ভুলণ্ঠিত হোৱা সময়ত ব্ৰহ্মাদেৱৰ গোপন নিৰ্দেশত মায়াৰ প্ৰৱেশহীন নৈমিশ কাননৰ জন্ম হৈছিল। জ্ঞানপ্ৰাপ্তি সাধনা সিদ্ধি কৰিবলৈ হ’লে মায়া, দৃষ্টি বৰ্জন কৰিব লাগিব কাৰণ আমাৰ চৰ্ম চক্ষুই মায়াৰ ৰূপত মোহিত হৈ জ্ঞান মাৰ্গক দূৰলৈ আঁতৰাই লৈ যায়। হে মহান তপস্যাই অকল মানুহক জ্ঞানেই প্ৰদান নকৰে তপস্যাৰ সিদ্ধি লাভে মানুহক দেবত্বলৈ ৰূপান্তৰিত কৰে। কিন্তু সেই তপস্যা হ’ব লাগিব জিতেন্দ্ৰিয়। বাকী অন্যান্য ৰিপুৰ সমাহাৰে ক্ৰোধ। ক্ৰোধ নামৰ ৰিপুই ব্যক্তি বিশেষে, কাম বিশেষে স্থান আৰু কাল বিশেষে তাৰ ৰূপৰ ভিন্ন ৰূপ প্ৰকাশ কৰে। শিশুৰ ক্ৰোধে মায়াক সঞ্চাৰ কৰি মাতৃক ওচৰ চপাই আনে। এই ক্ৰোধ কেৱল আহাৰ ৰিপুৰ পৰিবেশ্য। শিশুৰ অন্তৰত আন কোনো কাৰণত ক্ৰোধৰ সঞ্চাৰ নহয়। একমাত্ৰ আহাৰ ৰিপুৰ বাবেহে ক্ৰোধ প্ৰয়োগ কৰি মাতৃক আকৰ্শন কৰে। আনফালে আমি ক’ব লাগিব ঋষি শ্ৰেষ্ঠ দুৰ্ব্বাসাৰ কথা। দেৱ সমাজে [ ৪২ ] সৃষ্টি কৰিছিল সপ্তষিৰ এক সংহত এখন সমাজ। কিন্তু একমাত্ৰ ক্ৰোধক বশ কৰিব নোৱাৰা বাবে এই ঋষি সকলৰ মাজত দুৰ্ব্বাসাই স্থান পাবলৈ সক্ষম নহ’ল। সপ্তৰ্ষি দুৰ্ব্বাসাক ভৎসনা কৰিলে। মাত্ৰ এশ বছৰ তপস্যা কৰি সমষ্ট ৰিপুক পৰাভুত কৰি ত্ৰুতুমুনি সপ্তৰ্ষি মণ্ডলত স্থানপ্ৰাপ্ত হৈছিল। ক্ৰোধ এনে এক ৰিপু, নৰক যাত্ৰাৰ দুৱাৰৰ দুৱৰী ক্ৰোধে সদায় কৰ্মত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই ক্ৰোধ ৰিপুৰ বাবে অন্যায়, অধৰ্ম, হিংসাৰ উদ্ভৱ হয়। অন্তৰ দন্দ, অন্তৰ কলহ, আত্মহত্যা এই সকলো ক্ৰোধৰ দ্বাৰা এক পৰিচালিত ক্ৰোধৰ ৰূপান্তৰ। সৃষ্টিৰ অনাদি কালৰ পৰা ক্ৰোধৰ জন্ম হৈছিল মহামায়াৰ চকুৰ পৰা। মধু কৈতভ বধৰ সময়ত পৰম পুৰুষ বিষ্ণু সন্মোহন অৱস্থাত থকা বাবে মহামায়াই ক্ৰোধক জন্ম দি বিষ্ণুব হাতেৰে মধুকৈতভ দানৱক বধ কৰাইছিল। গতিকে ঋষিবৰ এনেকুৱা ভয়ঙ্কৰ ক্ৰোধ ৰিপু যেতিয়ালৈ দেহত সক্ৰিয় হৈ থাকিব তেতিয়ালৈ জীৱৰ মুক্তি সম্ভৱ নহয়। সম্ভৱ নহয় জ্ঞানমাৰ্গত প্ৰৱেশ কৰা। ই জৈমিনি মোৰ সন্ধ্যাৰসাময় সমাগত আহা আমি একেলগে সন্ধ্যা কৰো। জৈমিনী মুনি স্নান কৰি পক্ষীবৰ সুমুখৰ লগত সন্ধ্যাত নিমগ্ন হ’ল।

 সন্ধ্যান্তে জলযোগে দিনান্তৰ ব্ৰত শেষ কৰি পুনৰ আলোচনা আৰম্ভ কৰিলে। এইবাৰ জৈমিনি মুনি সুধিলে- হে গুৰুদেৱ আপুনি আগতে কলে ক্ৰোধৰ জন্মদাতা মহামায়া, মই নুবুজিলো গুৰুদেৱ, এই মহামায়া কোন? এওঁৰ চৰিত্ৰ কি? এও স্থিতি নে প্ৰলয়। এও আদি নে অন্ত? এই মহামায়া সম্পৰ্কে মোক কিছু জ্ঞান দিয়ক গুৰুদেৱ। হে জৈমিনি মই নিজেই জ্ঞান মাৰ্গৰ শীৰ্ষ স্পৰ্শ কৰা নাই। গতিকে মহামায়া সম্পৰ্কে তোমাৰ মনে বিচৰা উত্তৰ মই দিব নোৱাৰিম। [ ৪৩ ] তোমাক মই এটা উপদেশ দিম। তুমি মহৰ্ষি মেধষৰ ওচৰলৈ গলে তেখেতে তোমাক মহামায়া সম্পৰ্কে সম্পূৰ্ণ জ্ঞান দিব পাৰিব। বৰ্ত্তমান সময়ত মহামায়া সম্পৰ্কে জানিব বিচাৰিলে মাত্ৰ দুজন দেৱী জ্ঞান শীৰ্ষক ব্যক্তি আছে। এওঁলোক হ’ল- মাৰ্কণ্ডেয় মুনি আৰু মহৰ্ষি মেধষ। বাৰু গুৰুদেৱ প্ৰথমে মোক আপুনি অজ্ঞান এন্ধাৰৰ পৰা জ্ঞানৰ পথ দৰ্শন কৰক। মোক আপুনি অজ্ঞানতা দূৰ কৰক গুৰুদেৱ। হে ঋষিবৰ তুমি নিৰাশ হ’ব নেলাগে। দাদাহঁতৰ অবৰ্ত্তমানত মই তোমাক কিছু পৰিমানে হলেও তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। তোমাৰ প্ৰশ্নসমূহ মোক জানিবলৈ দিয়া। পক্ষীৰ কথা শুনি জৈমিনী মুনি ক'লে- হে গুৰুদেৱ মোৰ প্ৰশ্ন এই-

১। ভগবানে কিয় মানুহ ৰূপে মানুহৰ ঘৰত জন্ম ল’ব লগা হ’ল।
২। পৰ পতিৰ বাবে নাৰীৰ আশক্তিৰ কাৰণ কি গুৰুদেৱ?
৩। ভগৱানৰ মুক্তিদাতা কোন?
৪। ভগৱান কৃষ্ণৰ মৃত্যু কিয় হৈছিল?

 গুৰুদেৱ এই চাৰি প্ৰশ্নই মোৰ আহাৰ, নিদ্ৰা হৰণ কৰিছে, দয়া কৰি আপুনি মোক এই চাৰি প্ৰশ্নৰ সমিধান দিয়ক মহাশয়।

 জৈমিনী তত্বসাৰ তোমাৰ প্ৰশ্ন। পাপনাশক ইয়াৰ উত্তৰ। তুমি ভালদৰে শুনা তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ-

 ১। ক্ৰোধ
 ২। অজ্ঞানতা
 ৩। তত্ব
 ৪। কৰ্মফল

 জৈমিনী তেনেহ'লে ভক্তিভাবে শুনি যোৱা। সৃষ্টিখন জলময় [ ৪৪ ] হোৱাৰ সময়ৰ হিচাব কাৰো হাতত নাই। সৃষ্টি নাই। সৃষ্টিত আন কোনো নাই। জীয়াই আছে এজন। মায়া অবয়ব দেখা নেযায়। ধুম্ৰ আকৃতি হৈ আকাশ মাৰ্গত, বিচৰণ কৰি আছিল মায়া। এদিন তেওঁ ভাবিলে নতুনকৈ সৃষ্টি কৰিব লাগিব। সৃষ্টি অবিহনে স্ৰষ্টাৰ অস্তিত্ব বিন্যাস কৰিবলৈ কোনো নাই। চিন্তা কৰি মহামায়াই এজন ক্ষুদ্ৰ আকৃতিৰ পুৰুষক জন্ম দিলে আৰু লগে লগে জলপূৰ্ণ পৃথিৱীলৈ পেলাই দিলে। ক্ষুদ্ৰাকৃতি পুৰুষজন তলৌ তলোঁকৈ পানীৰ মাজত ভাহি ফুৰিবলৈ ধৰিলে। পানীৰ মাজত পুৰুষজনৰ অলাই-অথানি দেখা পাই মহামায়াই এটি আঁহত গছৰ পাত তলত পেলাই দিলে। আহত গছৰ পাতটো দেখি নৱজাতকে বৰ আদৰেৰে পাতটোৰ ওপৰত উঠি বিচৰণ কৰি থাকিল। এনেদৰে দিনবোৰ গৈ আছে। ইতিমধ্যে পুৰুষজনৰ কলেবৰ স্থুলৰূপত প্ৰকাশ হৈ আহি আছে। এদিন তেওঁ ভাগৰুৱা হৈ পত্ৰশয্যাত শয়নত পৰিল। তেনেদৰে বহুদিন পাৰ হোৱাৰ পাছত এদিন আকাশ মাৰ্গৰ পৰা কাৰবাৰ নাৰী কন্ঠস্বৰ ভাহি আহিল। জাগি উঠা, মই তোমাক বিশ্ৰাম কৰিবলৈ জন্ম দিয়া নাই। তুমি সৃষ্টিকৰ। লয় হোৱা সৃষ্টি তুমি পুনৰ কৰিব লাগিব। তেতিয়া পুৰুষজনে ক’লে মই অজ্ঞ, মই এইবোৰ একো নাজানো। তেতিয়া পুনৰ চাৰিফালৰ পৰা চাৰিটা শব্দ তপ, তপ, তপ, তপ। বহুসময় চিন্তা কৰাৰ পিছত তেঁও বুজিলে তপ অৰ্থাৎ ধ্যান কৰিবলৈ আদেশ দিয়া হৈছে। লগে লগে তেওঁ তপ আৰম্ভ কৰিলে। বহু বছৰ তপস্যা কৰাৰ পিছত এদিন পুনৰ নিৰ্দেশ আহিল তুমি সৃষ্টি কৰা। জলময় পৃথিৱী স্থলমই আৰু জীৱ জগতৰে পূৰ্ণ কৰা৷ মোৰ কামনা পূৰ্ণ কৰা। তুমি কোন, তোমাক মই দেখা নাই। তুমি দৃশ্যমান হোৱা। তেতিয়া মহামায়াই দিব্য ৰূপত [ ৪৫ ] পুৰুষজনৰ আগত দেখা দি ক'লে- তুমি সিদ্ধি লাভ কৰিছা গতিকে তুমি সৃষ্টি কৰিব পাৰিবা। তুমি মোৰ বাক্য অনুশৰণ কৰা। তেতিয়া পুৰুষজনে ক’লে পুৰুষ প্ৰকৃতিৰ মিলন অবিহনে জীৱৰ জন্ম হ’ব নোৱাৰে গতিকে তুমি মোৰ লগত কাম কলাত ৰত হোৱা। মহামায়া ক্ৰোধত জ্বলি উঠিল। কি ক’লা তোমাৰ বাক্যত পাপৰ সঞ্চাৰ হৈছে। মই তোমাৰ মাতৃ। মই তোমাক জন্ম দিছো। তেনেস্থলত...। তেনেহ’লে শুনা সিদ্ধিলাভ কৰিলেও তোমাৰ অন্তৰ পবিত্ৰ হোৱা নাই গতিকে তুমি পাপ খণ্ডনৰ বাবে মানুহ ৰূপে জন্ম ল’ব লাগিব। তোমাৰ মুখৰ পৰা যি বাক্য প্ৰকাশ কৰিছা তাৰ বাবে মানৱ জন্মত কাৰ বনীতাৰ লগত কেলি কৰিব লাগিব। এদিন তোমাৰ মৃত্যু হ’ব। পুৰুষজনে ক’লে- মই বুজিলো তুমি মহামায়া তুমি প্ৰকৃতি। তোমাত বাহিৰে আন প্ৰকৃতি নথকাত সৃষ্টিৰ আহিলা হিচাবে মই তোমাক কামনা কৰিছো তাৰ বাবে তুমি মোক অভিশপ্ত কৰিলা। বিনা কাৰণত মোক অভিশপ্ত কৰা বাবে তোমাকো মই অভিশপ্ত কৰিম। তুমি যিয়েই নহোৱা আজিৰ পৰা তুমিয়ো কামকলা বৰ্জিত ময়ুৰীৰ ৰূপ ধাৰণ কৰিব লাগিব। মহামায়াই ক'লে- তোমাৰ অভিশাপত মই আজিয়েই ময়ুৰীৰ ৰূপ ধাৰণ কৰিম আৰু শুনা মোৰ পুশ্বপাখী তোমাৰ মুৰত নাথাকিলে তুমি পৰিচয়হিন হবা। পুৰুষজনে সুধিলে মোৰ কামনা...। মহামায়াই ক’লে- পাবা দ্বাপৰ যুগত তুমি দৈৱকী বসুদেৱৰ ঘৰত জন্ম লাভ কৰিবা। নন্দ যশোদাৰ ঘৰত ডাঙৰ হ’বা। বহুজনে তোমাৰ স্পৰ্শত মুক্তি পাবলৈ তোমাক বৈৰী ৰূপে কামনা কৰি আছে। সিহঁতক তুমি মুক্তি দিবা। বৃষভানু ৰজাৰ ঘৰত ৰাধা নামেৰে মোৰ জন্ম হ’ব। তেতিয়া তোমাৰ মনোবাসনা পূৰ্ণ হ’ব বুলি কৈ মহামায়াই ময়ুৰী [ ৪৬ ] ৰূপে আকাশলৈ উৰি গ’ল।

অজ্ঞানতা

 যোদ্ধা কৰ্ণৰ গুণ-গৰিমা, সৌন্দৰ্য্য আটাইতে মুগ্ধ হৈছিল দ্ৰৌপদী আৰু তাৰে ফলস্বৰূপে এটা সময়ত দ্ৰৌপদী কৰ্ণৰ প্ৰতি আসক্ত হৈ এদিন উদ্দানৰ মাজত প্ৰকাশ্যভাবে কৰ্ণৰ সান্নিধ্য বিচৰাৰ কথা কৰ্ণৰ আগত প্ৰকাশ কৰিছিল। সেই সময়ত কৰ্ণৰ অতীত সম্পৰ্কে দ্ৰৌপদী অজ্ঞ আছিল। সেয়েহে যৌৱনৰ মাদকতাত দ্ৰৌপদী উটি- ভাহি কৰ্ণৰ প্ৰেম সাগৰত সাতুৰি নাদুৰি ফুৰিছিল। শয়নে-সপোনে দ্ৰৌপদীৰ মনত কৰ্ণৰ বাহিৰে আন কাৰো স্থান নাছিল। দ্ৰৌপদীৰ মনত কৰ্ণ আছিল বীৰত্ব আৰু সুন্দৰৰ অদ্বিতীয় চানেকী। কৰ্ণ দ্ৰৌপদীৰ প্ৰেম ক্ৰমে প্ৰগাঢ় হৈ আহিছিল। কিন্তু বেছিদিন নহ’ল। এদিন দ্ৰৌপদী শুনিছিল পিতৃ দ্ৰুপদ ৰজাৰ এষাৰ কথা। ৰাণী মন কৰিছানে আমাৰ কন্যা দ্ৰৌপদী বিবাহ উপযোগী হৈছে গতিকে আমি পলম নকৰি কন্যাৰ সয়ম্বৰৰ ব্যৱস্থা কৰিব লাগিব। দেশ-বিদেশৰ সকলো ৰাজপুত্ৰ, মন্ত্ৰীপুত্ৰক সয়ম্বৰত নিমন্ত্ৰণ কৰি এজন যোগ্য পাত্ৰৰ হাতত দ্ৰৌপদীক অৰ্পণ কৰিব পাৰিলে মই বৰ আনন্দিত হম। ৰাণী মাত লগালে মহাৰাজ কথাষাৰ এবাৰ দ্ৰৌপদীক সুধি চোৱা ভাল আছিল নেকি? মই পিতৃ হিচাবে কন্যাৰ বেয়া চিন্তা নকৰো। ৰজা দ্ৰুপদৰ একমাত্ৰ কন্যা দ্ৰৌপদীক বিৰল ব্যক্তিত্বৰ অধিকাৰী সুদৰ্শন বীৰৰ হাতত মই অৰ্পণ কৰিবলৈ মোৰ মনৰ হেপাহ আছে আৰু তাকেই মই কৰিম। মোৰ মনৰ অভিলাস সয়ম্বৰৰ থলিতেই মোৰ মনে বিচৰা পাত্ৰ মই নিশ্চয় সন্ধান পাম।

 মহাৰাজ আপুনি খং নকৰিব, মই কন্যা দ্ৰৌপদীৰ মনৰ এটি [ ৪৭ ] বতৰা আপোনাক দিব খুজিছো আপুনি চিন্তা কৰি চাব। তুমি কি ক’ব খুজিছা ৰাণী। মহাৰাজ কন্যা ইতিমধ্যে কৰ্ণবীৰৰ প্ৰতি আসক্ত গতিকে আপুনি এবাৰ....। অসম্ভৱ, দ্ৰৌপদী হয়তো নেজানে যে তাইৰ প্ৰিয় কৰ্ণ সুতপুত্ৰ। গতিকে দ্ৰৌপদীক বুজাবা? মোৰ বংশৰ মান মৰ্য্যাদা জলাঞ্জলী দি মই সুত পুত্ৰ কৰ্ণৰ হাতত এক মাত্ৰ কন্যাক তুলি দিব নোৱাৰিম। ৰজা ৰাণীৰ অজ্ঞাতে দ্ৰৌপদী এই সকলো কথা শুনি আছিল। এফালে দ্ৰৌপদীৰ মনে প্ৰাণে ভাল পোৱা কৰ্ণৰ প্ৰতি দ্ৰুপদ ৰজাৰ বদান্যতা আনফালে দ্ৰৌপদীৰ হিয়াৰ আমঠু কৰ্ণক হেৰুওৱাৰ ভয়। বংশমৰ্য্যাদা, উচ্চ-নীচ, প্ৰেম কোন শ্ৰেষ্ঠ। ইমান দিনে কৰ্ণৰ প্ৰতি হিয়া উজাৰি দিয়া এই প্ৰেম? কিয় কৰ্ণই এবাৰো তাইক নকলে যে তেওঁ সুত পুত্ৰ। তাই নিজে এবাৰো কিয় কৰ্ণৰ আচল পৰিচয় ল’ব নিবিচাৰিলে। অসংখ্য প্ৰশ্নই দ্ৰৌপদীৰ মন ভাৰাক্ৰান্ত কৰি তুলিলে।

 নহয় পিতৃ-মাতৃৰ অজ্ঞাতে তাই কৰ্ণৰ ওচৰত আত্ম সমৰ্পণ কৰিব নেকি? জন্ম দাতৃ পিতৃ-মাতৃৰ হৃদয়ত বজ্ৰাঘাট কৰি মান মৰ্য্যাদা সকলো জলাঞ্জলি দি এনে কাম কৰিলে তাই ক্ষমাৰ যোগ্য হবনে? দোদুল্যমান মনেৰে দ্ৰৌপদী বিচনাত পৰি আকাশ-পাতাল গণিবলৈ ধৰিলে। সৌন্দৰ্য্যৰ বীৰত্ব প্ৰভুত্ব আৰু অৰ্থৰ প্ৰভাবেতো নাৰীৰ মন আকৰ্ষণ কৰে। তেনেহ’লে মোৰ ভুল ক’ত, কি কৰো? নহয় মই সময়লৈকে অপেক্ষা কৰিব লাগিব। কথা মতে কাম ৰজা দ্ৰুপদে ৰাজ্যত প্ৰচাৰ কৰি দিলে দ্ৰৌপদীৰ সয়ম্বৰৰ কথা নিমন্ত্ৰণ জনোৱা হ’ল চুবুৰীয়া ৰাজ্য সমূহৰ ৰজা, ৰাজপুত্ৰ, মন্ত্ৰীপপুত্ৰ, ধনী সদাগৰ সকলোকে। সময়ত আৰম্ভ হ’ব সয়ম্বৰ। সুতপুত্ৰ কৰ্ণক সভাত আসন [ ৪৮ ] দিয়া নহ'ল। মধ্যম পাণ্ডৱ অৰ্জুনে সয়ম্বৰৰ বান্ধি দিয়া ৰিতি অনুসৰি পনভঙ্গ কৰি সুযোগ্য কন্যা দ্ৰুপদ নন্দিনীক লাভ কৰিলে। আনন্দত ভৰি উঠিল দ্ৰুপদ ৰজাৰ মন। যোগ্য বীৰৰ হাতত নিজ কন্যাক অৰ্পণ কৰিবলৈ পাই। ৰজাই যেন হাততে স্বৰ্গ ঢুকি পালে। দ্ৰৌপদী যেতিয়া জানিছিল ইতিহাসে ঢুকি নপোৱা অন্য এক কিৰল বিৰল কাহিনীৰ তাই নায়িকা হৈ পৰিছিল। অৰ্থাৎ এক স্বামী এক স্ত্ৰীৰ পৰিৱৰ্ত্তে পাৰ্থবীৰৰ লগতে লাভ কৰিছিল আন চাৰিজন স্বামী। এইয়াও দ্ৰৌপদীৰ সপোনে ঢুকি নপোৱা অজ্ঞতা। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণবীৰৰ পৰাক্ৰম দুৰ্দমনিয় শক্তি দেখি পুনৰ মুগ্ধ হৈছিল দ্ৰৌপদী। বিবাহিত নাৰী পৰৰ পতিৰ প্ৰতি আসক্ত হ’ল। যি মহাপাপৰ সঞ্চাৰ হয় তাৰ প্ৰতিও দ্ৰৌপদী অজ্ঞ আছিল।

 এই অজ্ঞানতাৰ বাবে দ্ৰৌপদী পাপ বৰ্জিত হ’ব নোৱাৰিলে। স্বৰ্গ যাত্ৰাতো দ্ৰৌপদীৰ বিঘিনি ঘটিল।

 হয় গুৰুদেৱ এই অজ্ঞানতাৰ এন্ধাৰৰ পৰা মানুহ মুক্ত হ’লে পাপ গধুৰ জীৱনৰ কিছু পাপ আঁতৰি যাব। জীৱে মুক্তিৰ পথ অনুধাবন কৰিব পৰিব। হয় জৈমিনী কথাষাৰ সত্য কিন্তু বৰ কঠিন। জ্ঞানৰ পোহৰ পাবলৈ প্ৰথমে অজ্ঞানতাৰ এন্ধাৰ আঁতৰাব লাগিব তেতিয়াহে জ্ঞানৰ পোহৰ উদ্ভাসিত হ’ব।

তত্ত্ব

 কৰ্মৰ আভ্যন্তৰিণ গভীৰতম্ তাৎপৰ্য। তাতপৰ্যই তত্ত্ব। বিধিলিপি বা কৰ্মৰ ফল দৰ্শনে জনমানস বা সমাজৰ সৎ পথৰ সন্ধান পৰিবাহক স্ৰষ্টা। এটা কথা তুমি জানা জৈমিনী প্ৰতিজনে প্ৰতিজনৰ পুজক। ব্ৰহ্মা, হৰি, হৰৰ অভিন্ন হৃদয়, ক্ৰোধ আৰু অজ্ঞানতাৰ [ ৪৯ ] গভীৰতম্ বৌদ্ধিক বিন্যাসে তত্বৰ আচল ৰূপ বিকাশ কৰে। ৰেণুকাৰ নাৰী প্ৰবৃত্তিক উপলব্ধি নকৰি স্বামী যমদগ্নী অহৈতুক ক্ৰোধৰ সঞ্চাৰ কৰি, ব্ৰহ্মাজ্ঞানী মুনিক ঋপুক দমন নকৰি বৰং নিজক ব্ৰহ্মহত্যাৰ পৰা আঁতৰাই লৈ গ'ল। ব্ৰহ্মজ্ঞানী যমদগ্নী চন্দাল সদৃশ হৈ পৰিল। পাহৰি গল মায়াময় জগত, পাহৰি গ’ল চেনেহৰ ভাৰ্য্যা, পাহৰি গ’ল পুত্ৰ। ৰেণুকাৰ গৃহ প্ৰৱেশে জমদগ্নীৰ ক্ৰোধৰ হোমাগ্নীত ঘৃতাহুতি প্ৰক্ষেপ কৰিলে। চিৎকাৰ কৰি উঠিল পুত্ৰ সকল। কোনে পাৰা মোৰ সন্মুখত মাৰাৰ শিৰচ্ছেদ কৰি দিয়া। এনেকুৱা দ্বিশ্বাৰিনী নাৰীৰ সম্পৰ্কই সকলোকে কলুশিত কৰে। নাৰী হত্যা মহাপাপ বুলি জানিও ক্ৰোধ আৰু অজ্ঞানতাৰ দ্বাৰা আক্ৰান্ত হৈ নিজ পুত্ৰক এই পাপৰ পথেৰে গতি কৰিবলৈ পিতৃৰ কেনে দাৰুন আদেশ।

 পৰশুৰামে পিতৃৰ আদেশ শিৰধাৰ্য্য কৰি মাতৃৰ শিৰচ্ছেদ কৰিলে। পিতৃ তুষ্ট হ’ল, কিন্তু মাতৃ। এতিয়া যমদগ্নী এই পাপৰ পৰা নিজ পুত্ৰক তেওঁৰ ব্ৰহ্মজ্ঞানেৰে উদ্ধাৰ কৰিবলৈ পাৰিবনে। অজ্ঞান পিতৃৰ ব্ৰহ্মজ্ঞানে পুত্ৰক মাতৃহত্যা মহাপাপৰ পৰা পৰিত্ৰাণ কৰাৰ পথ অজ্ঞানতাই যমদগ্নীৰ ব্ৰহ্মচৰ্য্যৰ অপমৃত্যুৰ কাৰক হ’ল। পৰশুৰামে পিতৃস্নেহৰ আৱেগত স্নেহৰ অন্ধতাৰ তত্বক উপলব্ধি নকৰি জ্ঞানশূন্য নীচ কাম কৰিলে। হাতৰ কুঠাৰ মাতৃ হত্যাৰ সাক্ষী। পৰ্বতে-পাহাৰে, হাবি-জঙ্ঘলে লৈ ঘুৰি ফুৰিছে পৰশুৰামে। আকাশ, বতাহ, চৰাই- চিৰিকতি, জোন-বেলি সকলে যেন পৰশুৰামৰ মুখ দেখি ঘৃণাত মুখ চৰাইছে। বছৰৰ পিছত বছৰ অবিৰাম গতি কক্ষচ্যুত গ্ৰহৰ দৰে পৰিধিহিন যাত্ৰা। অন্তৰত নিজৰ প্ৰতি বদান্যতা, পিতৃৰ প্ৰতি ঘৃণা আৰু বৰ্ত্তমান তথা ভবিষ্যতে ক্ষমা নকৰাৰ ভয়। ভাব হয় পিতৃ প্ৰদত্ব [ ৫০ ] যোগ্যপুত্ৰ যেন এক কালসৰ্পৰ মালাহে। ব্ৰহ্মাত্ব নিৰ্ণায়ক পুত্ৰ সমূহে। পৰশুৰামক খেদি ফুৰিছে জন্মক্ষণক ধিক্কাৰ দি। ভাগৰুৱা হৈ পৰিল পৰশুৰাম। পৰিশ্ৰান্ত পৰশুৰামে গছৰ চাত শুই পৰিল নিদ্ৰালশ ভাবে। গভীৰ নিদ্ৰাত কিমান সময় আছিল পৰশুৰামে নেজানে। নিদ্ৰাত কোনোবায় যেন তেওঁক কলে বিস্মৃতি, ককৰ্থনা, যন্ত্ৰণা, ত্ৰি সুদ্ধিৰ মিশ্ৰিত ফলেই মুক্তি গতিকে পৰশুৰাম তুমি উপলব্ধি কৰা লগতে তুমি মুক্তি প্ৰাপ্তিৰ বাবে চতুৰ্দশী ব্ৰত পালন কৰা। তোমাৰ মুক্তি প্ৰাপ্তিৰ বাবে বেচি দিন নাই। তোমাৰ পূৰ্বদিশত আছে এক দিব্য সৰোবৰ। এতিয়া তুমি তাক দেখা নাপাবা কাৰণ তুমি জ্ঞান অন্ধ হৈ আছা। অজ্ঞান আন্ধৰ দুৰ কৰাৰ বাবে পঞ্চম চতুৰ্দশী পালনৰ প্ৰাতকালত তোমাৰ জ্ঞান চকুই প্ৰাণ পাব। তেতিয়াহে তোমাৰ সৰোবৰ দৰ্শন হ’ব। দিপাক্ষা নামৰ এক গন্ধৰ্ব কন্যা উৰ্ব্বৰ মুনিৰ অভিশাপত সৰোবৰৰ ৰূপত অভিশপ্ত হৈ আছে। তোমাৰ পৰশত দিপাক্ষা আৰু দিপাক্ষাৰ স্পৰ্শত তোমাৰ পাপ মুক্ত হ’ব। দিপাক্ষাৰ আদেশত তোমাৰ হাতত পৰশু পুনৰ প্ৰহাৰ হ’ব আৰু এই জলধাৰাৰ নাম হ’ব পৰশুকুণ্ড। খণ্ডন হব তোমাৰ হস্তৰ বন্ধন। এই সৰোবৰ হ’ব নৰ ধামত এক পাপ মোচনৰ সঞ্জীৱনী। যিসকলে ক্ৰোধ, অজ্ঞানতাক বিসৰ্জন দি পূৰ্ণিমা তিথিত কুণ্ডৰ জলত স্নান কৰিলে জৰা, শোক, ব্যধি, নিবৃতিৰ আধাৰ হ’ব।

 পৰশু কুণ্ডত স্নান কৰোঁতে অপুত্ৰক সকলে ৰুদ্ৰাক্ষ বেলপাতেৰে বান্ধি কুণ্ডত নিক্ষেপ কৰোতে দিপাক্ষাৰ নামত জলকুণ্ড দিলে পুত্ৰ লাভ হ’ব। ক্ৰোধ, অজ্ঞানতা, বদান্যতা লোপপ্ৰাপ্তি হ’লে তত্ত্বজ্ঞান স্থিতি হয়। তত্ত্বজ্ঞানে শীৰ্ষজ্ঞান স্পৰ্শ কৰিলে মানুহ দেৱতুল্য [ ৫১ ] হ’ব পাৰে। ইয়াৰ বাবে লাগিব ৰিপু দমনৰ সুসংহত।

 জ্ঞান ভাণ্ডাৰৰ অস্ত্ৰ চাৰিকা দমনীয় শক্তি।

কৰ্মফল

 মুল সত্যক উপলব্ধি কৰিলে, বোধগম্য হয় যে ঈশ্বৰৰ অনুভুতি কৰ্মফল। কৰ্মফল চন্দ্ৰ, সূৰ্য্যৰ দৰে সত্যৰ প্ৰতীক। কৰ্মফলে পূৰ্ব্বজন্ম স্মৰণ কৰাই বা ভাবিবলৈ বাধ্য কৰে। এটা কলপুলি যেতিয়া আন ঠাইৰ পৰা আনি গাত খান্দি আন ঠাইত ৰোপন কৰা হয় সেই সময়ত তাত ফল নাথাকে। সাৰ পানী দিয়াৰ পিছতো কেতিয়াবা কোনো দুৰ্যোগত তাৰ মৃত্যু হ’ব পাৰে। এয়া তাৰ কৰ্মফল। সি যেতিয়া ডাঙৰ দীঘল হ’ব তেতিয়া তাৰ বুকুৰ মাজৰ পৰা এটা ঠোক ওলাব। ৰুওতাজনৰ মন ঢাপলি মেলিব তাৰ বংশ বিন্যাস কৰিবলৈ। এইয়া মালভোগ ৰুওতাজনৰ প্ৰাপ্য কৰ্মফল। ইয়াৰ পৰা আঠিয়া বা আন কিবা কল প্ৰাপ্য হবনে? এইয়া শুভ বুদ্ধি সম্পন্ন ব্যক্তিৰ কৰ্মফল। কৰ্মফল যদি ব্যতিক্ৰম হয় তেনেহ’লে ঈশ্বৰ নামৰ বিশ্বাসত কলঙ্কৰ দাগ পৰিব।

 যাৰ জন্ম আছে তাৰ কৰ্মফল মৃত্যু। উপজিলে মৰিব লাগিব। কৰ্মফলৰ বাবে কাৰবাৰ মৃত্যু হয় অনাকাংক্ষিত চকুলোৰ ঢলৰ সমষ্টি। কাৰবাৰ মৃত্যু আত্মতুষ্টিৰ হাঁহি হিচাপে পৰিগণিত হ’ব পাৰে। কাৰণ কৰ্মফলে জীৱৰ জীৱন ৰোমন্থন কৰে। অতীত বৰ্ত্তমান সকলো কৰ্মফলৰ অনুগামী কৃষ্ণ ভগৱান৷ তেওঁ দৈৱকীৰ গৰ্ভত জন্ম লৈছিল কাৰণ তেওঁৰ প্ৰতিশ্ৰুতি, পৰম বৈষ্ণৱ ৰঘুপতি শৰ্মা আৰু তেওঁৰ ভাৰ্য্যাৰ যি ত্যাগ, তাৰ বাবে সন্তানহীনা সম্পতী ৰঘুপতী শৰ্মাৰ ঘৰত, [ ৫২ ] তিনি জনমত পুত্ৰ স্বৰূপে তেওঁ জন্ম গ্ৰহণ কৰিব। প্ৰথম জন্ম ৰঘুপতি শৰ্মা, সুতপা ব্ৰাহ্মণ আৰু তেওঁৰ ভাৰ্য্যা প্ৰিঞ্চী সতী, পুত্ৰ প্ৰিঞ্চিসুত। দ্বিতীয় জন্ম ৰঘুপতী কাশ্যপ, ভাৰ্য্যা অদিতী। তৃতীয় জন্ম ৰঘুপতী বসুদেৱ, ভাৰ্য্যা দৈৱকী কৃষ্ণ৷ এইয়া ৰঘুপতি আৰু ভাৰ্য্যাৰ কৰ্মফল। জগত পতিক যি পুত্ৰ স্বৰূপে তিনি জনমত লাভ কৰিছিল এইয়াই কৰ্মফল। ৰাম অৱতাৰত অন্যায়ভাবে বালী বধৰ যি কৰ্মফল সেইয়া দ্বাপৰত প্ৰতিফলিত হৈ কৰ্মফলৰ বাবে অঙ্গদৰ ব্যাধৰ হাতত কৃষ্ণৰ মৃত্যু হৈছিল। এইয়াই কৰ্মফল। কুৰুক্ষেত্ৰৰ যুদ্ধত ধৰ্মযুদ্ধত অধৰ্মৰ সঞ্চাৰ হৈছিল। গঙ্গাপুত্ৰই সকলো দেখি শুনিয়ো নিৰ্বাক নিস্পন্দ হৈ থাকি শৰশয্যাৰ দাৰুণ যন্ত্ৰণা সহিব লগীয়া হৈছিল। কৌৰৱ কুল বিনাশত ভগৱান কৃষ্ণৰ অৰিহণা আছিল শ্ৰেষ্ঠতম। সকলো জানিয়ো কৃষ্ণ মাজে মাজে কুৰুক্ষেত্ৰত নিস্ক্ৰীয় হৈ পৰিছিল। অস্বস্থহঁত ইতি কিন্তু গজ, বাক্যশাৰ কাৰ প্ৰৰোচনাত সত্যবাদী যুধিস্থিৰে ৰণক্ষেত্ৰত প্ৰকাশ কৰিছিল। ধৰ্মক সংস্থাপন, অধৰ্মক বিনাশ কৰাৰ বাবে ভগৱানে বাৰে বাৰে অৱতাৰ ধৰিছিল। যদি সেইয়াই হয় তেনেহ’লে বিনাশত পাপৰ কথা নাই নেকি? বিনাশ কৰ্ম নহয়নে? যদি কৰ্ম তেনেহ’লে তাৰ ফল উপলব্ধ নহয় নে? সত্য যদি ইশ্বৰ উপলব্ধ কৰ্মফল অৱশ্যয় প্ৰাপ্তি হ’ব।নহয় জৈমিনী প্ৰশ্ন তোমাৰ সত্য, কৰ্মফল কোনো কাৰণত কাৰোবাবে ব্যতিক্ৰম নহয়। কৰ্ম কৰিলে ফল অৱশ্যে ভোগ কৰিব লাগিব। তুমি জানা যদুবংশ সবংশে ধ্বংশ হৈছিল কাৰণ এইয়াও কৃষ্ণৰে কৰ্মফল।

 হে জৈমিনী যদিওবা ঈশ্বৰ চালিত শক্তি বুলি কোৱা হয় [ ৫৩ ] তথাপি জীৱৰ নিজস্ব এটা শক্তি আছে। দুস্কাৰ্য্য কৰা জীৱ ঈশ্বৰৰ সৃষ্টি নহয়নে? তেনেহ’লে এই দুস্কাৰ্য্য জীৱে নিজে কৰে নে ভগৱানে কৰাই? অৰ্থাৎ ধ্বংসৰ বাবে পাপৰ প্ৰয়োজন। দুস্কাৰ্য্য নকৰিলে পাপ সঞ্চাৰ নহয় বাবে অজ্ঞানতাৰ দ্বাৰা পাপৰ জন্ম দিয়া হয়। পাপৰ সমষ্টিয়েই হয় ধ্বংশ।

 হে গুৰুদেৱ আপুনি মোক যি জ্ঞানৰ সন্ধান দিলে মোৰ জীৱন আপোনাৰ জ্ঞানৰ পোহৰত ধন্য হ’ল। মই জীৱনৰ সাৰ্থক্যতা অনুভৱ কৰিব পাৰিছোঁ। আপোনাৰ প্ৰদত্ত জ্ঞানে মোৰ জীৱনৰ গতি পৰিৱৰ্ত্তন কৰিব। জ্ঞানমাৰ্গৰ মহান বানী, মোৰ জীৱন পৱিত্ৰ ঈশ্বৰ অনুভৱৰ সহায়ক হ’ব। হে গুৰুদেৱ অজ্ঞানক আৰু কিছু জ্ঞান দান কৰাৰ বাবে কৃপনতা নকৰিব। আপোনাৰ বিষয়ে আৰু কিছু কথা জানিব বিচাৰিছো। আপোনালোক চাৰি ভাতৃৰ মানৱ জন্মৰ পুৰ্বজন্ম সম্পৰ্কে মোক কিছু আভাষ দিয়ক। অকল শুক্ৰিশ মুনিৰ অভিশাপ নে আন কিবা কাৰণো আছে গুৰুদেৱ? কিহৰ বাবে আপোনালোক চাৰি ভাতৃ এই পক্ষীৰ জন্ম ল’ব লগা হ’ল। বৰ নম্ৰভাৱে পক্ষীবৰে মাত লগালে। হৈ জৈমীনি আমাৰ সেই জন্ম আছিল এক পাপময় আৰু এন্ধাৰৰ সময়। আমাৰ পিতৃ আছিল এজন নামধাৰি ব্ৰাহ্মণ ব্ৰহ্মত্বৰ অৰ্থ নুবুজা গায়ত্ৰীৰ মুল্যাঙ্কণ কৰিব নোৱাৰা ব্ৰাহ্মণৰ আমি চাৰি পুত্ৰ শৈবিক, কৌশত, বিপাশ আৰু চান্দক। আৰু সৰুৰে পৰা চাৰি ভাই বৰ কষ্ট কৰিব লগা হৈছিল। পিতৃৰ উপাৰ্জন হিনতাই আমাক পাপকৰ্ম কৰিবলৈ বাধ্য কৰিইছিল। মাতৃ আছিল অন্ধ। কিন্তু জমান্ধ নাছিল। আমাৰ চাৰি ভাইৰ জন্মৰ পিছত এদিন মাৱে সৰযু নদীৰ পৰা পানী আনিবলৈ [ ৫৪ ] যাওতে নদীৰ ঘাটত বাঘৰ আক্ৰমণত মা চিৰ অন্ধ হৈছিল। সেইদিন ধৰিয়ে মা আমাৰ অন্ধ। মাৰ তেজেৰে ৰাঙলী হোৱা দেহটো চাই আমি চাৰি ভাই ৰাউচি জুৰি কান্দিছিলোঁ। সন্ধিয়া সময়ত আমাৰ পিতা ঘৰলৈ আহিছিল আৰু মাৰ অৱস্থা দেখি উপায়ন্তৰ হৈ কিছু বনদৰব আনি ক্ষতস্থানত লগাই দিছিল। কিন্তু সেই বন দৰবে মাৰ ক্ষত স্থানৰ ঘা কিছু উপশম কৰিছিল হয় কিন্তু মাৰ চকুহাল চিৰদিনৰ বাবে দৃষ্টিহিন হৈয়ে ৰ’ল। দাদাহঁত শৈবিক, কৌশত বিপাখা মোতকৈ কেইবছৰমান ডাঙৰ আছিল। দাদা শৈবিক আছিল বৰ জ্ঞানী। এদিন আমি তিনি ভাইক দাদা শৈবিকে কৈছিল- ভাইহঁত আমাৰ পিতৃ আমাৰ বাবে কোনো কথাত মন দিয়া নাই৷ এইয়া আমাৰ বিদ্যা শিক্ষা গ্ৰহণ কৰাৰ সময়। কিন্তু আমাৰ দুৰ্ভাগ্য, আনৰ পিতৃৰ দৰে আমাৰ পিতৃ এই কথাত মন দিয়া নাই। আমিয়ো হাত সাৱতি বহি থাকিলে পিতাৰ দৰে আমিয়ো নাম গোন্ধহীন ব্ৰাহ্মণ হৈ জীৱন কটাব লাগিব। সেয়েহে ভাইহঁত আমি প্ৰকৃত মানুহ হ’বলৈ বিদ্যা শিক্ষা গ্ৰহণ কৰিব লাগিব। এই অৰণ্যখনৰ সিপাৰত বৌধিক মিত্ৰ নামৰ এজন পণ্ডিত আছে। আমাৰ দৰে বহুতো ছাত্ৰ তেখেতৰ পাঠশালাত অধ্যয়ন কৰে। শুনামতে তেখেতৰ পাঠশালাত ধৰ্ম, কৰ্ম, বিদ্যা আৰু জ্ঞান চাৰি প্ৰকাৰৰ শিক্ষা হেনো পণ্ডিত মহাশয়ে ছাত্ৰ সকলক দান কৰে। বৌধিমিত্ৰ পণ্ডিতে হেনো মায়াত আৱদ্ধ হোৱাৰ ভয়ত সংসাৰ নকৰিলে। এই ছাত্ৰ সকলে পণ্ডিতৰ সকলো। আমি তেখেতৰ পাঠশালালৈ গ’লে শিক্ষাৰ উপৰি আমি মৰম-চেনেহ সকলো পাম। কিন্তু আটাই কেইজন একেলগে যাব নোৱাৰিম। মাক চোৱা-চিতা কৰাৰ বাবে আমাৰ সৰু ভাই চান্দক কিছুদিন মাৰ ওচৰত ৰাখিব [ ৫৫ ] লাগিব। এইবুলি পিছদিনাখন তিনি ভাই পিতৃ-মাতৃৰ ভৰি চুই সেৱা কৰি দুই এখন কাপোৰ কানি লগত লৈ বৌধিমিত্ৰৰ ঘৰলৈ অৰণ্যৰ মাজে মাজে আগবাঢ়ি গ’ল। বৰ কষ্টেৰে অৰণ্যৰ মাজেৰে গৈ গৈ এদিন তেওঁলোকে বৌধিমিত্ৰৰ ঘৰ পালে। ঘৰ বা পাঠশালা নকৈ আশ্ৰম বুলি কলে বেছি ভাল লাগিব। ফলে ফুলে জাতিস্কাৰ এখন যেন কেনো মুনিৰ আশ্ৰম। পণ্ডিত বৌধিমিত্ৰৰ চৰণ চুই তিনি ভাই অহাৰ উদ্দেশ্য বাখ্যা কৰি অনুৰোধ কৰিলে। হে মহাশয় আমাক মানুহ হোৱাৰ শিক্ষা দান কৰক। তিনি ব্ৰাহ্মণ পুত্ৰৰ ভক্তিত পণ্ডিত বৌধিমিত্ৰ বৰ সন্তুষ্ট হৈ তেওঁলোকক আশ্ৰমত আশ্ৰয় দিলে। এনেদৰে পাৰ হৈ গৈ আছে। এদিন পণ্ডিতে ব্ৰাহ্মণ পুত্ৰ কৌশতক কলে যে, আমাৰ পাঠশালাৰ নিয়ম, আমাৰ ছাত্ৰ সকলৰ ভোজনৰ ৰন্ধন ছাত্ৰ সকলে কৰিব লাগে। কাৰণ ইয়ো এক শিক্ষা। নিয়মমতে পালপাতি ৰন্ধন কৰা আমাৰ এই পাঠশালাৰ পূৰ্বাপৰ নীতি। কৌশত অহাকালিৰ পৰা তোমালোক দুই ভাই কৌশত আৰু বিপাশো ৰন্ধন শালৰ কাম কৰিব লাগিব। গুৰুৰ আদেশ অনুযায়ী পিছদিনাৰ পৰা দুই ভাই কৌশত আৰু বিপাশে ৰন্ধন শাললৈ গ’ল। দৈব দুৰ্বিপাকত সিদিনা সেই বৌধিমিত্ৰৰ আশ্ৰমত উপস্থিত হ’ল বিন্ধাশ্ৰমৰ ত্ৰিকালজ্ঞ মুনি অশ্বনিধি। অশ্বনিধিক দেখি বৌধি মিত্ৰই মুনিৰ চৰণত ধৰি প্ৰণাম জনাই ক’লে- “হে ঋষিবৰ আপোনাক কিহেৰে আপ্যায়ন কৰিম। আপোনাৰ ভোজন সম্পৰ্কে মোক অৱগত কৰক। ঋষিবৰ কি আহাৰ পালে আপোনাৰ উদৰ পূৰ্ণ হ’ব। মুনি অশ্বনিধি ক’লে-‘হে পণ্ডিতপ্ৰবৰ মিত্ৰ ত্ৰিমাশিক ব্ৰত কৰি আছো এই ব্ৰতৰ নিয়ম অনুসৰি মোক ব্ৰাহ্মণৰ অকুমাৰী আৰু আবিয়ৈ কন্যায় ঘৃত ৰন্ধন কৰি মোক উদৰ পূৰ্ণ কৰি [ ৫৬ ] আহাৰ দিব লাগিব। আৰু শুনক এই আশ্ৰমৰ বাহিৰৰ পৰা কোনো ব্ৰাহ্মণ কন্যা আনিব নোৱাৰিব আৰু শুনক পণ্ডিত মোৰ ভোজনত লাগিব বিষাক্ত সৰ্পৰ মঙহ, ইয়াৰ অন্যথা হ’লে মই তোমাক অভিশপ্ত কৰিম।’ মোৰ ক্ৰোধৰ দাবানলত তোমাৰ আশ্ৰম পুৰি চাই হৈ যাব। চাবা পণ্ডিত মোৰ বহু আকাঙ্খিত ব্ৰতৰ ফল যেন নষ্ট নকৰা।

 মুনি অশ্বনিধিৰ কথা শুনি বৌধিমিত্ৰৰ মহা ভয় হ’ল। সেইভাব তেওঁ মুনিক নেদেখুৱাই মুনিৰ কথাত হয়ভৰ দিলে। কিন্তু বৌধিমিত্ৰ মহা বিপদত পৰিল এফালে অকুমাৰী ব্ৰাহ্মণ কন্যাৰ ৰন্ধন, আনফালে বিষাক্ত সৰ্পৰ মাংস। অন্যথা মুনিৰ কোপনত অভিশপ্ত আৰু ধ্বংস। মুনিক বিশ্ৰাম কৰিবলৈ দি বৌধিমিত্ৰ শৈবিকৰ ওচৰলৈ গ’ল। কাৰণ শৈবিকৰ অসাধাৰণ জ্ঞানৰ পৰিচয় ইতিমধ্যে বৌধিমিত্ৰই পাইছে। বৌধিমিত্ৰই বৰ মৰমেৰে শৈবিকক কাষত বহুৱাই মুনি কোৱা সকলো কথা বিৱৰি ক’লে। কিন্তু শৈবিকক বৌধিমিত্ৰই এটা কথা নকলে যে মুনি অশ্বনিধি ত্ৰিকালজ্ঞ্য মুনি। অতীত, বৰ্ত্তমান ভুত-ভৱিষ্যত সকলো মুনিৰ নশ দৰ্পনত এই কথাষাৰ বৌধিমিত্ৰই শৈৱিকক ইচ্ছা কৰিয়েই নকলে বা ভয় পোৱাৰ ভয়তেই নকলে। গুৰুৰ কথা শুনি শৈবিক মহা চিন্তাত পৰিল। কি ধৰণে সি গুৰুক সহায় কৰিব, কেনেদৰে গুৰু আৰু আশ্ৰম ৰক্ষা কৰিব। হঠাৎ শৈবিকৰ মনত এটা বুদ্ধি খেলালে। শৈবিকে গুৰু কানে কানে ক’লে- হে গুৰুদেৱ মুনিৰ প্ৰথম চৰ্ত্ত অকুমাৰী ব্ৰাহ্মণ কন্যাৰ ৰন্ধন, আমাৰ আশ্ৰমত কোনো নাৰী নাই। আমি ক’ত ব্ৰাহ্মণ কন্যা পাম। গতিকে গুৰুদেৱ মই কওঁ শুনক– আমাৰ তৃতীয় ভাতৃ বিপাশ সৰুৰে পৰা তাৰ অবয়ব কন্যা সদৃশ। গতিকে তাক ব্ৰাহ্মণ কন্যাৰ ৰূপেৰে সজাই ৰন্ধন কৰিবলৈ দিলে [ ৫৭ ] নিশ্চয় মুনিবৰ সন্তুষ্ট হ’ব আৰু মই নিজে সৰ্প বিচাৰি আনি ৰন্ধন কৰিবলৈ দিব পাৰিম। শৈবিকৰ উপস্থিত বুদ্ধিমতে বৌধিমিত্ৰৰ মনত কিছু সাহস আহিল যদিও শেষফলৰ কথা চিন্তা কৰি তেওঁৰ সৰ্বাঙ্গত কপনি অনুভৱ কৰিলে। শৈবিক, বৌধিমিত্ৰ, বিপাশৰ ওচৰলৈ গৈ আশ্ৰম আৰু গুৰুৰ বিপদৰ কথা বুজাই কলে আৰু ক’লে- তুমি ব্ৰাহ্মণ কন্যাৰ ৰূপ লৈ মুনিৰ বাবে অন্ন ৰন্ধন কৰিব লাগিব। শৈবিকৰ কথা শুনি বিপাশে ক’লে- দাদা এইয়া অসম্ভৱ। মই জন্মগত ভাবে পুৰুষ, এতিয়া মই নাৰী বা কন্যাৰ ৰূপ লম কেনেকৈ? শৈবিকে ক’লে নহয় ভাতৃ এই গুৰু আৰু জ্ঞান দাতা পিতৃ। এই পিতৃৰ বিপদৰ সময়ত আমি পুত্ৰস্বৰূপে অসাধ্যকো সাধ্য কৰিব লাগিব। স্বয়ং ভগৱানেও পুৰুষ হৈ মোহিনী ৰূপ ধাৰণ কৰিছিল কৰ্ম সিদ্ধিৰ বাবে। এই একো আচৰিত নহয়। দাদা শৈবিকৰ কথা আৰু গুৰুৰ ভয়াৰ্ত্ত শেতা পৰা মুখ দেখি বিপাশে ব্ৰাহ্মণ কন্যাৰ ৰূপ লবলৈ মান্তি হ’ল। শৈবিকে অৰণ্যৰ মাজলৈ সৰ্প বিচাৰি গ’ল। ভালেখিনি সময় বিচাৰি বিচাৰি শৈৱিক ভাগৰি পৰিল। কাৰণ এডালো সৰ্প শৈৱিকে দেখা নাপালে। অৱশেষত এটা গাতত সৰ্পৰ দৰে কিবা এটা দেখি সযতনে ধৰি আশ্ৰমলৈ লৈ আহিল। শৈৱিকে চিনি পোৱা নাই এইয়া সৰ্প নে আন কিবা। গুৰু বৌধিমিত্ৰই কলে বাচা শৈৱিক তোমাৰ অজ্ঞানতাৰ বাবে তুমি সৰ্প বুলি কুচিয়া ধৰি আনিছা। যি হ’ল হ’ল ইয়াকেই মুনিক সৰ্প বুলি ঘৃত পাক কৰি দিব লাগিব। সেইয়াই কৰা হ’ল। বিপাশক সুন্দৰ ব্ৰাহ্মণ কন্যাৰ ৰূপত সজাই মুনিৰ বাবে অন্ন ৰান্ধিবলৈ দিয়া হ’ল। ইতিমধ্যে শৈবিকহঁতৰ মাকৰ মৃত্যু হৈছে। মনৰ দুখত পিতৃয়ো ঘৰ এৰি গুচি গৈছে। নিৰুপাই হৈ শৈৱিকৰ কনিষ্ঠ ভাতৃ [ ৫৮ ] চান্দকে ভাতৃ সকলক বিচাৰি বিচাৰি অনাই বনাই ঘুৰি ঘুৰি সিদিনা বৌধিক মিত্ৰৰ আশ্ৰমত উপস্থিত হ’ল। মুনি অশ্বনিধি স্নান, তৰ্পন কৰি সন্ধ্যা পূজা সম্পন্ন কৰি ভোজনৰ বাবে আসনত বহিল। শিষ্যসকলে যিমান পাৰে মুনিক সন্তুষ্ট কৰিবলৈ পাৰ্য্য মানে চেষ্টা কৰিছে। মুনি অশ্বনিধি আসনত বহি বৌধিমিত্ৰক ক’লে- হে পণ্ডিত দুয়োজনে একেলগে ভোগ গ্ৰহণ কৰে। পণ্ডিতে ক’লে নহয় গুৰুদেৱ আপোনাৰ ভোজনৰ অন্তত আমি ভোজন কৰিম। হাত-মুখ ধুই ভোজনলৈ সাজু হোৱা মুহূৰ্তত ৰাহ্মণ কন্যৰূপি বিপাশে অন্নৰ থাল আনি মুনিৰ আগত দিলে। পিছে পিছ শৈৱিক। শৈৱিকক দেখা পাই তেওঁলোকৰ কনিষ্ঠ ভাতৃ চান্দকে দাদা দাদা বুলি চিঞৰি উঠিল। চান্দকৰ মাত শুনি শৈৱিক, কন্যাৰূপি বিপাশ আৰু কৌশত দৌৰি আহি চান্দকক সাৱতি ধৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ বিপাশৰ কন্যা ৰূপ ধাৰণ কৰা বস্ত্ৰ অকাস্মতে সুলকি পৰিল। মুনি অশ্বনিধি ক্ৰোধত জ্বলি উঠিল। পণ্ডিত বৌধিমিত্ৰ এইয়া তুমি কি কৰ্ম কৰিছা বালকক বালিকা সজাইছা। তুমি মোক প্ৰতাৰণা কৰিছা। দেখিলা সত্যক কেতিয়াও গোপন কৰিব নোৱাৰি। তুমি পণ্ডিত মোৰ ত্ৰিমাশিক ব্ৰত ভঙ্গ কৰিলা। ইয়াৰ ফল কি হ’ব জানা। মই বাৰ বছৰ কোনো যজ্ঞত আহুতি দিব নোৱাৰিম। বাৰ বছৰৰ বাবে মোৰ হবিশ্বান্ন নিষিদ্ধ হ’ল। তুমি কি কাম কৰিলা পণ্ডিত। মোৰ জীৱনৰ বাবে ইমান ডাঙৰ অন্যায় তুমি কিয় কৰিলা? মুনিৰ চৰণত ধৰি পণ্ডিত বৌধিমিত্ৰই কান্দি কান্দি ক’লৈ- হে গুৰুদেৱ মই প্ৰতিজ্ঞাবদ্ধ মই কোনেদিনে নাৰীৰ সঙ্গ গ্ৰহণ নকৰো। মোৰ আশ্ৰমত নাৰীৰ প্ৰৱেশ নিষেধ। কোনো নাৰীক মই আশ্ৰমত প্ৰৱেশ কৰিবলৈ নিদিও। আপুনি যেতিয়া ব্ৰাহ্মণ কন্যাৰ [ ৫৯ ] হাতেৰে অন্ন গ্ৰহণ কৰিব খুজিছিল মই তেতিয়া নিৰূপাই হৈ মোৰ শিষ্য বিপাশাক ব্ৰাহ্মণ কন্যা সজাই অন্ন ৰান্ধিবলৈ আদেশ কৰিছিলোঁ। আশ্ৰম আৰু শিষ্য সকলৰ কথা ভাবি মই এই গঢ়িত কৰ্ম কৰিলো গুৰুদেৱ। আমাক আপুনি ক্ষমা কৰক। নহয় পণ্ডিত তুমি মোক যি প্ৰতাৰণা কৰিলা তাৰ ফল তুমি ভোগ কৰিব লাগিব। আৰু শৈবিক তোমাক মই আজি অভিশপ্ত কৰিম তোমাৰ বুদ্ধিমতে পণ্ডিত বৌধিমিত্ৰই তোমাৰ ভাতৃক ব্ৰাহ্মণ কন্যাৰ ৰূপ দিছিল আৰু শুনা শৈবিক মই তোমাৰ সকলো কথা জানো। মই খাব খুজিছিলো বিষাক্ত সৰ্প, তুমি আনি দিছা জলজ কুছিয়া। গতিকে তুমি শুনা ইয়াৰ পিছৰ জনমত পণ্ডিত বৌধিমিত্ৰ শুক্ৰিশ মুনিৰ ৰূপে জন্ম ল’বা আৰু তোমালোক হবা তেওঁৰ পুত্ৰ। ইয়াতো তোমালোকে নাৰী সঙ্গ নাপাবা কাৰণ তুমি চলনা কৰি পুৰুষক নাৰী সজাইছা। সেয়েহে এই জনমতো তোমালোকে নাৰী সঙ্গ নেপাবা। এই জন্ম তোমালোকৰ বেছি দিনৰ বাবে নহয়। মোক যেনেকৈ তোমালোক আটায়ে প্ৰতাৰণা কৰিছা তেনেকৈ তোমালোকক দেৱতাই প্ৰতাৰণা কৰিব ফলত তোমালোকৰ পিতৃ তোমালোকক অভিশপ্ত কৰিব। পিছত জনমত পক্ষীৰ ৰূপেৰে জন্ম গ্ৰহণ কৰাৰ বাবে। শুনা শৈবিক আজি যদি মই এই আহাৰ গ্ৰহণ কৰিলোহেঁতেন তেনহ’লে মই তিনি চন্দাল কুলত জন্ম ল’ব লগা হ'লহেঁতেন। কাৰণ তোমালোকৰ মাতৃৰ মৃত্যুৰ অশৌচ শেষ হোৱা নাই। মোক এই অৱস্থাত যদি ব্ৰতৰ শেষান্তৰ আহাৰ বিপাশৰ হাতেৰে গ্ৰহণ কৰা হ’লহেঁতেন তেনেহ’লে মোৰ ইমান যুগৰ সাধনা শেষ হৈ গ’লহেঁতেন। চান্দক আজি তুমি মোক কুলত্যাগ ধৰ্মত্যাগৰ পৰা ৰক্ষা কৰিলা সেয়েহে মই তোমাক বৰ দিলো তুমি তোমাৰ [ ৬০ ] দাদা সকলতকৈ সৰ্বজ্ঞান প্ৰাপ্ত হ’বা। তোমাৰ জ্ঞান হ’ব ভগৱান প্ৰদত্ত আৰু শুনা চান্দক পক্ষীৰ জন্মত তোমাৰ তিনি ভাতৃ ক্ৰমে শৈবিক, কৌশত আৰু বিপাশে জ্ঞান লাভৰ বাবে তপশ্ৰী মুনিৰ আশ্ৰমত হিমালয়ৰ সপ্তম শৃঙ্গত দিব্য জ্ঞান লাভৰ বাবে হেজাৰ বছৰ তপস্যা কৰিব লাগিব। কিন্তু তোমাৰ দিব্যজ্ঞান হ’ব মোৰ বৰত। শেষত তুমি তেওঁলোকৰ দিব্যজ্ঞান লাভৰ পিছত তপ্ত তৈলাশয়ত অগ্নিগৰ্ভা ব্ৰত পালন কৰি জ্ঞানৰ সৰ্বোশ্ব শৃংগত আৰোহন কৰিবা পাৰিবা। শুনা পণ্ডিত আজি চান্দকৰ বাবে মোৰ ধৰ্ম আৰু জাতি তোমাৰ কুটিল চক্ৰান্তৰ পিছতো ত্ৰিকালজ্ঞ অশ্বনিধি তোমাৰ একো ক্ষতি নকৰিলে। এয়া তোমাৰ বাবে সৌভাগ্য। চান্দক অগ্নিগৰ্ভা ব্ৰতৰ কিছু কথা মই তোমাক বুজাই কম তুমি শুনা। তুমি যি কঠিন ব্ৰত কৰিব খুজিছা তাৰ আগেয়ে তুমি কিছু জ্ঞান আহৰণ কৰিব লাগিব। অগ্নিগৰ্ভাব্ৰত পালনৰ পূৰ্বে তুমি নাৰী সঙ্গ ল’ব লাগিব নহ’লে তোমাৰ নৱম চিত্ৰৰ এক চিদ্ৰ ৰুদ্ধ নহ’ব।

 মই তোমাক উপদেশ দিও শুনা- তুমি অৱশ্যে নাৰী সঙ্গ লব লাগিব, কেনেকৈ নাৰী সঙ্গ পোৱা সেইয়াও মই বুজাই কম। বেঙ্কত নামৰ মুনি এজনে এদিন নিজ কমণ্ডলুৰ মন্ত্ৰপুত জল লৈ নিজৰ শিৰত দিয়াৰ পিছত তেওঁৰ দেহত অষ্টভুজ হব আৰু সিদিনাৰ পৰা তেওঁৰ নামৰ হ’ব অষ্টবক্ৰ মুনি। এই অষ্টবক্ৰ মুনিৰ দেহেৰে বৈ অহা পানীৰ এটা সৰু জলাশয়ৰ সৃষ্টি হ’ব সেই জলাশয়ত তুমি হৰিত্বা হৰিত্বা বুলি তিনিবাৰ উচ্চাৰণ কৰি স্নান কৰিবা। তাৰ পিছত তুমি দেখিবা তুমি পক্ষী নহয় তুমি এজন দিব্যৰূপী পুৰুষ। জলাশয়ৰ ওচৰত তুমি দেখিবা তোমাৰ বাওঁফালে এজনী গন্ধৰ্ব কন্যা নাম [ ৬১ ] তাইৰ হৰিত্বা। হৰিত্বা সম্পৰ্কে মই তোমাক কিছু জ্ঞান দিয়াৰ প্ৰয়োজন আছে। হৰিত্বা শাপভ্ৰষ্টা গন্ধৰ্ব কন্যা। হৰিত্বাই এদিন সৰোবৰত স্নান কৰি থকা অৱস্থাত এজন বুঢ়া যক্ষয় হৰিত্বাক দেখি হৰিত্বাৰ ৰূপত মুগ্ধ হৈ হৰিত্বাৰ ওচৰত প্ৰেম নিবেদন কৰিছিল। কুশ্ৰী বৃদ্ধ গন্ধৰ্বৰ এই আচৰণত হৰিত্বা ক্ৰুদ্ধ হৈ নিলাজ বৃদ্ধ পক্ষী বুলি কৈ তাক পদাঘাট কৰিছিল। হৰিত্বাৰ ব্যৱহাৰত যক্ষয় বৰ দুখ পাই হৰিত্বাক কৈছিল— হে ৰূপগৰ্বী নাৰী, নাৰীৰ প্ৰতি পুৰুষৰ দুৰ্বলতা, চিৰন্তন সত্য। ইয়াৰ বাবে তই মোক যি ব্যৱহাৰ কৰিলি তাৰ উচিত ফল তই ভোগ কৰিব লাগিব। তই মোক উপহাস কৰিছ, মই বৃদ্ধপক্ষী। তেনেহলে মই তোক অভিশাপ দিলো যি পুৰুষে তোৰ সঙ্গ ল’ব। সঙ্গৰ চাৰিদন্দ সময়ৰ পিছত সি পক্ষীৰ জন্ম ল'ব লাগিব। অকল সেয়েই নহয় তোৰ সঙ্গমৰ সাক্ষী হ’ব জ্বৰ উদ্ভিদ। ব্ৰহ্মযজ্ঞৰ অভিশাপৰ ভয়ত হৰিত্বাক কোনো পুৰুষে সঙ্গ নিদিয়ে। সেয়েহে আজিয়ো হৰিত্বা সঙ্গহীন হৈ বিচৰণ কৰিছে। চাবা সময় বৰ কম মাত্ৰ। চাৰিদন্দ যিহেতুকে তুমি পক্ষী, তুমি পক্ষী হ’বলৈ ভয় কৰিব নালাগে। হৰিত্বাক তুমি সঙ্গসুখ দিলে তোমাৰ ব্ৰতৰ যজ্ঞতা অৰ্জন কৰা হ’ব। দ্বিতীয়তে তোমাৰ সঙ্গমৰ বীৰ্য ভূমিত পৰা মাতে এডাল উদ্ভিদৰ জন্ম হ’ব। হৰিত্বাৰ নাম অনুসৰি এই উদ্ভিদৰ নাম হ’ব হৰিত্বকী চাল, পাট, ফল সকলোবোৰ হ’ব, ঔষধি গুণ সম্পন্ন। আনহাতে ধৰ্মপক্ষীৰ বীৰ্যৰ সৃষ্টি হোৱা বৃক্ষ হৰিত্বকীৰ ফল দেৱ কৰ্মৰ মূল সংকল্পৰ দ্ৰব্য হিচাপে জগতত পৰিগণিত হ’ব। চান্দক তুমি পাহৰি নাযাবা তোমাৰ চাৰি ভাতৃ মোৰ দ্বাৰা অভিশপ্ত হৈছা তোমালোকে তিনিজন মত নাৰী সঙ্গ ল’ব নোৱাৰিবা। যদি তাৰ ব্যতিক্ৰম কৰা [ ৬২ ] তাৰ ফল হ’ব অতি ভয়ঙ্কৰ। চান্দকে ক'লে- হে গুৰুদেৱ তেনেহ’লে মোৰ অগ্নিগৰ্ভা ব্ৰত সফল নহ’ব নেকি? যদি নাৰী সঙ্গ নললে নৱম চিদ্ৰ ৰুদ্ধ নহয়, মোৰ মনৰ হবিলাস জানো পূৰ্ণ নহ’ব। এফালে অশ্বনিধি মুনিৰ অভিশাপ, আনফালে অগ্নিগৰ্ভা ব্ৰত মই কি কৰো। নিৰ্বাক চান্দৰ মনৰ কথা জানিব পাৰি অশ্বনিধি ক’লে- হে চান্দক মই তোমাৰ মনৰ কথা বুজিছো। নাৰী সঙ্গত হোৱা পাপৰ পৰা মুক্ত হ’বলৈ তোমাক মই এটা পথ দেখুৱাই দিম, তুমি সেইমতে আগবাঢ়ি যোৱা। তুমি গন্দকী নদীৰ পাৰলৈ যোৱা, তাত এজনী চণ্ডাল কন্যা মোৰ দ্বাৰা অভিশপ্ত হৈ আছে, নাম তাইৰ সুজাতা, তাই কানেৰে নুশুনে, চকুৰে নেদেখে আৰু ভৰি তাইৰ এখন। এই সুজাতাই তোমাৰ নাৰী সঙ্গত হোৱা পাপৰ পৰা উদ্ধাৰ কৰিব পাৰিব। পণ্ডিত বৌধিমিত্ৰই ক’লে- হে গুৰুদেৱ অনুগ্ৰহ কৰি ক’বনে কোন এই চণ্ডাল কন্যা, কিয়বা আপোনাৰ দ্বাৰা তাই অভিশপ্ত হ’ল। শুনা পণ্ডিত শুনা, চান্দক এক পৈশাচিক অতীত। এদিন মই এই গণ্ডকী নদীৰ পাৰেৰে প্ৰাতঃ যাত্ৰা কৰিছিলো এখন যজ্ঞলৈ যোৱাৰ বাবে। হঠাৎ মই গন্দকীৰ জলত দেখিছিলো অল্পবসন পৰিহিতা গাভৰু। তাইৰ দেহৰ অসাধৰণ ৰূপ দেখি মই মুগ্ধ হৈ পৰিছিলো। মোৰ মনৰ পৰা ধৰ্মযজ্ঞ সকলোবোৰ আঁতৰি গ’ল। এই ৰূপৱতীৰ সান্নিধ্যই মোক বলিয়া কৰিলে। এইয়াই আছিল চণ্ডাল কন্যা সুজাতা। সেইদিন ধৰি ত্ৰিমাসিক মই সুজাতাৰ লগত স্বামী-স্ত্ৰীৰ দৰে জীৱন-যাপন কৰিছিলোঁ। সুজাতাই কামনা কৰিছিল এটি সন্তানৰ মা হ’বলৈ, নাই মই সুজাতাৰ এই বাসনা পূৰ্ণ কৰিব নোৱাৰিলো, কাৰণ সুজাতা তেতিয়াও অকুমাৰী হৈয়েই আছিল। মই মাজে মাজে অনুভৱ কৰিছিলো গভীৰ নিশা সুজাতা যেন ক'ৰবালৈ [ ৬৩ ] যায়। এইদন মই ইয়াৰ প্ৰমাণ চাবলৈ অতি গোপনে সুজাতাৰ পিছে পিছে গৈ আছিলো। কিন্তু আচৰিত এই গভীৰ নিশা সুজাতাই গন্দকীৰ গভীৰ জলত স্নান কৰি উত্তৰ ফালে মুখ কৰি উদ্ধভুজ হৈ এখন ভৰীৰ ওপৰত শৰীৰৰ ভৰ দি যেন কাৰবাক তপস্যা কৰি আছে। মই দেখি আচৰিত হৈ মই কুতিৰলৈ উলতি আহিলো। কিছু সময়ৰ পিছত সুজাতা উলতি আহিল। মই সুজাতাক সুধিলো- সুজাতা তুমি মোক তোমাৰ প্ৰকৃত পৰিচয় দিয়া। সুজাতাই ক’লে- ঋষিবৰ মোৰ পৰিচয় পালে আপুনি মোক ত্যাগ কৰিব, তাক মই ভালদৰে জানো? হয়তো তাৰ বাবে আপুনি মোক অভিশপ্ত কৰিব, এইয়াও নিঃসন্দেহে সত্য তথাপি মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। হে গুৰুদেৱ মই এজনী চণ্ডাল কন্যা। এইয়াই মোৰ পৰিচয়। সংসাৰত মোৰ আন একো পৰিচয় নাই। মই শিয়ৰি উঠিলো, কি চন্দাল কন্যা, মই তেনেহ’লে চণ্ডাল কন্যাৰ হাতেৰে ত্ৰিমাসিক কাল অন্ন গ্ৰহণ কৰিছো। মোৰ ইমান দিনৰ তপ-জপ, ধ্যান-ধাৰণা সকলো অথলে গ’ল। মোহিনীৰ মায়াৰ বাবে জীৱন মোৰ অসাৰ্থক হ’ল। ইমান দিনে তোমাৰ পৰিচয় গোপন কৰি মোৰ যি সৰ্বনাশ কৰিলা তাৰ সমুচিত ফল আজি তুমি ভোগ কৰিব লাগিব। মোৰ জন্ম জন্মাগুৰুৰ কামনা-বাসনা সকলো তোমাৰ সান্নিধ্যত ধ্বংস হৈ গ’ল। শুনা দ্বিস্বাৰিনী নাৰী ইমানদিনে যিখন মুখেৰে তোমাৰ পৰিচয় ব্যক্ত কৰা নাছিলা সেই মুখ আজিৰ পৰা চিৰদিনৰ বাবে বাকৰুদ্ধ হৈ ৰ’ব। চকুৰ দৃষ্টি আজি মই চিৰদিনৰ বাবে কাঢ়ি লৈ যাম। আন কোনো পুৰুষৰ ওচৰলৈ গৈ যাতে কামনা চৰিতাৰ্থ কৰিব নোৱাৰা তাৰ বাবে তোমাৰ সো ভৰিখন পঙ্গু হওঁক। আজিৰ পৰা মই তোমাক ত্যাগ কৰিলোঁ। [ ৬৪ ]

 সুজাতাই কলে ঋষিবৰ আপোনাৰ চলনাৰ বলী হৈ চণ্ডাল কা কন্যাই যি ভুল কৰিলে এইয়া মোৰ প্ৰাপ্য। যোৱাৰ আগতে মোৰ কথাখিনি এবাৰ ভালদৰে শুনি যাওঁক। মই আপোনাক কোনোদিনে প্ৰেম নিবেদন কৰা নাছিলোঁ, কেৱল আপুনি মোৰ দেহৰ মঙহৰ সোৱাদ লবলৈ মোৰ অকুমাৰী নাৰীৰ সতিত্ব আপুনি লুণ্ঠন কৰিছে। ইহকাল- পৰকাল এই পাপৰ পৰা আপুনি মুক্তি নেপাব, আৰু শুনক যাক আপুনি চণ্ডাল কন্যা বুলি তুষ্যজ্ঞান কৰিছে সেই কন্যা সুজাতা সিদ্ধ যোগিনী। আজি মই আপোনাক অভিশপ্ত কৰিম যি গৌৰৱত আপুনি মোক অভিশাপ দিছে সেই গৌৰৱ আপোনাৰ ভুলুণ্ঠিত হ’ব।

 দেৱতা বা ঋষি সমাজে কোনোদিনে আপোনাক সন্মান নকৰিব। যাগ-যজ্ঞত আপোনাৰ বাবে আসন নাথাকিব। আপুনি এদিন নিজক মৃতবৎ অনুভৱ কৰিব। অশ্বনিধি শোকত ভাঙি পৰিল পৈনত বয়সত সংসাৰ নকৰিলো। ঈশ্বৰ চিন্তাই জীৱনৰ সাৰবস্তু বুলি যোগ ধ্যানত মনোনিৱেশ কৰি, কিন্তু আজি সকলো ওলট-পালট হৈ গ’ল। দুহাতযুৰি অশ্বনিধি সুজাতাক ক’লে হে সুজাতা তিনিমাহ দিনে ৰাতি তোমাৰ সঙ্গত থাকিও মই তোমাক চিনি নেপালো মই জীৱনত ডাঙৰ ভুল কৰিলো, মোক তুমি ক্ষমা কৰি দিয়া। মোৰ জীৱনৰ ব্ৰত আছিল মই ত্ৰিকালজ্ঞ হম জীৱনে মৰণে এইয়া আছিল মোৰ পন। এতিয়া কোৱা যোগিনী মোৰ এই কল্পনা পূৰ্ণ কৰাৰ বাবে কি পথ গ্ৰহণ কৰিম। শুনা ঋষি অশ্বনিধি তুমি হিমালয়লৈ যোৱা, হিমালয়ৰ এক অন্ধকুপত এহেজাৰ বছৰ তুমি এই পাপ খণ্ডনৰ বাবে তপস্যা কৰিব লাগিব। এহেজাৰ বছৰ পিছত নৱৰাত্ৰী দেৱী কাত্যায়নীৰ পূজা কৰিব লাগিব। তেতিয়া তোমাৰ এই পাপ খণ্ডন হ’ব। দেৱী [ ৬৫ ] কাত্যায়নীৰ যজ্ঞত তোমাৰ ত্ৰিকালজ্ঞ জ্ঞান প্ৰাপ্ত হব। যদি আৰু কোনোদিনে তুমি নাৰীৰ দেহ পুনঃস্পৰ্শ কৰা তোমাৰ এই জ্ঞান আকৌ লুপ্ত হৈ যাব। সাৱধান সাৱধান বুলি সুজাতা যোগবলত অন্তৰধ্যান হ’ল। অশ্বনিধি নিজৰ ভুল উপলব্ধি কৰি চকুলো টুকি টুকি তাৰ পৰা আঁতৰি গ’ল। সুজাতাৰ উপদেশ মতে মই এই হেজাৰ বছৰ হিমালয় অন্ধকুপত তপস্যা কৰি কাত্যায়নী পূজা শেষ কৰি আহিছো। মা কাত্যায়নীৰ বৰত মই ত্ৰিকালজ্ঞ জ্ঞান পালো, মোৰ জীৱন ধন্য হ’ল। এতিয়া তুমি শুনা চান্দক তোমাৰ নাৰী স্পৰ্শ পাপৰ পৰিত্ৰান কেনেকৈ হ’ব মই তোমাক বুজাই কম। ত্ৰিকালজ্ঞ জ্ঞানৰ অধিকাৰী হৈ মই বুজি পালো সেই চণ্ডাল কন্যা প্ৰকৃততে চণ্ডাল কন্যা নাছিল। তাই আছিল ব্ৰাহ্মণ কন্যা। আৰু সেই সুজাতা আন কোনো নহয়, তাই তোমাৰ ভনী। গুৰুদেৱ এইয়া আপুনি কি কাহিনীৰ অৱতাৰণা কৰিছে। কাহিনী সম্পূৰ্ণ সচা বাচা, তোমালোকৰ পিতা এই গণ্ডকী নদীৰ পাৰত বাস কৰি আছিল। তোমাৰ পিতৃ তোমালোকৰ জন্মৰ আগতে এগৰাকী ব্ৰাহ্মণ কন্যা বিবাহ কৰাইছিল। পিতা আছিল ৰজাৰ পুৰোহিত। সেই অৱস্থাত তোমাৰ মাতৃ এজনী কন্যা সন্তান জন্ম দিছিল। জন্ম যন্ত্ৰণাৰ সময়ত অতিমাত্ৰা ৰক্ত ক্ষৰণ হোৱা বাবে তোমাৰ মাতৃৰ মৃত্যু হৈছিল। সেই অৱস্থাত তেওঁক চাবলৈ আন কোনো নাছিল।

 ভগৱান নিষ্ঠুৰ নহয়, মৃত মাতৃৰ ওপৰত পৰি আছিল সদ্যজাত দেৱ কন্যাজনী। সেই পথেৰে গৈ আছিল ভূপশ নামৰ এজন চণ্ডাল। অকাস্মাত শিশুৰ মাত শুনি ঘৰৰ ভিতৰলৈ সোমাই গ’ল ভূপশ। তোমাৰ মাৰ মৃতদেহৰ সৎকাৰ আন চণ্ডালৰ সহায়ত ভূপশে কৰিলে [ ৬৬ ] আৰু কন্যাজনী ঘৰলৈ লৈ গ'ল। চণ্ডাল ভূপশৰ ঘৰত তাই লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। এইজনীএ চণ্ডাল কন্যা সুজাতা। এদিন সুজাতাক নিঠৰুৱা কৰি ভূপশৰ মৃত্যু হ’ল। অসাহয়া সুজাতা নিজক নিজে পৰিচালনা কৰিছিল। এইদন তোমাৰ পিতৃ ঘৰলৈ ঘূৰি আহি ঘৰৰ ঠাইত এখন শ্মশান দেখি বিফল মনোৰথ হৈ আন ক’ৰবালৈ গুচি গ'ল। তাৰ পিছত তোমাৰ পিতাই দ্বিতীয় বিবাহ কৰাইছিল। যিজনীৰ মাৰ পৰা তোমালোক চাৰি ভাই শৈবিক, কৌশত, বিপাশ আৰু তুমি চান্দক। পিতৃ সূত্ৰে সুজাতা তোমালোকৰ ডাঙৰ ভনী। গতিকে চান্দক তুমি জ্যেষ্ঠ ভগ্নীৰ দায়িত্ব গ্ৰহণ কৰা। আজি যোৰশ বছৰ কাল সুজাতাই অনাহাৰ-অনিদ্ৰাই দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণী ৰূপত ধ্যান কৰি আছে। আজিয়ো মাজনিশা গণ্ডকীৰ গভীৰ জলত স্নান কৰিবলৈ যাব, দিব্য চকুৰ সহায়ত। চাণ্ডক সুজাতাৰ ষোষা বছৰ কাল পূৰ্ণ হ’বলৈ তিনিমাহ বাকী আছে। এই তিনিমাহৰ ভিতৰত তাই পুত্ৰৰ হাতেৰে অন্ন গ্ৰহণ নকৰিলে তাইৰ ব্ৰত বিফল হৈ যাব। কিন্তু চান্দক সুজাতা পুত্ৰহিনা, তাই আমাৰ যুগ্মজীৱনত সাক্ষীৰূপে এটি পুত্ৰ কামনা কৰিছিল। কিন্তু সেইয়া সম্ভৱ হোৱা নাছিল কাৰণ সেই অৱস্থাত সুজাতা আছিল অকুমাৰী। মোৰ ভয় হৈছে চান্দক কিজানি সুজাতাৰ ইমান দিনৰ কষ্ট এনেয়ে যাব।

 চাৰ ভাই একেলগে ক’লে হে গুৰুদেৱ তেনেহ'লে কেনেদৰে আমি জ্যেষ্ঠ ভগ্নীৰ মনৰ কামনা পূৰ্ণ কৰিব পাৰিম। আমাক সেই উপদেশ দিয়ক। অশ্বনিধী কলে তোমালোক তিনিজনে এই কাম কৰিব নোৱাৰিবা কাৰণ এই কৰ্ম বৰ কষ্টকৰ। আনহাতে তোমালোক তিনিয়োজনে নাৰী স্পৰ্শ কৰিলে তোমালোকৰ বিপদ হ’ব। সেয়েহে [ ৬৭ ] এই কৰ্ম কেৱল চান্দকে কৰিব লাগিব। চান্দকে ক’লে গুৰুদেৱ আপুনি কলে সন্তানৰ হাতেৰে বাইদেৱে আহাৰ গ্ৰহণ কৰিব কিন্তু মই তাইৰ ভাতৃ তেনেস্থলত।

 শুন বাচা, সুজাতাৰ এই ব্ৰত সিদ্ধি কৰাৰ বাবে তুমি সুজাতাক মা সম্বোধন কৰিব লাগিব। তাই তোমাৰ মা নহলেও জাতিত তাই মাতৃ। নাৰী সকলোৰে মাতৃ, তেনেস্থলত সুজাতাক তুমি মা বুলি মাতিলে কোনো ধৰণৰ পাপ বা ভুল হ’ব নোৱাৰে। বৰং মাতৃ জাতিক সন্মান জনোৱা হ’ব॥ শুনা বাচা আজিৰ পৰা তিনিমাহ পিছত উত্থান একাদশী তিথি মিলিব। সেই একাদশী তিথিত সুজাতাৰ ব্ৰত সিদ্ধিৰ নিৰ্দিষ্ট সময়। গতিকে অহাকালিৰে পৰা তুমি সুজাতাৰ ওচৰলৈ আহাৰ গ্ৰহণৰ বাবে যাব লাগিব। মনত ৰাখিবা বৰ্ত্তমান সুজাতাৰ জিহ্বা মোৰ শাপত অলৰ অচৰ হৈ আছে গতিকে প্ৰথমে সপ্তদিন বটগছৰ শিপাৰে সুজাতাৰ মুখত জলাহাৰ কৰাব লাগিব। সাত দিনৰ পিছত তেওঁৰ জিভাৰ জ্বৰতা দুৰ হ’ব। এসপ্তাহ কৰাব লাগিব ফলাহাৰ, তাৰ পিছত তেওঁ হবিচান্ন গ্ৰহণ কৰিবো পাৰিব। কিন্তু চাবা মা বুলি আহাৰ নিদিলে তোমাৰ চেষ্টা অথলে যাব। একাদশী তিথিৰ দিনাখন অন্ন গ্ৰহণ কৰিবলৈ নিদিবা। মধ্যৰাত্ৰী ব্ৰহ্মচাৰিণী পাদোদকৰে সুজাতাই ব্ৰত সমাপ্ত কৰিব। প্ৰাতঃকালত সুজাতাক তুমি পূৰ্ণাংঙ্গ শৰীৰত দেখা পাবা মধ্যাহ্ন কালৰ আহাৰৰ পিছত তুমি সুজাতাক ভাতৃ হিচাবে তোমাৰ পৰিচয় দিব পাৰিবা, নই কাৰণ সিদিনা সুজাতাই নতুন জন্ম অনুভৱ কৰিব। অতীতবোৰ সুজাতাৰ জ্ঞান চকুৰ পৰা আঁতৰি যাব। কিন্তু সাৱধান চাৰি ভাতৃলৈ আকৌ এবাৰ সাৱধানবানী নাৰী স্পৰ্শ নকৰিবা।

 গুৰুদেৱ আপুনি অভিশাপৰ লগে লগে এক জ্ঞানৰ ভাণ্ডাৰৰ [ ৬৮ ] সম্ভেদ আমাক দিলে। আপোনাৰ পদ যেন আমি চিৰদিনে সেবিবলৈ পাও। এই আশীৰ্বাদো আমাক দিয়ক গুৰুদেৱ। চান্দকে কলে হে গুৰুদেৱ বাৰে বাৰে এটা কথা মোৰ মনলৈ আহিছে, যি ত্ৰিকালজ্ঞ মহা জ্ঞান যি দেৱীৰ অনুগ্ৰহত আপুনি লাভ কৰিলে এই দেৱী কাত্যায়নী কোন, এই দেৱী সম্পৰ্কে আমাক অলপ বুজাই কওক গুৰুদেৱ।

 অশ্বনিধি কলে- চান্দক দেৱী কাত্যায়নী জগত মাতৃ, যাৰ গুণ চতুৰমুখ ব্ৰহ্মাদেৱে অন্ত কৰিব নোৱাৰে, জগত ব্যাপি যাৰ কৰুণাৰ সাগৰ যি দেৱী শক্তিময় বিশ্বকৰ অনুগ্ৰহ সেই দেৱী কাত্যয়নী মই যিখিনি মোৰ সাধাৰণ জ্ঞানৰ দ্বাৰা দেৱীক উপলব্ধি কৰিছো সেই দেৱী কাত্যায়নীৰ বিষয়ে কিছু কথা মই তোমাক অৱগত কৰিম।

 মা দুৰ্গাৰ নৱ ৰূপ, শৈলপুত্ৰী ব্ৰহ্মচাৰিনী চন্দ্ৰঘণ্টা, কুস্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী কালৰাত্ৰী মহাগৌৰী সিদ্ধিদাত্ৰী দেৱী মাৰ এই নৱ ৰূপত ষষ্ঠৰূপ দেৱী কাত্যায়নী। পূৰ্বকালত মহৰ্ষিকত নামে এজন ঋষি আছিল। এই কতৰ পুত্ৰ মহৰ্ষি কাত্য, মহৰ্ষি কাত্যৰ নামে এই গোত্ৰটোৰ নাম কাত্য গোত্ৰ৷ এই কাত্যৰ পুত্ৰ মহৰ্ষি কাত্যায়ন তেওঁ বহু বছৰ ভগৱতীৰ অনুগ্ৰহৰ বাবে কঠোৰ তপস্যা কৰিছিল। তেওঁ দেৱীক আৰাধনা কৰিছিল, যে তেওঁৰ কন্যাহিনা ঘৰখনত দেৱী কন্যাৰূপে জন্ম ল’ব লাগে। কাত্যায়নৰ অকৃত্ৰিম অছলা ভক্তিত দেৱী মা সন্তুষ্ট হৈ মহৰ্ষি কাত্যায়নৰ ঘৰত তেওঁৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰি মুনিৰ মনোবাঞ্চা পূৰ্ণ কৰে। কিছু কালৰ পিছত যেতিয়া দৈত্যদানৱ সকলে স্বৰ্গৰাজ্য অধিকাৰ কৰি দেৱতা সকলক অত্যাচাৰ কৰিবলৈ ধৰিলে সিহঁতৰ অত্যাচাৰত দেৱতাসকল অতিষ্ঠ হৈ উঠিল। দেৱতা [ ৬৯ ] সকলৰ দুখ-দুৰ্গতিৰ কথা শুনি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ক্ৰোধত তেওঁলোকৰ দেহৰ তেজ আৰু আন আন বহু দেৱতাৰ তেজ মিলি দেৱী দুৰ্গাৰ জন্ম হ’ল। এই দেৱীক প্ৰথমতে মহৰ্ষি কাত্যায়নে পূজা প্ৰাৰ্থনা কৰিছিল। সেইবাবে দেৱীৰ নৱৰূপৰ ষষ্ঠ ৰূপক মহৰ্ষি কাত্যায়নৰ নামে দেৱী কাত্যায়নী বোলে। আহিন মাহৰ কৃষ্ণা চতুৰ্দশীত দেৱী জন্ম গ্ৰহণ কৰে। শুক্লাসপ্তমী, অষ্টমী আৰু নৱমী ত্ব এই তিনিদিন দেৱী কাত্যায়নী মহৰ্ষি কাত্যায়নৰ পূজা গ্ৰহণ কৰে আৰু দশমীত দেৱী মহিষা অসুৰক বধ কৰে। দেৱী কাত্যায়নীৰ গাৰ বৰণ সোণৰ দৰে উজ্বল, হাত চাৰিখন, সোঁফালৰ ওপৰৰ হাতখনে অভয় মুদ্ৰা, তলৰ হাতখনেৰে বৰমুদ্ৰা, বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল, তলৰ হাতত পদ্ম, পুষ্প শোভা কৰি আছে। দেৱীৰ বাহন সিংহ। এই দেৱী মহামায়া জগতৰ ধৰ্ম, কাম, অৰ্থ, মোক্ষ্যৰ ফল দাতা। এই দেৱীৰ দয়াত মোৰ মনোবাসনা পূৰ্ণ হ’ল। মই এই মহাদেৱীৰ বৰত ত্ৰিকালজ্ঞ জ্ঞানৰ দৰে মহা জ্ঞান লাভ কৰিব পাৰিছোঁ। জৈমিনী তোমাৰ মনৰ কৌতুহল দূৰ কৰাৰ বাবে আমাৰ পূৰ্বজন্মৰ মানব হিচাবে জন্ম গ্ৰহণ কৰা দুটা জনমৰ কথা মই তোমাক বুজাই কলো। তুমি নিশ্চয় আচৰিত হৈছা।

 হয় গুৰুদেৱ, আপোনাৰ পূৰ্বজন্মৰ বিৱৰণে মোৰ মনত, সৎ সাহস আৰু ধৈৰ্য্যৰ প্ৰেৰণা লাভ কৰিছো। কিন্তু এটা কথা নুবুজিলো গুৰুদেৱ আপোনালোকৰ জ্যেষ্ঠ ভগ্নী সুজাতা ক’ত থাকিল, কলৈ গ'ল। সেই কথাষাৰ বিশেষভাৱে উল্লেখ কৰা নহ'ল। অনুগ্ৰহ কৰি দেৱীৰ বিষয়ে কিছু জ্ঞান দান কৰিবনে গুৰুদেৱ। ধৰ্মপক্ষী সমুখে ক’লে হে ঋষিবৰ তোমাৰ মনৰ এই সন্দেহো মই দুৰ কৰিম। যেতিয়া [ ৭০ ] সুজাতাই এটা নতুন জীৱন প্ৰাপ্ত হ’ল তেওঁৰ অতীত তেওঁ পাহৰি পেলালে। তেওঁ যে অশ্বনিধি ঋষিৰ দ্বাৰা অভিশপ্ত হৈ আছিল। সেইয়াও পাহৰি গ'ল। সুজাতাই অকলে অকলে অনাই বনাই ঘুৰি ফুৰিবলৈ ধৰিলে। এদিন সন্ধিয়া সময়ত তাই এটি দেৱীৰ মন্দিৰ দেখিবলৈ পালে। নিৰ্জন অৰণ্যৰ মাজত দেৱী মন্দিৰ, আনফালে হিংস্ৰ জন্তুৰ ভয়। মন্দিৰৰ চৌপাশে দেখিলে কতো কোনো নাই। ন্ধাৰ নামিল। কিন্তু এইয়া কি? জনপ্ৰাণী শুন্য মন্দিৰত অকাস্মতে ধূপ-ধূনা, চাকি জ্বলি উঠিল। শঙ্খ- ঘণ্টা উৰুলি আৰু কাৰবাৰ আৰতি কৰা পদ শব্দ সুজাতাই শুনিবলৈ পালে। কিন্তু কাকো কতো তাই নেদেখিলে। তাই আচৰিত হ’ল, তাই চকুৰে দেখা নাই নে এইয়া কোনো অদৃশ্য শক্তি। তাই মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে মন্দিৰত আঠুকাঢ়িঢ সেৱা জনালে। তাই যেতিয়া উঠিলে দেখা পালে পূৱ আকাশত সূৰ্য্যৰ কিৰণ। তাই নিশাৰ কথা ভাবি কিছু সময় বহি ৰ'ল। সুজাতাই অলপ আতৰত দেখিলে এটি কুৱা, তাই মুখখন ধুবলৈ বুলি তালৈ গ’ল কিন্তু কুৱাটোৰ ওচৰ পোৱাৰ লগে লগে কোনোবাই যেন কলে কুৱাত হাত নিদিবা। এইয়া মুখ ধুবলৈ পানী লোৱা এটা সোণৰ ঘটি সুজাতাৰ সন্মুখত শূন্যত ভাহি আছে। এইয়া তাই কি দেখিলে নে এইয়া কোনো যাদুকৰৰ দেশ। তাই ভয় ভয়কৈ ঘটিটো লৈ মুখখন ধুই ললে। তেনে অৱস্থাত আৰু কোনো নাৰীৰ কণ্ঠস্বৰ আহিল। পুৱাৰ আহাৰ গ্ৰহণ কৰিব আহা। সেই কথাৰ ওপৰত কোনোবাই যেন কলে নহয় নহয় তাই যোগিনী, স্নান অবিহনে তাইৰ ভোজন নিষিদ্ধ। আকৌ একে কন্ঠস্বৰ তোমাৰ বাবে স্নানাগাৰত দিব্য বস্ত্ৰ সাজু হৈ আছে, তুমি স্নান কৰি দিব্য বস্ত্ৰ পৰিধান কৰা। [ ৭১ ]  সুজাতা মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে অদৃশ্য শক্তিৰ আদেশ পালন কৰি গ’ল। দিন যায় ৰাতি আহে, ৰাতি যায় দিন আহে। সুজাতাৰ ভোজন, শয়ন যেন ৰাজকীয় সুখ মন্দিৰৰ পূজা-সেৱা সদায় একে ধৰণে চলি আছে। এদিন এগৰাকী নাৰী কিছুমান ৰক্তজবা লৈ মন্দিৰলৈ আহিল। সেই সময়ত সুজাতাই স্নান কৰি ঢৌতবাস পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিছে। আনদিনাৰ দৰে আঠু লৈ প্ৰণাম কৰাৰ সময়ত সেই নাৰী গৰাকীয়ে সুজাতাক ক’লে লোৱা ইয়াৰে ফুল লোৱা, দিয়ক মা, সুজাতাই দুহাত আগবঢ়াই দিলে। লোৱা আই লোৱা, সুজাতাই বেদীলৈ পুষ্পাঞ্জলী আগবঢ়াই দিলে। তেনে সময়ত সেই নাৰী ক’লে কোৱা আই, মোক সদায় মা বুলিবলৈ তুমি মোৰ কন্যা হৈ জন্ম গ্ৰহণ কৰিবানে?

 হয় মই মাতৃহিনা মাতৃৰ মৰম, মই কোনোদিনে পোৱা নাই। মই আপোনাৰ উদৰত কন্যা হিচাবে জন্ম গ্ৰহণ কৰিম। মোক আপুনি আপোনাৰ উদৰত ঠাই দিব। পিছদিনাখন আনন্দত মতলীয়া হৈ সুজাতাই ভুল কৰি মন্দিৰৰ ওচৰৰ কুৱাটোত হাত দিলে। লগে লগে সুজাতা ঢলি পৰিল। সুজাতাৰ নশ্বৰ দেহ তাতে পৰি ৰ’ল। আত্মা উৰি গুছি গ'ল। সেই মন্দিৰলৈ অহা নাৰীজনীৰ গৰ্ভত স্থিতি হ’বলৈ। সেইয়া আন কোনো নহয় সেই নাৰী উৰ্বৰ মুনিৰ পত্নী চায়া। প্ৰতিশ্ৰুতি অনুসৰি সুজাতাৰ আত্মা মুনি পত্নীৰ গৰ্ভত স্থিতি হ’ল। দহমাহ দহদিন গৰ্ভবাসৰ পিছত এক অমাৱশ্যা কালৰাত্ৰিত চায়াই এক কন্যা সন্তান প্ৰসৱ কৰিলে। উৰ্বৰ মুনি আনন্দত আত্মহাৰা হ'ল। গণিপতি কন্যাজনীৰ নাম ৰখা হ’ল কৌণ্ডলী। কৌণ্ডলীৰ মনোবাঞ্চা পূৰ্ণ নহওতেই তাইৰ তিনিমাহ বয়সত চায়াৰ মৃত্যু হ’ল। উপায়ন্তৰ উৰ্বৰ [ ৭২ ] মুনি ফলৰ ৰস পান কৰাই কন্যাক প্ৰতিপালন কৰি থাকিল। ক্ৰমান্বয়ে কৌণ্ডলী গাভৰু হ’ল। মুনিৰ সমস্যা বাঢ়ি গ'ল। আশ্ৰয়হিন ভাবে কন্যাক আশ্ৰমতে এৰি যাব নোৱাৰে আৰু লগত লৈ ফুৰিবলৈও সমস্যাৰ সৃষ্টি হ’ল। এনেদৰে দিনবোৰ গৈ আছে, এদিনাখন মুনিশ্ৰেষ্ঠ দুৰ্বাসাই কৌন্দলীক দেখা পালে। সদ্য যৌৱনা কৌণ্ডলীক দেখা পাই উৰ্বৰ মুনিক সুধিলে এইয়া আপোনাৰ আশ্ৰমত কাৰ কন্যা। প্ৰণাম জনাই উৰ্বৰ মুনি দুৰ্বাসাক ক’লে হে মুনিবৰ এইজনী মোৰেই মাতৃহীনা কন্যা।

 দুৰ্বাসাই কলে হে মুনিবৰ আপুনি এই কন্যা মোক দান কৰক। মই আপোনাৰ কন্যাক বিবাহ কৰাম। দুৰ্বাসাৰ কথা শুনি উৰ্বাৰ মুনি হাত যোৰ কৰি ক’লে হে ঋষিশ্ৰেষ্ঠ এইয়া আপুনি অসম্ভক কথা কৈছে। কন্যা মোৰ সদ্য যৌৱনা মাত্ৰ বাৰ বছৰ বয়স তাইৰ। তেনেস্থলত আপুনি তাইৰ পিতৃস্বৰূপ৷ আৰু শুনক গুৰুদেৱ। মোৰ এই কন্যা বৰ দণ্ডুৰী, সাধাৰণ কথাতেই তাই বৰ ক্ৰোধ কৰে আৰু দুৰ ব্যৱহাৰ কৰে। গতিকে তাইক বিবাহ কৰালে আপোনাৰ শান্তি ভঙ্গ হ’ব। মই অনুৰোধ কৰিছো এই আশা আপুনি পৰিত্যাগ কৰক।

 দুৰ্বাসাই কলে নহয় মুনিবৰ মোৰ অনুৰোধ প্ৰত্যাখ্যা নকৰিব। জীৱনৰ তিনিকাল অতিক্ৰম কৰি কিয় নেজানো আপোনাৰ কন্যাক দেখি মোৰ সংসাৰ কৰিবলৈ মন গ’ল। আপুনি মোক কন্যা দানে কৃতাৰ্থ কৰক। উৰ্বৰ মুনি ক’লে হে মুনিবৰ ঋষি সমাজত আপোনাক ক্ৰোধৰ সাগৰ বুলি সকলোৱে জানে। অলপ কথাতে আপুনি অভিশপ্ত কৰিব পাৰে। তেনেস্থলত দন্ডুৰী কন্যাৰ ওপৰত যদি আপুনি হঠাৎ ক্ৰোধান্বিত হৈ পৰে, যদি তাইৰ ওপৰত অভিশাপ দিয়ে তেনেহ'লে…। [ ৭৩ ] এই চিন্তা আপুনি পৰিত্যাগ কৰক মুনিবৰ। মই প্ৰতিশ্ৰুতি দিছো মই আপোনাৰ কন্যাৰ সকলো দোষ ক্ষমা কৰিম। মই কোনো দিনে অভিশাপ নিদিও। মাত্ৰ আপুনি মোক কন্যা দান কৰক। দুৰ্বাসাৰ কথাত উৰ্বৰ মুনি নিৰূপায়ত পৰিল। কন্যাদান কৰিলে লোক নিন্দা হ’ব, নকৰিলে দুৰ্বাসাৰ কোপত পৰিব লাগিব। অভিশাপৰ ভয়ত উৰ্বৰ মুনি কন্যা দান কৰিম বুলি দুৰ্বাসাক বাক্যদান কৰিলে। যথা সময়ত ঋষি পত্নী সকল আহি উপস্থিত হ’ল। এক মাঙ্গলিক পৰিৱেশৰ মাজত দুৰ্বাসা কৌশুলীৰ বিবাহ সম্পন্ন হ’ল। কৌণ্ডলীক পত্নীৰূপে পাই দুৰ্বাসা মুনি নিজক বৰ সৌভাগ্যবান বুলি ভাবিবলৈ ধৰিলে। তপ, জপ, ধ্যানৰ প্ৰতি মুনিৰ মন নবহা হ’ল মাত্ৰ কৌণ্ডলীৰ সঙ্গ সুখত মুনি বিভোৰ হৈ থাকিল। লাহে লাহে কৌণ্ডলীৰ ব্যৱহাৰে মুনিক মোহভঙ্গ কৰিব ধৰিলে। প্ৰতি কথাত কৌণ্ডলীৰ লগত তৰ্ক- বিতৰ্ক হ’বলৈ ধৰিলে। লাহে লাহে কৌণ্ডলী আৰু মুনিৰ অন্তৰ কলহ চৰমসীমা পালে৷ এদিন ৰাতি পুৱাৰে পৰা মুনিৰ ক্ৰোধৰ অন্তৰ চৰম সীমা পাই আছিল। তেনে অৱস্থাত কৌশুলী মুনিৰ সন্মুখলৈ আহি মুনিক কতুকথা কবলৈ ধৰিলে। ভাৰ্য্যাৰ কথাত মুনি ধৈৰ্য্যচ্যুত হ'ল। পাহৰি গ'ল পূৰ্বৰ প্ৰতিশ্ৰুতি হিতাহিত জ্ঞান পাহৰি মুনি কমণ্ডলুৰ জল হাতত লৈ মন্ত্ৰপুত জল কৌণ্ডলীৰ শৰীৰত নিক্ষেপ কৰিলে। লগে লগে কৌণ্ডলী পুৰি চাই হৈ গ'ল। কৃত কৰ্মৰ কথা ভাবি মুনি ঠিয় হৈ ৰ'ল।

 তেনে সময়ত হাতত কেইটামান ফল লৈ উৰ্ব্বৰ মুনি জোৱাই দুৰ্ব্বাসাৰ ওচৰত উপস্থিত হ'ল। মা কৌণ্ডলী বুলি কেইবাবাৰো মাতি মাত নাপালে। উৰ্ব্বৰ মুনি সুধিলে কন্যা তেওঁৰ নদীৰ ঘাটলৈ গৈছে [ ৭৪ ] নেকি? মুখেৰে উত্তৰ নিদি হাতেৰে ভষ্মৰাখি দেখুৱাই বুজালে এইয়া তোমাৰ কন্যা।

 উৰ্ধ্বৰ মুনি বুজিবলৈ বাকী নাথাকিল৷ তেওঁ যি ভয় কৰিছিল সেইয়াই হ’ল। খংঙে দুখে উৰ্বৰ মুনি দুৰ্বাসাক কলে আজি মোক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰি যেনেদৰে মোৰ কন্যাক ভষ্ম কৰিছ আজি মই অভিশাপ দিলো তোৰ এই ব্ৰহ্মশাপৰ গৌৰৱে এদিন ভষ্ম হৈ যাব। শুন অহঙ্কৰী দুৰ্ব্বাসা এদিন হলেও আজিৰ এই একাদশী তিথিত তোৰ গৌৰৱ শেষ হৈ যাব। চকুলো টুকি উৰ্ব্বৰ মুনি আশ্ৰমলৈ গুচি গ’ল। চোৱা জৈমিনী পূৰ্বতে অশ্বনিধি দিয়া অভিশাপ কৌণ্ডলীৰ ৰূপতো প্ৰতিফলিত হ’ল। অৰ্থাৎ আশ্বনিধিৰ অভিশাপ পুৰুষৰ সঙ্গ ললে। তাৰ ফল বিষম হ’ব।

 চোৱা জৈমিনী ইয়াকেই বোলে ব্ৰহ্মবাক্য।


—অন্ত—


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।