পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

পক্ষীৰ ওচৰলৈ। তোমালোকৰ দেহৰ কোমল মাংসই হ’ব পক্ষীৰ ক্ষুধা নিবাৰণ আৰু উত্তপ্ত ৰক্তেৰে তৃষ্ণা দূৰ কৰি পক্ষীৰ অষ্টম দিনৰ ব্ৰত সমাপ্ত কৰিব। মুনিৰ কথা শুনি চাৰিপুত্ৰ চিঞৰি উঠিল। আপুনি কৈছে কি পিতা, এটা সাধাৰণ পক্ষীৰ কাৰণে আমাৰ নিজৰ জীৱন আমি বিসৰ্জন দিব নোৱাৰিম। মুনিয়ে ক’লে নহয় বাচাহঁত মই যে আহাৰ দিম বুলি পক্ষীৰ ওচৰত পূৰ্বতে প্ৰতিজ্ঞা কৰিছো। মই আহাৰ দিব নোৱাৰিলে মোৰ যে সত্য ধৰ্ম নষ্ট হৈ যাব। জ্যেষ্ঠ পুত্ৰই ক’লে পিতা ধৰ্মৰ উৎপত্তি কেনে ধৰণে হয় মই জানো। কৰ্মতকৈ ডাঙৰ কোনো ধৰ্ম নাই। কাৰোবাৰ জীৱন দানে কাৰোবাৰ তৃপ্তি সাধন এয়া কোনো ধৰ্ম হ’ব নোৱাৰে। আপুনি আন যি আদেশ কৰে আমি মানি ল’ম কিন্তু পক্ষীৰ আহাৰ হৈ আমাৰ নিজৰ জীৱন বিসৰ্জন দিব নোৱাৰো। পুত্ৰ সকলৰ কথাত মুনি ক্ৰোধত জ্বলি উঠিল। কি তেনেহ’লে ইমান দিনে মই গাখীৰ খোৱাই সাপ পুহি আছিলো। জগতত প্ৰচাৰ হৈছিল শুক্ৰিষ মুনিৰ চাৰিপুত্ৰ পৰম পিতৃ ভক্ত। পিতৃৰ বাবে অদ্বেয় একো নাই কিন্তু আজি তহঁতে প্ৰমাণ কৰি দিলে তহঁত পিতৃভক্ত নহয়। তহঁত ভন্দ। তহঁতৰ দৰে কুপুত্ৰৰ পিতা হোৱাতকৈ মই নিঃবংশ হোৱাই ভাল। যিহেতুকে পুত্ৰ হৈ পিতৃ বাক্য পালন নকৰিলি আজি মই তহঁতক অভিশাপ দিম আজি মোৰ আশ্ৰমৰ দুৱাৰদলিত মৃত্যুমুখী পক্ষীৰূপী অতিথি যেনেদৰে যম ঘৰলৈ যাব ওলাইছে, তহঁতেও এনেকুৱাকৈ ডালে ডালে বগাই ফুৰা পক্ষীৰূপে জন্ম গ্ৰহণ কৰিবি। অভিশাপ পায় চাৰি পুত্ৰই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পক্ষীৰূপী ইন্দ্ৰই মুনিৰ ফালে চায় ক’লে হে গুৰুদেৱ যদি