পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহুস ৰজা অজগৰ হৈছিল ব্ৰহ্মশাপত। সাগৰৰ জল লুনীয়া, অহল্যা শিলাকায়, উৰ্বশী শিলাষ্টম্ভ আটাইবোৰ ব্ৰহ্মশাপৰ কাৰণে সম্ভৱ হৈছিল। শুন গৰ্বিতা নাৰী তই আজিয়ে এই ৰূপ এৰি মত্য লোকলৈ যাব লাগিব। শ্ৰীকৃষ্ণৰ বাহন গৰুৰৰ বংশত তোৰ জন্ম হ’ব। তোৰ নাম হ’ব তাক্ষী। তোৰ যেতিয়া ষোল্ল বছৰ হ’ব অৰ্থাৎ আজিৰ পৰা ষোল বছৰ পিছত কুৰুক্ষেত্ৰ নামৰ ঠাইত, অহঙ্কাৰ পটনৰ বাবে এখন গৃহ যুদ্ধ আৰম্ভ হ’ব। এই যুদ্ধক্ষেত্ৰত ওঠৰ অক্ষৌহিনী সেনা তাত সমবেত হ’ব। এটা পক্ষ অৰ্থাৎ পাণ্ডবৰ পক্ষত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই মধ্যম পাণ্ডব অৰ্জুনৰ ৰথৰ সাৰথী হ’ব। এদিনাখনৰ যুদ্ধত কৌৰব পন্থী সেনাপতি বীৰ ভগদত্ত আৰু পাণ্ডব সেনাপতি অৰ্জুনৰ ঘোৰতৰ যুদ্ধ হ’ব। এই যুদ্ধত অৰ্জুনৰ বানত তোৰ মৃত্যু হ’ব আৰু সিদিনাই হ’ব তোৰ মুক্তি। কথাখিনি কৈ দুৰ্ব্বাসা মুনি গুচি গ’ল।

 বেলি দুবিবৰ সময়ত হঠাৎ বপুৰ নশ্বৰ দেহৰ পৰিসমাপ্তি ঘটি বপু এটা চৰাইলৈ ৰূপান্তৰিত হ’ল। দুখে বেজাৰে বপু উৰি উৰি মত্যলৈ গুচি গ’ল। দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন অতিবাহিত হৈ যায়। ঋতু সময় আহে নতুন ৰূপত, বিধিলিপী অখণ্ডনীয়। তাক্ষী এনেদৰে ঘূৰি ফুৰোতে হঠাৎ এদিন মণ্ডপাল মুনিৰ সৰু পুত্ৰ দ্ৰোণক লগ পালে আৰু দুয়ো এযোৰা হৈ সংসাৰ কৰিবলৈ ললে। ৰং-ধেমালীৰ মাজেৰে তাক্ষী ষোল বছৰত ভৰি দিলে। সেই সময়তে দ্ৰোণৰ ঔৰ্ষত তাক্ষী গৰ্ভৱতী হ’ল। সময় পাৰ হৈ তাক্ষী গৰ্ভধাৰণৰ পঞ্চম মাহত ভৰি দিলে। এদিন তাক্ষী দ্ৰোণক কলে স্বামী মই গৰ্ভৱতী নাৰী। এই অৱস্থাত গৰ্ভৱতী নাৰীয়ে কিছুমান বস্তু খাবলৈ বিচাৰে সেই মনে বিচৰা খাদ্য খাবলৈ পালে গৰ্ভিনী নাৰী বৰ তৃপ্তি অনুভৱ

২৩