পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

যোগ্যপুত্ৰ যেন এক কালসৰ্পৰ মালাহে। ব্ৰহ্মাত্ব নিৰ্ণায়ক পুত্ৰ সমূহে। পৰশুৰামক খেদি ফুৰিছে জন্মক্ষণক ধিক্কাৰ দি। ভাগৰুৱা হৈ পৰিল পৰশুৰাম। পৰিশ্ৰান্ত পৰশুৰামে গছৰ চাত শুই পৰিল নিদ্ৰালশ ভাবে। গভীৰ নিদ্ৰাত কিমান সময় আছিল পৰশুৰামে নেজানে। নিদ্ৰাত কোনোবায় যেন তেওঁক কলে বিস্মৃতি, ককৰ্থনা, যন্ত্ৰণা, ত্ৰি সুদ্ধিৰ মিশ্ৰিত ফলেই মুক্তি গতিকে পৰশুৰাম তুমি উপলব্ধি কৰা লগতে তুমি মুক্তি প্ৰাপ্তিৰ বাবে চতুৰ্দশী ব্ৰত পালন কৰা। তোমাৰ মুক্তি প্ৰাপ্তিৰ বাবে বেচি দিন নাই। তোমাৰ পূৰ্বদিশত আছে এক দিব্য সৰোবৰ। এতিয়া তুমি তাক দেখা নাপাবা কাৰণ তুমি জ্ঞান অন্ধ হৈ আছা। অজ্ঞান আন্ধৰ দুৰ কৰাৰ বাবে পঞ্চম চতুৰ্দশী পালনৰ প্ৰাতকালত তোমাৰ জ্ঞান চকুই প্ৰাণ পাব। তেতিয়াহে তোমাৰ সৰোবৰ দৰ্শন হ’ব। দিপাক্ষা নামৰ এক গন্ধৰ্ব কন্যা উৰ্ব্বৰ মুনিৰ অভিশাপত সৰোবৰৰ ৰূপত অভিশপ্ত হৈ আছে। তোমাৰ পৰশত দিপাক্ষা আৰু দিপাক্ষাৰ স্পৰ্শত তোমাৰ পাপ মুক্ত হ’ব। দিপাক্ষাৰ আদেশত তোমাৰ হাতত পৰশু পুনৰ প্ৰহাৰ হ’ব আৰু এই জলধাৰাৰ নাম হ’ব পৰশুকুণ্ড। খণ্ডন হব তোমাৰ হস্তৰ বন্ধন। এই সৰোবৰ হ’ব নৰ ধামত এক পাপ মোচনৰ সঞ্জীৱনী। যিসকলে ক্ৰোধ, অজ্ঞানতাক বিসৰ্জন দি পূৰ্ণিমা তিথিত কুণ্ডৰ জলত স্নান কৰিলে জৰা, শোক, ব্যধি, নিবৃতিৰ আধাৰ হ’ব।

 পৰশু কুণ্ডত স্নান কৰোঁতে অপুত্ৰক সকলে ৰুদ্ৰাক্ষ বেলপাতেৰে বান্ধি কুণ্ডত নিক্ষেপ কৰোতে দিপাক্ষাৰ নামত জলকুণ্ড দিলে পুত্ৰ লাভ হ’ব। ক্ৰোধ, অজ্ঞানতা, বদান্যতা লোপপ্ৰাপ্তি হ’লে তত্ত্বজ্ঞান স্থিতি হয়। তত্ত্বজ্ঞানে শীৰ্ষজ্ঞান স্পৰ্শ কৰিলে মানুহ দেৱতুল্য