পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

এই চিন্তা আপুনি পৰিত্যাগ কৰক মুনিবৰ। মই প্ৰতিশ্ৰুতি দিছো মই আপোনাৰ কন্যাৰ সকলো দোষ ক্ষমা কৰিম। মই কোনো দিনে অভিশাপ নিদিও। মাত্ৰ আপুনি মোক কন্যা দান কৰক। দুৰ্বাসাৰ কথাত উৰ্বৰ মুনি নিৰূপায়ত পৰিল। কন্যাদান কৰিলে লোক নিন্দা হ’ব, নকৰিলে দুৰ্বাসাৰ কোপত পৰিব লাগিব। অভিশাপৰ ভয়ত উৰ্বৰ মুনি কন্যা দান কৰিম বুলি দুৰ্বাসাক বাক্যদান কৰিলে। যথা সময়ত ঋষি পত্নী সকল আহি উপস্থিত হ’ল। এক মাঙ্গলিক পৰিৱেশৰ মাজত দুৰ্বাসা কৌশুলীৰ বিবাহ সম্পন্ন হ’ল। কৌণ্ডলীক পত্নীৰূপে পাই দুৰ্বাসা মুনি নিজক বৰ সৌভাগ্যবান বুলি ভাবিবলৈ ধৰিলে। তপ, জপ, ধ্যানৰ প্ৰতি মুনিৰ মন নবহা হ’ল মাত্ৰ কৌণ্ডলীৰ সঙ্গ সুখত মুনি বিভোৰ হৈ থাকিল। লাহে লাহে কৌণ্ডলীৰ ব্যৱহাৰে মুনিক মোহভঙ্গ কৰিব ধৰিলে। প্ৰতি কথাত কৌণ্ডলীৰ লগত তৰ্ক- বিতৰ্ক হ’বলৈ ধৰিলে। লাহে লাহে কৌণ্ডলী আৰু মুনিৰ অন্তৰ কলহ চৰমসীমা পালে৷ এদিন ৰাতি পুৱাৰে পৰা মুনিৰ ক্ৰোধৰ অন্তৰ চৰম সীমা পাই আছিল। তেনে অৱস্থাত কৌশুলী মুনিৰ সন্মুখলৈ আহি মুনিক কতুকথা কবলৈ ধৰিলে। ভাৰ্য্যাৰ কথাত মুনি ধৈৰ্য্যচ্যুত হ'ল। পাহৰি গ'ল পূৰ্বৰ প্ৰতিশ্ৰুতি হিতাহিত জ্ঞান পাহৰি মুনি কমণ্ডলুৰ জল হাতত লৈ মন্ত্ৰপুত জল কৌণ্ডলীৰ শৰীৰত নিক্ষেপ কৰিলে। লগে লগে কৌণ্ডলী পুৰি চাই হৈ গ'ল। কৃত কৰ্মৰ কথা ভাবি মুনি ঠিয় হৈ ৰ'ল।

 তেনে সময়ত হাতত কেইটামান ফল লৈ উৰ্ব্বৰ মুনি জোৱাই দুৰ্ব্বাসাৰ ওচৰত উপস্থিত হ'ল। মা কৌণ্ডলী বুলি কেইবাবাৰো মাতি মাত নাপালে। উৰ্ব্বৰ মুনি সুধিলে কন্যা তেওঁৰ নদীৰ ঘাটলৈ গৈছে