পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী


ঐশ্বৰিক শক্তিৰ সন্ধান। সংকল্পিত সকলো বিষয় বৈভৱ তোমালোকে লাভ কৰিবা। পিতৃৰ এই কথা শুনি শুক্ৰিশৰ চাৰি পুত্ৰ আনন্দত উৎফুল্লিত হৈ উঠিল। খাওতে শুৱোতে, উঠোতে বহোতে নদীৰ ঘাট, ফুলনিত ঋষিৰ চাৰি পুত্ৰৰ মন্ত্ৰধ্বনি চাৰিওঁফালে বৈ গ’ল। এই কথাখিনি যেন আকাশে বতাহে দূৰ-দূৰণিলৈ কঢ়িয়াই লৈ গ'ল। আকাশ মাৰ্গৰে এদিন নাৰদ মুনি বিচৰণ কৰি থকাৰ সময়ত চাৰি পুত্ৰৰ এই মন্ত্ৰধ্বনি শুনিবলৈ পালে। কৌতুহলি নাৰদে ভাবিলে প্ৰচাৰ হোৱা শুক্ৰিশ মুনিৰ চাৰিপুত্ৰৰ সিদ্ধী লাভৰ ভক্তিগীত আজি মই নিজ কানে শুনিবলৈ পালো। কন্দলৰ মহাৰাজা নাৰদ মুনি ইন্দ্ৰৰ ভূৱনলৈ গ'ল। নাৰদ মুনিক দেখা পায় দেৱতা সকলে আসনৰ পৰা থিয় হৈ নাৰদ মুনিক সেৱা জনালে৷

 ব্ৰাহ্মণং জগত তীৰ্থ, পবিত্ৰ পাপ নাশনং
 ভৌ দেৱ হৰনমে পাপ, অগ্ৰ জন্মে নমোহস্তুতে।

 হে দেৱৰ্ষি আসন গ্ৰহণ কৰক। দেৱ সমাজৰ বাতৰি যোগনিয়াৰ আপুনি কিবা ভাল সংবাদ আনিছে নেকি আমালৈ। নাৰদ মুনি তপৰাই মাত লগালে ভাল খবৰ নহয় দেৱৰাজ ইন্দ্ৰ। বৰ ভয় লগা দুঃসংবাদ। হয়তো খুব কম দিনৰ ভিতৰত অমৰাৱতীৰ ৰাজ সিংহাসনৰ পৰা আপুনি ক্ষমতাস্বুত হ'ব লাগিব। হাতযোৰকৈ দেৱৰাজ ইন্দ্ৰই নাৰদ মুনিক সুধিলে— হে দেৱৰ্ষি নাৰদ কাৰ বাবে কিয় মই ক্ষমতাস্বুত হ’ব লগা হৈছে। কোন দুষ্কৃতিকাৰীৰ আক্ৰমণৰ আগজাননী নে অসুৰ দানৱৰ অমৰাৱতী বিজয়ৰ বাবে কঠোৰ তপস্যাৰ আৰম্ভ। কিহৰ বাবে ইমান শংকা হে দেৱৰ্ষি। বাৰে বাৰে দেৱৰাজ ইন্দ্ৰ, দেৱ সমাজৰ আত্মগৌৰৱ, দেৱৰ দেৱত্ব ভূলণ্ঠিত হৈ দেৱতা নামেৰে জীয়াই