পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

আছোঁ। শুম্ভ-নিশুম্ভ, মহিষাসুৰ, নমৰাসুৰ, ৰক্তবীজ আদিৰ দৰে অসুৰৰ হাতত বাৰে বাৰে বহুত নিকাৰ ভূঞ্জিছো এইবাৰ কোন দৈত্য-দানৱ, নে ৰজা-মহাৰজাই যুদ্ধ যাত্ৰা কৰিলে দেৱৰ্ষি। নাৰদে ক’লে- হে দেৱৰাজ ইন্দ্ৰ আপুনি মনত ভবা কথাবোৰৰ বিষয়ে মই ক’ব খোজা নাই আৰু কোনোবাই যুদ্ধ যাত্ৰা কৰাৰ সংবাদো দিবলৈ অনা নাই। এইবাৰ ভয়ৰ কাৰণ মই বুজাই কওঁ শুনক মৰ্ত্যত শুক্ৰিশ নামৰ মুনি এজনৰ চাৰিটা পুত্ৰ এনেকুৱা ধৰ্মজ্ঞানী আৰু পিতৃ পূজক হৈ উঠিছে সিহঁতৰ মন্ত্ৰৰ প্ৰভাৱত হয়তো এদিন আপুনি অৰমাৱতীৰ ৰাজসিংহাসন হেৰুৱাব লাগিব। অদ্বিতীয় এই চাৰিপুত্ৰ পিতৃ ভক্তিৰ তুলনাহীন আদৰ্শ। যদি আপোনাৰ মংগল চায় বিষগছৰ গুটি, ঠাল-ঠেঙুলি নধৰোতে ইয়াক শেষ কৰিব লাগিব। অন্যথা অমৰাৱতী ৰাজসিংহাসন মুনিৰ পুত্ৰগণে কাঢ়ি নিয়াতো সত্য। নাৰদৰ কথাত দেৱৰাজ ইন্দ্ৰই ভয়ভাবে ক’লে- হে দেৱৰ্ষি আপুনি দেৱ সমাজৰ পৰিত্ৰাতা। দেৱতাসকলৰ এই ঘোৰ বিপদৰ সময়ত আপুনি আমাক উপদেশ দান কৰক। দেৱৰাজ ইন্দ্ৰৰ কাতৰ প্ৰাৰ্থনাত দেৱৰ্ষি নাৰদে দেৱৰাজ ইন্দ্ৰক ক’লে- হে দেৱৰাজ ইন্দ্ৰ যদি অমৰাৱতী ৰাজসিংহাসন নিষ্কণ্টক কৰিব খোজা তেনেহ’লে যেনেকৈ পাৰা অতি সোনকালে মুনিৰ পুত্ৰ সকলক বধ কৰিব লাগিব। তেওঁলোকৰ অন্তৰত থকা সিদ্ধ মন্ত্ৰৰ বাবে সিহঁতৰ মন্ত্ৰ ধ্বংস কৰাতো সম্ভৱ নহয় সেয়েহে সিহঁতক বধ কৰাৰ বাহিৰে মই আন উপদেশ দিব নোৱাৰিম। দেৱৰাজ ইন্দ্ৰই ক’লে- হে দেৱৰ্ষি মই এই মুহূৰ্তে মৰ্ত্য লোকলৈ যাত্ৰা কৰিম আৰু যদি সিহঁতে প্ৰকৃতকে পিতৃ ভক্ত হয় মই দুয়োহাত ওপৰলৈ তুলি