পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

সকলৰ দুখ-দুৰ্গতিৰ কথা শুনি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ক্ৰোধত তেওঁলোকৰ দেহৰ তেজ আৰু আন আন বহু দেৱতাৰ তেজ মিলি দেৱী দুৰ্গাৰ জন্ম হ’ল। এই দেৱীক প্ৰথমতে মহৰ্ষি কাত্যায়নে পূজা প্ৰাৰ্থনা কৰিছিল। সেইবাবে দেৱীৰ নৱৰূপৰ ষষ্ঠ ৰূপক মহৰ্ষি কাত্যায়নৰ নামে দেৱী কাত্যায়নী বোলে। আহিন মাহৰ কৃষ্ণা চতুৰ্দশীত দেৱী জন্ম গ্ৰহণ কৰে। শুক্লাসপ্তমী, অষ্টমী আৰু নৱমী ত্ব এই তিনিদিন দেৱী কাত্যায়নী মহৰ্ষি কাত্যায়নৰ পূজা গ্ৰহণ কৰে আৰু দশমীত দেৱী মহিষা অসুৰক বধ কৰে। দেৱী কাত্যায়নীৰ গাৰ বৰণ সোণৰ দৰে উজ্বল, হাত চাৰিখন, সোঁফালৰ ওপৰৰ হাতখনে অভয় মুদ্ৰা, তলৰ হাতখনেৰে বৰমুদ্ৰা, বাওঁফালৰ ওপৰৰ হাতত তৰোৱাল, তলৰ হাতত পদ্ম, পুষ্প শোভা কৰি আছে। দেৱীৰ বাহন সিংহ। এই দেৱী মহামায়া জগতৰ ধৰ্ম, কাম, অৰ্থ, মোক্ষ্যৰ ফল দাতা। এই দেৱীৰ দয়াত মোৰ মনোবাসনা পূৰ্ণ হ’ল। মই এই মহাদেৱীৰ বৰত ত্ৰিকালজ্ঞ জ্ঞানৰ দৰে মহা জ্ঞান লাভ কৰিব পাৰিছোঁ। জৈমিনী তোমাৰ মনৰ কৌতুহল দূৰ কৰাৰ বাবে আমাৰ পূৰ্বজন্মৰ মানব হিচাবে জন্ম গ্ৰহণ কৰা দুটা জনমৰ কথা মই তোমাক বুজাই কলো। তুমি নিশ্চয় আচৰিত হৈছা।

 হয় গুৰুদেৱ, আপোনাৰ পূৰ্বজন্মৰ বিৱৰণে মোৰ মনত, সৎ সাহস আৰু ধৈৰ্য্যৰ প্ৰেৰণা লাভ কৰিছো। কিন্তু এটা কথা নুবুজিলো গুৰুদেৱ আপোনালোকৰ জ্যেষ্ঠ ভগ্নী সুজাতা ক’ত থাকিল, কলৈ গ'ল। সেই কথাষাৰ বিশেষভাৱে উল্লেখ কৰা নহ'ল। অনুগ্ৰহ কৰি দেৱীৰ বিষয়ে কিছু জ্ঞান দান কৰিবনে গুৰুদেৱ। ধৰ্মপক্ষী সমুখে ক’লে হে ঋষিবৰ তোমাৰ মনৰ এই সন্দেহো মই দুৰ কৰিম। যেতিয়া