পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

সুজাতাই এটা নতুন জীৱন প্ৰাপ্ত হ’ল তেওঁৰ অতীত তেওঁ পাহৰি পেলালে। তেওঁ যে অশ্বনিধি ঋষিৰ দ্বাৰা অভিশপ্ত হৈ আছিল। সেইয়াও পাহৰি গ'ল। সুজাতাই অকলে অকলে অনাই বনাই ঘুৰি ফুৰিবলৈ ধৰিলে। এদিন সন্ধিয়া সময়ত তাই এটি দেৱীৰ মন্দিৰ দেখিবলৈ পালে। নিৰ্জন অৰণ্যৰ মাজত দেৱী মন্দিৰ, আনফালে হিংস্ৰ জন্তুৰ ভয়। মন্দিৰৰ চৌপাশে দেখিলে কতো কোনো নাই। ন্ধাৰ নামিল। কিন্তু এইয়া কি? জনপ্ৰাণী শুন্য মন্দিৰত অকাস্মতে ধূপ-ধূনা, চাকি জ্বলি উঠিল। শঙ্খ- ঘণ্টা উৰুলি আৰু কাৰবাৰ আৰতি কৰা পদ শব্দ সুজাতাই শুনিবলৈ পালে। কিন্তু কাকো কতো তাই নেদেখিলে। তাই আচৰিত হ’ল, তাই চকুৰে দেখা নাই নে এইয়া কোনো অদৃশ্য শক্তি। তাই মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে মন্দিৰত আঠুকাঢ়িঢ সেৱা জনালে। তাই যেতিয়া উঠিলে দেখা পালে পূৱ আকাশত সূৰ্য্যৰ কিৰণ। তাই নিশাৰ কথা ভাবি কিছু সময় বহি ৰ'ল। সুজাতাই অলপ আতৰত দেখিলে এটি কুৱা, তাই মুখখন ধুবলৈ বুলি তালৈ গ’ল কিন্তু কুৱাটোৰ ওচৰ পোৱাৰ লগে লগে কোনোবাই যেন কলে কুৱাত হাত নিদিবা। এইয়া মুখ ধুবলৈ পানী লোৱা এটা সোণৰ ঘটি সুজাতাৰ সন্মুখত শূন্যত ভাহি আছে। এইয়া তাই কি দেখিলে নে এইয়া কোনো যাদুকৰৰ দেশ। তাই ভয় ভয়কৈ ঘটিটো লৈ মুখখন ধুই ললে। তেনে অৱস্থাত আৰু কোনো নাৰীৰ কণ্ঠস্বৰ আহিল। পুৱাৰ আহাৰ গ্ৰহণ কৰিব আহা। সেই কথাৰ ওপৰত কোনোবাই যেন কলে নহয় নহয় তাই যোগিনী, স্নান অবিহনে তাইৰ ভোজন নিষিদ্ধ। আকৌ একে কন্ঠস্বৰ তোমাৰ বাবে স্নানাগাৰত দিব্য বস্ত্ৰ সাজু হৈ আছে, তুমি স্নান কৰি দিব্য বস্ত্ৰ পৰিধান কৰা।