পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী


 এইবাৰ আমি আলোচনা কৰিম পঞ্চ ৰিপুৰ আটাইতকৈ শ্ৰেষ্ঠ ৰিপু মায়া। জীৱৰ মুক্তিৰ দুৱাৰখন বন্ধ হৈ থাকে মায়াৰ বাবে। জীৱ জগতখনত মায়া অবিহনে সৃষ্টি নহয়। মায়া অবিহনে মুক্তি নহয়, মায়া অবিহনে বিস্তাৰ নহয়। কিন্তু মায়াৰ বাবে জীৱ শ্ৰেষ্ঠ মানুহৰ কষ্ট হয় সকলোতকৈ বেছি। এজন অন্ধ মানুহে যেনেকৈ মায়াৰ বৰ্ণনা দিব নোৱাৰে তেনেকৈ যোগাশনত চকু বন্ধ কৰি, ঈশ্বৰ চিন্তান নিমগ্ন থকা যোগী ঋষি সকলে বাহ্যিক মায়াত আৱদ্ধ নহয়। দৃষ্টিত মায়াৰ সঞ্চাৰ হোৱাতো নিবন্ধিয়। সেইবাবে মায়াক ত্যাগ কৰিব নোৱাৰিলে সাধনাত ব্যাঘাত জন্মে। এবাৰ ষোল হাজৰ যোগী ঋষি মায়াৰ বাবে ধ্যান তপস্যা কৰিব নোৱাৰা হৈছিল। শেষত এই ব্ৰাহ্মণ যোগী ঋষি সকলৰ ব্ৰহ্মত্ব ভুলণ্ঠিত হোৱা সময়ত ব্ৰহ্মাদেৱৰ গোপন নিৰ্দেশত মায়াৰ প্ৰৱেশহীন নৈমিশ কাননৰ জন্ম হৈছিল। জ্ঞানপ্ৰাপ্তি সাধনা সিদ্ধি কৰিবলৈ হ’লে মায়া, দৃষ্টি বৰ্জন কৰিব লাগিব কাৰণ আমাৰ চৰ্ম চক্ষুই মায়াৰ ৰূপত মোহিত হৈ জ্ঞান মাৰ্গক দূৰলৈ আঁতৰাই লৈ যায়। হে মহান তপস্যাই অকল মানুহক জ্ঞানেই প্ৰদান নকৰে তপস্যাৰ সিদ্ধি লাভে মানুহক দেবত্বলৈ ৰূপান্তৰিত কৰে। কিন্তু সেই তপস্যা হ’ব লাগিব জিতেন্দ্ৰিয়। বাকী অন্যান্য ৰিপুৰ সমাহাৰে ক্ৰোধ। ক্ৰোধ নামৰ ৰিপুই ব্যক্তি বিশেষে, কাম বিশেষে স্থান আৰু কাল বিশেষে তাৰ ৰূপৰ ভিন্ন ৰূপ প্ৰকাশ কৰে। শিশুৰ ক্ৰোধে মায়াক সঞ্চাৰ কৰি মাতৃক ওচৰ চপাই আনে। এই ক্ৰোধ কেৱল আহাৰ ৰিপুৰ পৰিবেশ্য। শিশুৰ অন্তৰত আন কোনো কাৰণত ক্ৰোধৰ সঞ্চাৰ নহয়। একমাত্ৰ আহাৰ ৰিপুৰ বাবেহে ক্ৰোধ প্ৰয়োগ কৰি মাতৃক আকৰ্শন কৰে।

আনফালে আমি ক’ব লাগিব ঋষি শ্ৰেষ্ঠ দুৰ্ব্বাসাৰ কথা। দেৱ সমাজে

৩১