পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

কৰি নিশাতো গছৰ তলত কটালে। পিছদিনাখন মুনি নিজ হাতে এটি সৰু পঁজা নিৰ্মাণ কৰি তাতে তেওঁলোকে বসবাস কৰি থাকিল দিনবোৰ অতিবাহিত হৈ যায়। দিন যায় ৰাতি আহে, বাৰিষা গ’ল, খৰালি পৰে, অমাৱশ্যাৰ এন্ধাৰৰ ঠাইত পূৰ্ণিমাৰ স্নিগ্ধ জোনাক উপভোগ্য হয়। শুক্ৰিশ মুনিৰ ক্ৰমে চাৰিটা সন্তান জন্ম পালে৷ মুনি এদিন মনে মনে ভাৱে পুত্ৰ-কন্যা জন্ম দিলে পিতৃ-মাতৃৰ কৰ্তব্য শেষ নহয়, সামায়িকভাৱে শিক্ষা-দীক্ষা দান কৰি সন্তানক নিপুণ শৈলীত গঢ় দিব পাৰিলে সেই পিতৃ-মাতৃৰ সফল পিতৃ-মাতৃ হ'ব পাৰে আৰু পিতৃত্বৰ দাবীদাৰ হ’ব পাৰে।

 এই বিন্ধ্যাগিৰী পৰ্বতত কোনো ধৰণৰ শিক্ষাৰ অনুষ্ঠান নাই। মই ইহঁতক কেনেদৰে কি শিক্ষা দান কৰিম, নহয় শিক্ষা দিব নোৱাৰিলেও ধৰ্ম আৰু নীতি জ্ঞান মোৰ হৃদয়ত থকা পঢ়াশালিৰ শিক্ষাই ইহঁতক মই দান কৰিম। এদিনাখন শুক্ৰিশ মুনিয়ে ল’ৰা চাৰিজনক তেওঁৰ ওচৰলৈ মাতি আনি কুশাসনত বহিবলৈ দি ক'লে— “হে বাচাহঁত শিক্ষা অনুষ্ঠানৰ অভাৱত মই তোমালোকক শিক্ষা দান কৰিব নোৱাৰিলো কিন্তু আজি মই তোমালোকৰ পিতৃ হিচাপে তোমালোকক এটি কালজয় সৰ্বসিদ্ধী মন্ত্ৰৰ দীক্ষা দিম যি মন্ত্ৰৰ প্ৰভাৱত তোমালোকে অসাদ্ধ্য সাধন কৰিব পাৰিবা। সৰ্বোতপ্ৰকাৰ সিদ্ধী লাভ কৰিব পাৰিবা’ একান্ত মনে মন্ত্ৰষাৰ তোমালোকে আয়ত্ব কৰা-

 “পিতা স্বৰ্গ পিতা ধৰ্ম / পিতাহি পৰমম তপঃ
 পিতোৰি পিতৃমাপন্নে / প্ৰিয়ন্তে সৰ্বদেৱতা।”

 বাচাহঁত এই কালজয়, যুগজয় মন্ত্ৰয়ে দিব তোমালোকক