পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

যায়। এইদন মই ইয়াৰ প্ৰমাণ চাবলৈ অতি গোপনে সুজাতাৰ পিছে পিছে গৈ আছিলো। কিন্তু আচৰিত এই গভীৰ নিশা সুজাতাই গন্দকীৰ গভীৰ জলত স্নান কৰি উত্তৰ ফালে মুখ কৰি উদ্ধভুজ হৈ এখন ভৰীৰ ওপৰত শৰীৰৰ ভৰ দি যেন কাৰবাক তপস্যা কৰি আছে। মই দেখি আচৰিত হৈ মই কুতিৰলৈ উলতি আহিলো। কিছু সময়ৰ পিছত সুজাতা উলতি আহিল। মই সুজাতাক সুধিলো- সুজাতা তুমি মোক তোমাৰ প্ৰকৃত পৰিচয় দিয়া। সুজাতাই ক’লে- ঋষিবৰ মোৰ পৰিচয় পালে আপুনি মোক ত্যাগ কৰিব, তাক মই ভালদৰে জানো? হয়তো তাৰ বাবে আপুনি মোক অভিশপ্ত কৰিব, এইয়াও নিঃসন্দেহে সত্য তথাপি মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। হে গুৰুদেৱ মই এজনী চণ্ডাল কন্যা। এইয়াই মোৰ পৰিচয়। সংসাৰত মোৰ আন একো পৰিচয় নাই। মই শিয়ৰি উঠিলো, কি চন্দাল কন্যা, মই তেনেহ’লে চণ্ডাল কন্যাৰ হাতেৰে ত্ৰিমাসিক কাল অন্ন গ্ৰহণ কৰিছো। মোৰ ইমান দিনৰ তপ-জপ, ধ্যান-ধাৰণা সকলো অথলে গ’ল। মোহিনীৰ মায়াৰ বাবে জীৱন মোৰ অসাৰ্থক হ’ল। ইমান দিনে তোমাৰ পৰিচয় গোপন কৰি মোৰ যি সৰ্বনাশ কৰিলা তাৰ সমুচিত ফল আজি তুমি ভোগ কৰিব লাগিব। মোৰ জন্ম জন্মাগুৰুৰ কামনা-বাসনা সকলো তোমাৰ সান্নিধ্যত ধ্বংস হৈ গ’ল। শুনা দ্বিস্বাৰিনী নাৰী ইমানদিনে যিখন মুখেৰে তোমাৰ পৰিচয় ব্যক্ত কৰা নাছিলা সেই মুখ আজিৰ পৰা চিৰদিনৰ বাবে বাকৰুদ্ধ হৈ ৰ’ব। চকুৰ দৃষ্টি আজি মই চিৰদিনৰ বাবে কাঢ়ি লৈ যাম। আন কোনো পুৰুষৰ ওচৰলৈ গৈ যাতে কামনা চৰিতাৰ্থ কৰিব নোৱাৰা তাৰ বাবে তোমাৰ সো ভৰিখন পঙ্গু হওঁক। আজিৰ পৰা মই তোমাক ত্যাগ কৰিলোঁ।