পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

চান্দকে ভাতৃ সকলক বিচাৰি বিচাৰি অনাই বনাই ঘুৰি ঘুৰি সিদিনা বৌধিক মিত্ৰৰ আশ্ৰমত উপস্থিত হ’ল। মুনি অশ্বনিধি স্নান, তৰ্পন কৰি সন্ধ্যা পূজা সম্পন্ন কৰি ভোজনৰ বাবে আসনত বহিল। শিষ্যসকলে যিমান পাৰে মুনিক সন্তুষ্ট কৰিবলৈ পাৰ্য্য মানে চেষ্টা কৰিছে। মুনি অশ্বনিধি আসনত বহি বৌধিমিত্ৰক ক’লে- হে পণ্ডিত দুয়োজনে একেলগে ভোগ গ্ৰহণ কৰে। পণ্ডিতে ক’লে নহয় গুৰুদেৱ আপোনাৰ ভোজনৰ অন্তত আমি ভোজন কৰিম। হাত-মুখ ধুই ভোজনলৈ সাজু হোৱা মুহূৰ্তত ৰাহ্মণ কন্যৰূপি বিপাশে অন্নৰ থাল আনি মুনিৰ আগত দিলে। পিছে পিছ শৈৱিক। শৈৱিকক দেখা পাই তেওঁলোকৰ কনিষ্ঠ ভাতৃ চান্দকে দাদা দাদা বুলি চিঞৰি উঠিল। চান্দকৰ মাত শুনি শৈৱিক, কন্যাৰূপি বিপাশ আৰু কৌশত দৌৰি আহি চান্দকক সাৱতি ধৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ বিপাশৰ কন্যা ৰূপ ধাৰণ কৰা বস্ত্ৰ অকাস্মতে সুলকি পৰিল। মুনি অশ্বনিধি ক্ৰোধত জ্বলি উঠিল। পণ্ডিত বৌধিমিত্ৰ এইয়া তুমি কি কৰ্ম কৰিছা বালকক বালিকা সজাইছা। তুমি মোক প্ৰতাৰণা কৰিছা। দেখিলা সত্যক কেতিয়াও গোপন কৰিব নোৱাৰি। তুমি পণ্ডিত মোৰ ত্ৰিমাশিক ব্ৰত ভঙ্গ কৰিলা। ইয়াৰ ফল কি হ’ব জানা। মই বাৰ বছৰ কোনো যজ্ঞত আহুতি দিব নোৱাৰিম। বাৰ বছৰৰ বাবে মোৰ হবিশ্বান্ন নিষিদ্ধ হ’ল। তুমি কি কাম কৰিলা পণ্ডিত। মোৰ জীৱনৰ বাবে ইমান ডাঙৰ অন্যায় তুমি কিয় কৰিলা? মুনিৰ চৰণত ধৰি পণ্ডিত বৌধিমিত্ৰই কান্দি কান্দি ক’লৈ- হে গুৰুদেৱ মই প্ৰতিজ্ঞাবদ্ধ মই কোনেদিনে নাৰীৰ সঙ্গ গ্ৰহণ নকৰো। মোৰ আশ্ৰমত নাৰীৰ প্ৰৱেশ নিষেধ। কোনো নাৰীক মই আশ্ৰমত প্ৰৱেশ কৰিবলৈ নিদিও। আপুনি যেতিয়া ব্ৰাহ্মণ কন্যাৰ

৪৮