পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী


 সুজাতাই কলে ঋষিবৰ আপোনাৰ চলনাৰ বলী হৈ চণ্ডাল কা কন্যাই যি ভুল কৰিলে এইয়া মোৰ প্ৰাপ্য। যোৱাৰ আগতে মোৰ কথাখিনি এবাৰ ভালদৰে শুনি যাওঁক। মই আপোনাক কোনোদিনে প্ৰেম নিবেদন কৰা নাছিলোঁ, কেৱল আপুনি মোৰ দেহৰ মঙহৰ সোৱাদ লবলৈ মোৰ অকুমাৰী নাৰীৰ সতিত্ব আপুনি লুণ্ঠন কৰিছে। ইহকাল- পৰকাল এই পাপৰ পৰা আপুনি মুক্তি নেপাব, আৰু শুনক যাক আপুনি চণ্ডাল কন্যা বুলি তুষ্যজ্ঞান কৰিছে সেই কন্যা সুজাতা সিদ্ধ যোগিনী। আজি মই আপোনাক অভিশপ্ত কৰিম যি গৌৰৱত আপুনি মোক অভিশাপ দিছে সেই গৌৰৱ আপোনাৰ ভুলুণ্ঠিত হ’ব।

 দেৱতা বা ঋষি সমাজে কোনোদিনে আপোনাক সন্মান নকৰিব। যাগ-যজ্ঞত আপোনাৰ বাবে আসন নাথাকিব। আপুনি এদিন নিজক মৃতবৎ অনুভৱ কৰিব। অশ্বনিধি শোকত ভাঙি পৰিল পৈনত বয়সত সংসাৰ নকৰিলো। ঈশ্বৰ চিন্তাই জীৱনৰ সাৰবস্তু বুলি যোগ ধ্যানত মনোনিৱেশ কৰি, কিন্তু আজি সকলো ওলট-পালট হৈ গ’ল। দুহাতযুৰি অশ্বনিধি সুজাতাক ক’লে হে সুজাতা তিনিমাহ দিনে ৰাতি তোমাৰ সঙ্গত থাকিও মই তোমাক চিনি নেপালো মই জীৱনত ডাঙৰ ভুল কৰিলো, মোক তুমি ক্ষমা কৰি দিয়া। মোৰ জীৱনৰ ব্ৰত আছিল মই ত্ৰিকালজ্ঞ হম জীৱনে মৰণে এইয়া আছিল মোৰ পন। এতিয়া কোৱা যোগিনী মোৰ এই কল্পনা পূৰ্ণ কৰাৰ বাবে কি পথ গ্ৰহণ কৰিম। শুনা ঋষি অশ্বনিধি তুমি হিমালয়লৈ যোৱা, হিমালয়ৰ এক অন্ধকুপত এহেজাৰ বছৰ তুমি এই পাপ খণ্ডনৰ বাবে তপস্যা কৰিব লাগিব। এহেজাৰ বছৰ পিছত নৱৰাত্ৰী দেৱী কাত্যায়নীৰ পূজা কৰিব লাগিব। তেতিয়া তোমাৰ এই পাপ খণ্ডন হ’ব। দেৱী