সিহঁতৰ দীৰ্ঘায়ু কামনা কৰিম । আৰু যদি ভক্তিৰ বলত অমৰাৱতীৰ
ৰাজসিংহাসনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হয় মই সিহঁতক
নিৰ্মূল কৰি থৈ আহিম৷ দেৱৰাজ ইন্দ্ৰৰ কথাত মিচিকিয়া হাঁহি মাৰি
নাৰদ মুনিয়ে ক’লে হে দেৱৰাজ ইন্দ্ৰ কি ৰূপেৰে যাব মুনিৰ পুত্ৰক
পৰীক্ষা কৰিবলৈ৷ দেৱৰাজ ইন্দ্ৰই ক’লে হে দেৱৰ্ষি এয়া চাওঁক মই
ধাৰণ কৰিলো বৃদ্ধ পক্ষীৰ ৰূপ। এই ৰূপেৰে গৈ মই মুনিৰ পুত্ৰক
পৰীক্ষা কৰিম। ক্ষত-বিক্ষত দেহ, ভগ্ন পাখী, দেহৰ পৰা নিগৰি
থকা তেজৰ স্ৰোত, এই ৰূপৰ পক্ষী এটা হৈ দেৱৰাজ ইন্দ্ৰ শুক্ৰিশ
মুনিৰ আশ্ৰমৰ পদুলিত পৰি গুৰুদেৱ গুৰুদেৱ বুলি চিঞৰিবলৈ
ধৰিলে। সেই সময়ত মুনিৰ চাৰি পুত্ৰই পিতাকৰ পূজাৰ বাবে ফুল
তুলিবলৈ উদ্যানলৈ গৈছিল। পক্ষীৰ মাতত, গুৰুদেৱ গুৰুদেৱ বুলি
মতা শুনি শুক্রিশ মুনি বাহিৰলৈ ওলাই আহি আহত পক্ষীটোক
দেখি মুনিয়ে সুধিলে- হে পক্ষীৰাজ কোনে তোমাক এনেকুৱা অৱস্থা
কৰিলে কিয় তুমি এনেদৰে পদূলিত পৰি আছা। সেহাই সেহাই
পক্ষীটোৱে ক'লে- হে, গুৰুদেৱ এই বিন্ধাগিৰী পৰ্বতৰ উচ্চ শৃংগত
আছিল মোৰ বাহ, মই বৰ বৃদ্ধ, মই উৰি গৈ আহাৰ খাবলৈ মোৰ
দেহত শক্তি নাই। বেছিভাগ অনাহাৰে মই বাহত পৰি আছিলোঁ।
আজি আঠদিন আগৰ কথা ক'ৰবাৰ পৰা এটা প্ৰকাণ্ড পক্ষী আহি
মোৰ বাহৰ ওপৰেদি উৰি যাওঁতে তাৰ পাখীৰ স্রোতত মই বাহ
সহিতে উৰি গ'লো আৰু তাৰ যেতিয়া পাখীৰ স্রোত কমি আহিল
মই তললৈ সৰি শিলৰ ওপৰত পৰি গ'লো। এটাৰ পৰা আন এটা
শিলত পৰি পৰি ঠোঁট বেকা হ’ল, পাখি ভাঙি গ’ল, ভৰি এখন চিগি
১১