পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

দিয়া নহ'ল। মধ্যম পাণ্ডৱ অৰ্জুনে সয়ম্বৰৰ বান্ধি দিয়া ৰিতি অনুসৰি পনভঙ্গ কৰি সুযোগ্য কন্যা দ্ৰুপদ নন্দিনীক লাভ কৰিলে। আনন্দত ভৰি উঠিল দ্ৰুপদ ৰজাৰ মন। যোগ্য বীৰৰ হাতত নিজ কন্যাক অৰ্পণ কৰিবলৈ পাই। ৰজাই যেন হাততে স্বৰ্গ ঢুকি পালে। দ্ৰৌপদী যেতিয়া জানিছিল ইতিহাসে ঢুকি নপোৱা অন্য এক কিৰল বিৰল কাহিনীৰ তাই নায়িকা হৈ পৰিছিল। অৰ্থাৎ এক স্বামী এক স্ত্ৰীৰ পৰিৱৰ্ত্তে পাৰ্থবীৰৰ লগতে লাভ কৰিছিল আন চাৰিজন স্বামী। এইয়াও দ্ৰৌপদীৰ সপোনে ঢুকি নপোৱা অজ্ঞতা। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণবীৰৰ পৰাক্ৰম দুৰ্দমনিয় শক্তি দেখি পুনৰ মুগ্ধ হৈছিল দ্ৰৌপদী। বিবাহিত নাৰী পৰৰ পতিৰ প্ৰতি আসক্ত হ’ল। যি মহাপাপৰ সঞ্চাৰ হয় তাৰ প্ৰতিও দ্ৰৌপদী অজ্ঞ আছিল।

 এই অজ্ঞানতাৰ বাবে দ্ৰৌপদী পাপ বৰ্জিত হ’ব নোৱাৰিলে। স্বৰ্গ যাত্ৰাতো দ্ৰৌপদীৰ বিঘিনি ঘটিল।

 হয় গুৰুদেৱ এই অজ্ঞানতাৰ এন্ধাৰৰ পৰা মানুহ মুক্ত হ’লে পাপ গধুৰ জীৱনৰ কিছু পাপ আঁতৰি যাব। জীৱে মুক্তিৰ পথ অনুধাবন কৰিব পৰিব। হয় জৈমিনী কথাষাৰ সত্য কিন্তু বৰ কঠিন। জ্ঞানৰ পোহৰ পাবলৈ প্ৰথমে অজ্ঞানতাৰ এন্ধাৰ আঁতৰাব লাগিব তেতিয়াহে জ্ঞানৰ পোহৰ উদ্ভাসিত হ’ব।

তত্ত্ব

 কৰ্মৰ আভ্যন্তৰিণ গভীৰতম্ তাৎপৰ্য। তাতপৰ্যই তত্ত্ব। বিধিলিপি বা কৰ্মৰ ফল দৰ্শনে জনমানস বা সমাজৰ সৎ পথৰ সন্ধান পৰিবাহক স্ৰষ্টা। এটা কথা তুমি জানা জৈমিনী প্ৰতিজনে প্ৰতিজনৰ পুজক। ব্ৰহ্মা, হৰি, হৰৰ অভিন্ন হৃদয়, ক্ৰোধ আৰু অজ্ঞানতাৰ

৩৮