পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

পুত্ৰসকলৰ আচৰণত পিতৃৰ হৃদয়ৰ পৰা ওলাই গ’ল এটি দুখৰ হুমুনিয়াহ। এনে জ্ঞানবান পুত্ৰ সকলক কেনেকৈ মই পক্ষীৰ আহাৰ কৰি আগবঢ়াই দিম। নিজকে সংযত কৰি মুনিয়ে ভাবিলে ধৰ্মতকৈ আন একো ডাঙৰ হ’ব নোৱাৰে, দানৰ তুলনা আন একোৰে লগত কৰিব নোৱাৰি। মই প্ৰতিজ্ঞা কৰি থৈছো। মই পক্ষীক আহাৰ দিবই লাগিব। ল’ৰা কেইটাৰ ফালে চায় মুনিয়ে ক’লে- হে বাচাহঁত আমাৰ দুৱাৰদলিত সেয়া কি দেখিছা। চাৰিও পুত্ৰই একে মুখে ক’লে পিতা আমি এটা বৃদ্ধ পক্ষী দেখিছো নহয়। বাচাহঁত বৃদ্ধ পক্ষী বুলি নকবা, তেওঁ আজি আমাৰ অতিথি। তেওঁক আহাৰ দিয়াৰ বাবে মই প্ৰতিশ্ৰুতি দান কৰিছো, তোমালোকে এই পক্ষীক আহাৰ দান কৰি মোক সত্যৰ পৰা উদ্ধাৰ কৰিব লাগিব। পুত্ৰ চাৰিজনে ক’লে-এটি সাধাৰণ পক্ষীয়ে আহাৰ গ্ৰহণ কৰিব তাৰ বাবে আপুনি ইমান চিন্তা কৰিছে পিতা। পক্ষীয়ে কি আহাৰ খাব, কি আহাৰ খালে সন্তুষ্ট হ’ব আমি এই মুহূৰ্তে আনি দিম। মুনিৰ মনে মনে গৌৰৱ অনুভৱ হ’ল, এয়াইতো প্ৰকৃত পুত্ৰ। পিতৃৰ বাক্য ৰক্ষাৰ বাবে পুত্ৰৰ এই ত্যাগ অতি প্ৰশংসনীয়। বাচাহঁত তোমালোকৰ কথাত মই বৰ আনন্দ পাইছো। তোমালোকৰ দৰে পুত্ৰ পাই মই বৰ গৌৰৱ অনুভৱ কৰিছো। দুৱাৰত মৃত্যুমুখী অতিথি তেওঁৰ ক্ষুধা, তৃষ্ণা দূৰ কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য। এতিয়া শুনা পক্ষীয়ে কি আহাৰ গ্ৰহণ কৰিব। শুনা পক্ষীয়ে মনুষ্যৰ কোমল মাংস আৰু তপত তেজ। তোমালোকে জানা বিন্ধাগিৰী পৰ্বতত আমাৰ ঘৰখনৰ বাহিৰে মানুহ পাবলৈ নাই। সেয়েহে মই পক্ষীৰ ওচৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি মোৰ চাৰিপুত্ৰ আগবাঢ়ি যোৱা